Logo
image

ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে নিমপাতৰ ৰস খাওক

ডায়েবেটিছ  নিয়ন্ত্ৰণ কৰাটো অতি কঠিন৷ কিন্তু নিমপাতৰ ৰস কেইদিনমান নিয়মীয়াকৈ খালে ডায়েবেটিছ নিয়ন্ত্ৰণত থাকে৷ নিমপাতত থকা ডায়েবেটিছ প্ৰতিৰোধী গুণে ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে৷  
নিমপাতৰ ৰস কেনেকৈ খাবঃ
- কেইটামান নিমপাত পানীত উতলাই লৈ অলপ ঠাণ্ডা হোৱাৰ পাছত চেকনিৰে চেকি সেই ৰসখিনি খালী পেটতে খোৱাৰ অভ্যাস কৰক৷  এইদৰে কেইদিনমান খালে  তেজত ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ 
- ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে কেইটামান পাত থেতেলিয়াই লৈ সেই পাতৰ কেঁচা ৰস খালেও ছুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থকাৰ লগতে বহু ৰোগ নিৰাময় হয়৷ 
- ডায়েবেটিছ নিয়ন্ত্ৰণত ৰখাত নিমপাতৰ ৰসে সহায় কৰাৰ উপৰি নিমপাতৰ ৰস খালে মেলেৰিয়া ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ 
- নিম গছৰ কোমল ঠাৰিৰে দাঁত ঘঁহিলে দাঁত ভালে থকাৰ উপৰি পায়েৰিয়া ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি৷ 
- নিমপাতৰ ৰস নিয়মীয়াকৈ খালে বিভিন্ন ৰোগৰ পৰা যকৃতক ভালে ৰাখিব পাৰি৷