Logo
image

দৃষ্টিশক্তি অটুট ৰাখিবলৈ এনে খাদ্য খাওক

বিভিন্ন কাৰণত দৃষ্টিশক্তি হ্ৰাস পায়৷ বয়সৰ উপৰি বেছিকৈ কম্পিউটাৰত ব্যস্ত থকা, লিখা-পঢ়া আদিত ব্যস্ত থকাৰ বাবেও অকালতে দৃষ্টিশক্তি হ্ৰাস পাব পাৰে৷  চকু ভালে ৰাখিবৰ বাবে খাদ্য গ্ৰহণৰ বিষয়তো গুৰুত্ব দিব লাগে৷ কেইবিধমান ফলৰ ৰস খালেও দৃষ্টিশক্তি উন্নত কৰিব পাৰি৷ 

গাজৰৰ ৰসঃ গাজৰত থকা ভিটামিন-এ, বিটা কেৰ’টিনে দৃষ্টিশক্তি বৃদ্ধি কৰাত যথেষ্ট সহায় কৰে৷ সেয়েহে দৃষ্টিশক্তি অটুট ৰাখিবলৈ গাজৰৰ ৰস নিয়মীয়াকৈ খাব লাগে৷ 
পালেং শাকৰ ৰসঃ পালেং শাকে দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে৷  পালেং শাক খাদ্য তালিকাত ৰাখিব লাগে৷ 
ব্ৰকলীঃ স্বাস্থ্যৰ বাবে ব্ৰকলী অতি উত্তম৷ ই দৃষ্টিশক্তি বৃদ্ধিতো সহায় কৰে৷  ইয়াৰ ৰস খালে চকুৰ ৰেটিনাও সুৰক্ষিত হৈ থাকে৷ 
মিঠা আলুৰ ৰসঃ মিঠা আলু চকুৰ বাবে উপকাৰী৷ ইয়াৰ ৰস সেৱনে দৃষ্টিশক্তি অটুট ৰাখে৷  ইয়াত ভিটামিন-এ, আঁহ, আইৰণ আদি থাকে, যি দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায় কৰে৷
বিলাহীৰ ৰসঃ বিলাহীত ভিটামিন-এ যথেষ্ট পৰিমাণে থাকে, যি দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে৷ বিলাহী ৰস নিয়মীয়াকৈ গ্ৰহণ কৰিলে দৃষ্টিশক্তি অটুট থাকে৷