Logo
image

পেৰিছ অলিম্পিকলৈ ভাৰতৰ প্ৰস্তুতি আৰু ক্ৰীড়া বাজেট

২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতে পাইছিল মুঠতে সাতটা পদক, য’ত আছিল এটা স্বৰ্ণপদকৰ লগতে দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ অলিম্পিকত এয়া আছিল ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহখনত ভাৰতে এতিয়ালৈকে লাভ কৰিছে মুঠতে দহটা স্বৰ্ণপদকৰ লগতে ৯টা ৰূপ আৰু ১৬টা ব্ৰঞ্জৰ পদক৷ অলিম্পিকত ভাৰতে লাভ কৰা দহটা স্বৰ্ণপদকৰ ভিতৰত আঠটা আহিছে হকীত৷ তাৰ বিপৰীতে ব্যক্তিগত ইভেণ্টত ভাৰতলৈ আহিছে কেৱল দুটা স্বৰ্ণপদক৷ ২০০৮ চনৰ বেইজিং অলিম্পিকত শ্বুটাৰ অভিনৱ বিন্দ্ৰাই স্বৰ্ণপদক জয় কৰাৰ পাছত ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ পুৰুষৰ জেভেলিন থ্ৰ’ৰ শীৰ্ষস্থানত আছিল নীৰজ চোপ্ৰা৷ প্ৰায় ১৫০ কোটি জনসংখ্যাৰ দেশ ভাৰত অলিম্পিকত অধিক পদক অৰ্জন কৰিবলৈ সক্ষম নহয় কিয়? ক্ৰীড়া বিশেষজ্ঞসকলৰ ধাৰণা, অলিম্পিকৰ বাবে দল প্ৰস্তুতিৰ বাবে ভাৰতত দীৰ্ঘম্যাদী পৰিকল্পনা লোৱা নহয়৷ কিন্তু শেহতীয়াভাৱে ক্ৰিকেটৰ বাহিৰেও অলিম্পিক ইভেণ্টবোৰতো ভাৰতীয় খেলুৱৈয়ে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে৷ টকিঅ’ অলিম্পিকৰ এথলেটিকছত নীৰজ চোপ্ৰাই স্বৰ্ণপদক লাভ কৰাটো তাৰেই প্ৰমাণ৷ নীৰজৰ পূৰ্বে অলিম্পিকৰ এথলেটিকছত ভাৰতৰ কোনো খেলুৱৈয়ে স্বৰ্ণপদক জয় কৰিবলৈ সক্ষম হোৱা নাছিল৷ চলিত বৰ্ষৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ চলিব পেৰিছ অলিম্পিক৷ পেৰিছ অলিম্পিকত টকিঅ’ৰ তুলনাত অধিক পদক লাভ কৰিব পৰা যাব বুুলি আশাবাদী ভাৰতীয় অলিম্পিক সন্থা৷ তেনে লক্ষ্যৰেই ইতিমধ্যে ভাৰতৰ প্ৰস্তুতিও আৰম্ভ হৈছে৷ পেৰিছ অলিম্পিকলৈ লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা অন্তৰ্ৱৰ্তীকালীন বাজেটত ক্ৰীড়াৰ নামত আবণ্টিত ধন যোৱাবাৰৰ তুলনাত ৪৫.৩৬ কোটি টকা বৃদ্ধি কৰা হৈছে৷ ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু বিভিন্ন ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্বনৰ নামত আবণ্টিত ধনো বৃদ্ধি কৰা হৈছে৷ অলিম্পিকত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হয়৷ এইসকল খেলুৱৈৰ সৈতে ফেৰ মাৰিবলৈ হ’লে সেই পৰ্যায়ৰ প্ৰতিযোগিতাত খেলাৰ অভিজ্ঞতা থাকিব লাগিব, লগতে লাগিব উচ্ছমানৰ প্ৰশিক্ষণ৷ যিকেইটা ইভেণ্টত ভাৰতীয় খেলুৱৈৰ পদক লাভৰ সম্ভাৱনা থাকে, সেই ইভেণ্টকেইটা বাছি লৈ খেলুৱৈসকলৰ বাবে উপযুক্ত সা-সুবিধাৰ ব্যৱস্থা কৰিবপাৰিলে সুফল নোপোৱাৰ কাৰণ নাই৷
এটা কথা স্বীকাৰ কৰিব লাগিব যে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতীয় খেলুৱৈৰ প্ৰদৰ্শন ক্ৰমাৎ উন্নত হৈছে৷ ক্ৰিকেটেই যিখন দেশৰ সৰ্বাধিক জনপ্ৰিয় খেল, সেই দেশখনৰ ক্ৰীড়াপ্ৰেমীৰ মাজত এতিয়া আন খেলৰ প্ৰতিও আগ্ৰহ বৃদ্ধি পাইছে৷ নিঃসন্দেহে এয়া উৎসাহৰ বিষয়৷ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ হ’লে চৰকাৰৰ লগতে ক্ৰীড়া ফেডাৰেশ্বনবোৰৰো স্বাৰ্থহীনভাৱে কাম কৰাৰ মনোভাব থাকিব লাগিব৷ উল্লেখ্য, চীনৰ হেংঝাউত অনুষ্ঠিত ২০২২ চনৰ এছিয়ান গেমছত ভাৰতে লাভ কৰিছিল মুঠতে ১০৭টা পদক৷ প্ৰথমবাৰৰ বাবে এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা এশৰ অধিক হৈছিল৷ হেংঝাউত ভাৰতৰ এই প্ৰদৰ্শনৰ পাছত অলিম্পিকতো পদকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে৷ পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সম্ভাৱনা থকা ইভেণ্টকেইটা হৈছে এথলেটিকছ, বেডমিণ্টন, বক্সিং,  ভাৰোত্তোলন আৰু মল্লযুঁজ৷ টকিঅ’ অলিম্পিকৰ সফলতাৰ ধাৰা অব্যাহত ৰাখি পেৰিছ অলিম্পিকত ভাৰতৰ পদকৰ সংখ্যা দহৰ অধিক হওক– এই আশাতে থাকিব দেশখনৰ ক্ৰীড়াপ্ৰেমী৷