Logo
image

দুৰ্ঘটনাতেই মৃত্যু হৈছিল জোনমণিৰ, মানিব নোৱাৰোঁ তদন্তৰ তথ্যঃ জোনমণিৰ মাতৃ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ ফেব্ৰুৱাৰীঃ অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আয়ে৷ অসম আৰক্ষীৰ লেডী ডন হিচাপে পৰিচিত নগাঁৱৰ এছআই জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা কোনো হত্যাকাণ্ড নহয়, ই পথ দুৰ্ঘটনা আছিল বুলিহে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা অৰ্থাৎ চিবিআয়ে প্ৰতিবেদন দাখিল কৰিছে আদালতত৷ বিগত বৰ্ষৰ ১৫ মে’ৰ মাজ নিশা জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰহস্যজনক দুৰ্ঘটনাত মৃত অৱস্থাত জোনমণি ৰাভাক উদ্ধা কৰা হৈছিল যদিও জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাই ইয়াক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল৷ আনকি কন্যাৰ হত্যাকাণ্ডৰ বাবে নগাঁৱৰ তদন্তকাৰী আৰক্ষী অধীক্ষক লীনা দলে, এএছপি ত্ৰিদিপ কুম্বাং, এছআই আভাজ্যোতি ৰাভা, ধিং থানাৰ অ’চি ৰাজা ঈৰশ্বাদকে ধৰি কেইবাজনো আৰক্ষী বিষয়াৰ বিষয়া জড়িত থকাৰ অভিযোগ কৰি এজাহাৰো দাখিল কৰিছিল জোনমণিৰ দুৰ্ভগীয়া মাতৃয়ে৷ এই ঘটনাৰ প্ৰথমে চিআইডিয়ে তদন্ত আৰম্ভ কৰিছিল যদিও জোনমণিৰ ৰহস্যজনক মৃত্যুৰ সৈতে একাংশ শীৰ্ষ আৰক্ষী বিষয়াৰ নাম সাঙোৰ খোৱাৰ লগতে নকল সোণ আৰু জাল নোট চক্ৰৰ নেক্সছ পোহৰলৈ অহাত সৰ্বত্ৰ চিবিআইৰ তদন্তৰ দাবী উঠে৷ ৰাইজৰ এই দাবীৰ পাছতেই জোনমণিৰ মৃত্যু আৰু নগাঁও-লখিমপুৰৰ নকল সোণ তথা জালনোট সম্পৰ্কীয় চাৰিওটা গোচৰৰ তদন্তৰ ভাৰ চিবিআইলৈ হস্তান্তৰ কৰে গৃহ বিভাগে৷ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে বিগত প্ৰায় ৬মাহৰো অধিক সময় তদন্তৰ অন্তত মঙলবাৰে নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চূড়ান্ত  প্ৰতিবেদন দাখিল কৰে৷ এই প্ৰতিবেদনত চিবিআয়ে এছআই জোনমণি ৰাভাৰ প্ৰকৃততে দুৰ্ঘটনাৰ ফলতহে মৃত্যু হোৱা বুলি উল্লেখ্য কৰিছে৷ কন্যাৰ হত্যাৰ ন্যায় লাভৰ আশাত  দিন-ৰাতি একাকাৰ কৰা জোনমণি ৰাভাৰ দূৰ্ভগীয়া মাতৃয়ে এতিয়া চিবিআইৰ উক্ত প্ৰতিবেদনৰ কথা অৱগত হোৱাৰ পাছতেই শোকত ভাগি পৰিছে৷ সংবাদ মাধ্যমৰ আগত থোকাথুকি মাতেৰে জোনমাণিৰ মাতৃ সুমিত্ৰা ৰাভাই চিবিআইৰ এই প্ৰতিবেদন মানি ল’ব নোৱাৰে বুলিও ক্ষোভ ব্যক্ত কৰে৷ কন্যাক পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগত আজিও অটল আছে মাতৃ সুমিত্ৰা ৰাভা৷ সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জোনমণিৰ মাতৃয়ে কয়–‘‘মোৰ ক’বলৈ আজি ভাষা নাই৷ চিবিআয়ে  যি কৈছে মই মানি ল’ব নোৱাৰো৷ মই নো কি কম যিখিনি ক’ব লগা আছিল কৈ দিলো৷ যদি মোৰ ছোৱালী হাত ভৰি ভাঙি বিছনাত পৰি থাকিল হয় তেতিয়া ক’ব পাৰিলে হয় যে পথ দুৰ্ঘটনা হৈছিল নে কোনোবাই মাৰিছিল৷ এতিয়া একো সাক্ষী নাই প্ৰমাণ নাই৷ মোৰ হাতত যি প্ৰমাণ আছিল মই সকলো দিছো৷ এতিয়া ৰাইজে বিচাৰ কৰিব৷’  উল্লেখ্য, ভগ্নীৰ ন্যায়ৰ আশাতে কিছু দিন পূৰ্বে জোনমণি ৰাভাৰ ৰোগাক্ৰান্ত একমাত্ৰ ভাতৃৰো মৃত্যু হৈছিল৷ কন্যাৰ পাছত পুত্ৰৰো মৃত্যু হোৱাত অকলশৰীয়াকৈ দিন পাৰ কৰিছে জোনমণিৰ মাতৃয়ে৷ আশ্বৰ্যজনক বিষয়টো হৈছে অসম আৰক্ষীৰ এগৰাকী বিষয়াৰ অপমৃত্যুৰ পাছতো আজিলৈকে মুখ্যমন্ত্ৰী বা অসম আৰক্ষীৰ কোনো উচ্ছ পদস্থ বিষয়াই জোনমণিৰ মাতৃক এষাৰ সহানুভূতিৰ মাত নিদিলে৷