Logo
image

ৰাজ্যসভাতো কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক মোদীঃ এতিয়াও ব্ৰিটিছৰ মোহত বন্দী কংগ্ৰেছ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ ফেব্ৰুৱাৰীঃ লোকসভাত কংগ্ৰেছক আক্ৰমণ কৰাৰ এদিন বিৰতিৰ পাছত বুধবৰে পুনৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰধান বিৰোধী দলটোক ৰাজ্যসভাত থকাসৰকা কৰে৷ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি এতিয়াৰ কংগ্ৰেছকো সংৰক্ষণবিৰোধী বুলি মন্তব্য কৰে৷ তদুপৰি কংগ্ৰেছে এতিয়াও ব্ৰিটিছৰ গোলামী কৰি ভালপোৱা বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ব্ৰিটিছে ভাৰত এৰি গ’লেও কংগ্ৰেছ দল ব্ৰিটিছৰ মোহত বন্দী হৈ থকাৰ বাবেই ব্ৰিটিছে প্ৰণয়ন কৰা আইন কংগ্ৰেছে এতিয়ালৈকে বলৱৎ কৰি ৰাখিছিল বুলি মোদীয়ে সমালোচনা কৰে৷ মোদীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয়–‘কংগ্ৰেছক কোনে জন্ম দিছিল সেই প্ৰশ্ন মই নকৰো৷ কিন্তু ব্ৰিটিছে প্ৰৱৰ্তন কৰা দণ্ডবিধি কোনে জীয়াই ৰাখিছিল? ব্ৰিটিছৰ পৰম্পৰা মানি কোনে বিয়লি ৫ বজাত বাজেট দাখিল কৰিছিল? ৰাজপথৰ নাম কৰ্তব্য পথ কৰিবলৈ ইমান দিন কিয় লাগিল? কোন মানসিকতাৰ বাবে আঞ্চলিক ভাষাক গুৰুত্ব নিদি ইংৰাজীক গুৰুত্ব দিয়া হ’ল?’ উল্লেখ্য, স্বাধীনতা সংগ্ৰামত আৰএছএছে নেতিবাচক ভূমিকা গ্ৰহণ কৰা বুলি কংগ্ৰেছে ৰাজ্যসভাত বিজেপিক সমালোচনা কৰাৰ উত্তৰতে মোদীয়ে স্বাধীনতা সংগ্ৰামেৰে দেশক স্বাধীন কৰা কংগ্ৰেছ দলকে ব্ৰিটিছৰ মোহত বন্দী বুলি সমালোচনা কৰে৷

আনহাতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰাত কংগ্ৰেছে বিজেপিক সমালোচনা কৰি দলিতবিৰোধী বুলি মন্তব্য কৰিছিল৷ সেই প্ৰসংগ আনিয়েই মোদীয়ে কংগ্ৰেছক সংৰক্ষণবিৰোধী বুলি মন্তব্য কৰে৷ মোদীয়ে কয় যে, প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দেশৰ সকলো মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি জনাইছিল যে, তেওঁ সংৰক্ষণৰ বিৰুদ্ধে৷ মোদীৰ দাবী, কংগ্ৰেছ জন্মগতভাৱে সংৰক্ষণবিৰোধী৷ কংগ্ৰেছ দলে অ’বিচি হোৱাৰ বাবেই সভাপতি সীতাৰাম কেশৰীক ফুটপাথলৈ দলিয়াই দিয়া বুলি মোদীয়ে মন্তব্য কৰে৷ আনহাতে মমতা বেনাৰ্জীয়ে কোৱা প্ৰসংগ টানি আনি মোদীয়ে কয় যে, কংগ্ৰেছে যাতে এইবাৰ ৪০খন আসন লাভ কৰে তাৰ বাবে তেওঁ প্ৰাৰ্থনা কৰিব৷