Logo
image

অসহিষ্ণুতা-ৰাষ্ট্ৰক্ষমতা আৰু মতাদৰ্শৰ সাংঘাতিক খিচিৰি

সহিষ্ণুতা-অসহিষ্ণুতা বা সহনশীলতা-অসহনশীলতাৰ বিষয়ে কিছুবছৰ ধৰি সমগ্ৰ ভাৰতজুৰি তীব্ৰ বাক-বিতন্দা হৈছে৷ অভিযোগ উঠিছে যে কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰ পৰা দেশত অসহিষ্ণুতা বা অসহনশীলতাৰ বাতাৱৰণ গঢ়ি উঠিছে৷ বহু প্ৰখ্যাত সাহিত্যিক, শিল্পী, বিজ্ঞানীয়ে এই অসহিষ্ণুতাৰ বাবে বিজেপি চৰকাৰক দোষাৰোপ কৰিছে  আৰু ইয়াৰ প্ৰতিবাদত তেওঁলোকে লাভ কৰা বঁটা-বাহন চৰকাৰক ওভতাই দিছিল৷ আমাৰ সংবিধানখনে চৰকাৰক সকলোৰে প্ৰতি সমান ব্যৱহাৰ কৰিবলৈ কৈছে৷ বিজেপি চৰকাৰখনে সেইখন সংবিধান মতে চলিব বুলি শপত লৈছে৷ বিজেপিয়ে কিছুমান মানুহৰ প্ৰতি অসহিষ্ণুতা প্ৰদৰ্শন কৰি বা তেওঁলোকৰ কিছুমান মিটিৰ সংগঠনে কিছুমান মানুহৰ প্ৰতি অহিষ্ণুতা প্ৰদৰ্শন কৰোঁতে নেদেখা ভাও ধৰি সংবিধানৰ অৱমাননা কৰিছে নেকি? বিজেপিয়ে কিছুমান মানুহৰ প্ৰতি অসহনশীলতা প্ৰদৰ্শন কৰাটোক ৰাষ্ট্ৰ পৰিচালনাৰ নীতিৰূপে গ্ৰহণ কৰিছে নেকি? ১৪০ কোটি মানুহৰ বিশাল দেশখনত কিছুমান মানুহে বা সংগঠনে কিছুমান অসহনশীল আদৰ্শ, মতবাদ বা চিন্তাধাৰাত বিশ্বাস কৰা আৰু তেওঁলোকৰ মতবাদত বিশ্বাস নকৰাসকলৰ প্ৰতি অসহনশীল হোৱা বিশেষ আচৰিত কথা নহয় বা ইয়াৰ ফলত দুই-এটা বিক্ষিপ্ত ঘটনা ঘটাও অসম্ভৱ নহয়৷ কিন্তু এইধৰণৰ মানুহ বা সংগঠনে এখন চৰকাৰৰ পৃষ্ঠপোষকতা লাভ কৰাটো অত্যন্ত বিপজ্জনক ঘটনা৷ কেন্দ্ৰৰ বিজেপি চৰকাৰখনে এনে মানুহ, দল, চিন্তাধাৰা আৰু ঘটনাৰ পৃষ্ঠপোষকতা কৰিছে নেকি? 
মানুহৰ ইতিহাস অসহনশীলতাৰ ইতিহাস৷ প্ৰকৃতিৰ স’তে যুঁজি জীয়াই থাকিব লগা সময়ত বাচি থকাটো আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল আৰু মানুহ নিজৰ গোট বা দলটোৰ বাহিৰে আন সকলোৰে প্ৰতি অসহনশীল আছিল৷ আন দলক মাৰি-কাটি সেই দলটোৰ সম্পদ লুট কৰা স্বাভাৱিক ঘটনা আছিল৷  তাৰপাছত সামন্ততন্ত্ৰ, ৰাজতন্ত্ৰৰ সময়তো শাসকসকল পৰম অসহিষ্ণু আছিল৷ অসহিষ্ণুতা আছিল ৰাষ্ট্ৰ পৰিচালনাৰ এটা প্ৰধান নীতি আৰু অস্ত্ৰ৷ শক্তিশালী দেশবোৰে দুৰ্বল দেশবোৰক অধিকাৰ কৰি  উপনিৱেশত পৰিণত কৰিছিল, আফ্ৰিকাৰ মানুহক জোৰকৈ ধৰি আনি দাস হিচাপে ব্যৱহাৰ কৰিছিল৷ এই ব্যৱসায়ত আফ্ৰিকাৰ ক’লা ছালৰ মানুহেই সহযোগ কৰি ধন-সম্পদ আৰ্জিছিল৷ পৃথিৱীয়ে অসংখ্য যুদ্ধ-বিগ্ৰহ দেখিছে৷ পৃথিৱীৰ শাসকসকলে পৃথিৱীৰ মানুহক দুবাৰকৈ বিশ্বযুদ্ধত লিপ্ত কৰাইছে৷ মানুহে ফেচীবাদ, নাজীবাদৰ বৰ্বৰতা, অসহিষ্ণুতা দেখিছে৷ আনকি সৰ্বহাৰৰ মুক্তিৰ কথা কোৱা কমিউনিষ্ট শাসনৰ নামতো মানুহে পৰম অসহিষ্ণুতাৰ অভিজ্ঞতা লাভ কৰিছে৷ হিটলাৰ, মুচলিনিৰ অসহিষ্ণুতাৰ কথা কোৱা সহজ, কিন্তু কমিউনিষ্টৰ বৰ্বৰতা আৰু অসহিষ্ণুতাৰ কথা কোৱা সিমান সহজ নহয়৷ সৰ্বহাৰাৰ মুক্তিৰ কথা কোৱা বাবে তেওঁলোকৰ সাত-খুন মাফ৷ বহু উদাৰ গণতন্ত্ৰত বিশ্বাস কৰা লোকেও ৰাছিয়া, চীন, ভিয়েটনাম আৰু পূব ইউৰোপৰ বহু দেশত সৰ্বহাৰাৰ একনায়কত্ববাদৰ নামত কমিউনিষ্ট দলৰ একোজন নেতাৰ একনায়কত্ববাদ প্ৰতিষ্ঠা হোৱা, মত প্ৰকাশৰ স্বাধীনতাকে ধৰি ব্যক্তি স্বাধীনতা লুপ্ত হোৱা আৰু বিৰোধীৰ ওপৰত অমানৱীয় নিৰ্যাতন চলা বুলি মানি ল’বলৈ টান পায় বা সেইবোৰক আমেৰিকাৰ অপপ্ৰচাৰ বুলি উৰুৱাই দিব বিচাৰে৷ কমিউনিষ্ট শাসনৰ পতন হোৱাৰ পাছত এই কথা এতিয়া ওলাই পৰিছে যে ছোভিয়েট ৰাষ্ট্ৰ এখন স্বেচ্ছাচাৰী আৰু অসহিষ্ণু ৰাষ্ট্ৰ আছিল৷ চীন ইতিমধ্যে এখন কমিউনিষ্ট দলৰ একছত্ৰী শাসনৰ অধীনৰ পুঁজিবাদী অসহিষ্ণু ৰাষ্ট্ৰ৷ আমাৰ বহু হিন্দুত্ববাদীয়েও ভাৰতক চীনৰ দৰে হিন্দুত্ববাদীৰ একছত্ৰী শাসনৰ অধীনত এখন পুঁজিবাদী হিন্দু ৰাষ্ট্ৰৰূপে গঢ়াৰ সপোন দেখে বোধহয়৷ তেনে কৰিব পাৰিলে তেওঁলোকেও কমিউনিষ্ট শাসকসকলৰ দৰে পাঁচ বছৰৰ মূৰে মূৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ঝামেলাটোৰ পৰাও মুক্তি পাব৷
ইছলামৰ নামত এতিয়াও এচামে পৃথিৱীজুৰি পৰম অসহিষ্ণুতা আৰু ¸বৰ্বৰতা প্ৰদৰ্শন কৰি আছে৷ ইছলাম ধৰ্মৰ নামত এই সন্ত্ৰাসবাদীসকলৰ  অসহিষ্ণুতাৰ ভয়ানক ৰূপ দেখি  মানুহৰ পেটতে হাত-ভৰি লুকাইছে৷
একোটা মতাদৰ্শ আৰু চিন্তাধাৰাৰ প্ৰতি বিশ্বাস আৰু তীব্ৰ আনুগত্য আৰু সেই মতাদৰ্শ আৰু চিন্তাধাৰাৰ স’তে একমত নোহোৱাসকলৰ প্ৰতি তীব্ৰ বিদ্বেষৰ ফলতে অসহিষ্ণুতাৰ জন্ম হয়৷ অসহিষ্ণুতাৰ উৎপত্তি হয় একোটা মতাদৰ্শ বা চিন্তাধাৰাত বিশ্বাস নকৰাসকলকো জোৰকৈ সেই চিন্তাধাৰাৰে পৰিচালিত কৰিবলৈ কৰা চেষ্টাৰ ফলত৷ এই মতাদৰ্শ বা চিন্তাধাৰাক বিভিন্নজনে যুক্তিসংগত, অযুক্তিকৰ, আধুনিক, পুৰণিকলীয়া, মানৱীয়, পাশৱিক আদিধৰণে নামকৰণ কৰিব পাৰে৷ একেটা চিন্তাধাৰাকে আকৌ বিভিন্নজনে বিভিন্নধৰণে ব্যাখ্যা কৰিব পাৰে৷ এটা চিন্তাধাৰা অযুক্তিকৰ বা আধুনিক জীৱনৰ পৰিপন্থী হ’লেও যেতিয়ালৈ সেই চিন্তাধাৰা আঁকোৱালি লোৱাসকলৰ মাজতে সি সীমাবদ্ধ থাকে, তেতিয়ালৈ সি সমাজত সংঘাতৰ সৃষ্টি নকৰে৷ সেই চিন্তাক আনৰ ওপৰত জাপি দিব বিচৰাৰ ফলতহে অসহিষ্ণুতাৰ জন্ম হয়৷
হিটলাৰে সমগ্ৰ পৃথিৱীখন বিশুদ্ধ জাৰ্মান তেজ থকাসকলে শাসন কৰাটো বিচাৰিছিল৷ তেওঁ পৃথিৱীখন ইহুদী মুক্ত কৰিব বিচাৰিছিল৷ হিটলাৰৰ চিন্তা হিটলাৰতেই সীমাবদ্ধ থকা হ’লে কথা নাছিল, কিন্তু ৰাষ্ট্ৰ-ক্ষমতাৰ অধিকাৰী হৈ তেওঁ তেওঁৰ চিন্তাধাৰা মতে পৃথিৱীক ৰূপ দিব বিচাৰিলে৷ ফলাফল কি হ’ল আমি জানো৷ ছোভিয়েট ৰাছিয়াই আফগানিস্তান অধিকাৰ কৰি জোৰকৈ কমিউনিষ্ট বনাবলৈ চেষ্টা কৰাৰ ফলত আৰু আমেৰিকাই সেই প্ৰচেষ্টা বাধা দিবলৈ চেষ্টা কৰাৰ ফলতেই  ইছলামিক সন্ত্ৰাসবাদৰ ভয়ংকৰ উত্থান হ’ল৷ কট্টৰ মতাদৰ্শ আৰু ৰাষ্ট্ৰ-ক্ষমতাৰ খিচিৰি হ’লে তাৰ ফলাফল বেছিভাগ ক্ষেত্ৰতে মাৰাত্মক হোৱা দেখা যায়৷
ভাৰতৰ সংবিধানে ‘মানুহ’ আৰু ‘নাগৰিক’কহে স্বীকৃতি দিয়ে৷ ধৰ্ম, জাতি, ভাষা-বৰ্ণৰ আধাৰত সংবিধানে মানুহ আৰু নাগৰিকক ভাগ ভাগ নকৰে৷ কিন্তু বিজেপিয়ে যদি ৰাষ্ট্ৰ-ক্ষমতা তেওঁলোকৰ মতাদৰ্শ প্ৰচাৰ আৰু প্ৰসাৰ কৰাত ব্যৱহাৰ কৰে আৰু তেনে কৰোঁতে ভাৰতৰ সংবিধানখন তেওঁলোকৰ বাটৰ হেঙাৰ হৈ পৰে, তেতিয়া তেওঁলোকে সংবিধানখনৰ প্ৰতিও অসহিষ্ণুতা প্ৰদৰ্শন কৰিব নেকি? ইতিমধ্যে সংবিধানৰ ‘চেকুলাৰ’ বা ধৰ্মনিৰপেক্ষ শব্দটোক লৈ নানা মত প্ৰকাশ হৈছে৷ বিজেপিয়ে যদি কৌশলেৰে কিবা গোপন কাৰ্যসূচী ৰূপায়ণৰ চেষ্টা কৰি আছে, তেনেহ’লে তেওঁলোকে এই কথা মনত ৰখা ভাল যে এই সংবিধানে প্ৰতিষ্ঠা কৰা উদাৰ গণতন্ত্ৰৰ বাবেই নৰেন্দ্ৰ মোদী নামৰ স্বঘোষিত ‘চায়ৱালা’ দুখীয়া ল’ৰাটো আজি ভাৰতৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম হৈছে৷ এই উদাৰ গণতন্ত্ৰ জীয়াই নাথাকিলে ভৱিষ্যতে আন কোনোবা ‘চায়ৱালা’ ল’ৰা ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাট বন্ধ হ’ব৷