Logo
image

মিচিং সংগঠনৰ প্ৰশ্নঃ ষট্‌পূজাত চৰকাৰী বন্ধ, আলি-আয়ে-লৃগাঙত নহয় কিয়

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক জাতীয় উৎসৰ আলি আঃয়ে-লৃংগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰাৰ দাবী জনাইছে মিচিং জনগোষ্ঠীৰ সচেতন লোকসকলে৷ দিছপুৰ প্ৰেছ ক্লাবত শুকুৰবাৰে আয়োজিত এক সংবাদ মেলত মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ প্ৰতিনিধি হিচাপে ভাগ লৈ আকাশ দলে, সীতাৰাম দলে, চেইফ পাৰ, পুনম পেণ্ড, গায়ত্ৰী বৰি, চিলাৰাণী দলে, আগষ্টৰাম পায়েং, পৃথ্বিৰাজ দলে, বীৰেন দলে আৰু বাতুল দলে কয় যে আলি আঃয়ে-লৃগাঙ হৈছে এনে এক জাতীয় উৎসৱ যি উৎসৱৰ জৰিয়তে মিচিংসকলৰ কলা-কৃষ্টি-সংস্কৃতি, পৰম্পৰা, আচাৰ-ব্যৱহাৰ আদিকে ধৰি সামগ্ৰীকভাবে মিচিং জনগোষ্ঠীৰ জীৱন ধাৰণ প্ৰণালী প্ৰকাশ পায়৷ এক কথাত ক’বলৈ গ’লে আলি আঃয়ে-লৃগাঙ হৈছে মিচিং জনগোষ্ঠীৰ প্ৰাণৰো প্ৰাণৰ, হিয়াৰ আমঠু আয়ুসৰেখা সদৃশ জাতীয় উৎসব৷ কিন্তু অতি ক্ষোভ আৰু বেদনাৰ বিষয় এই যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ কেবিনেট বৈঠকে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱৰ দিনটোত ৰেষ্ট্ৰিকটেড হলিডে ঘোষণা কৰি মিচিং জনগোষ্ঠীৰ স্বাভিমানত আঘাত হানিছে৷ অসম চৰকাৰৰ কেবিনেট বৈঠকে মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ অন্তৰ্ভুক্ত কেবল ১০খন জিলা ক্ৰমে - ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বন্ধ ঘোষণা কৰিছে৷  কেবিনেটে ঘোষণা কৰা এই ১০খন জিলাৰ ৰেষ্ট্ৰিকটেড হলিডে মিচিং জনগোষ্ঠীৰ ৰাইজে পোনচাতেই নাকচ কৰিছে৷ সেয়া হৈছে মিচিং জাতিক কৰা চূড়ান্ত অন্যায় আৰু অপমান৷ ৰেষ্ট্ৰিকটেড হলিডেৰ ঘোষণাক আমি বিজেপি চৰকাৰৰ ললিপপ আখ্যা দিছো৷ মিচিং জনগোষ্ঠীৰ কোনো লোকে এই বন্ধ মানি ল’ব নোৱাৰে৷ বিজেপি চৰকাৰে ৰেষ্ট্ৰিকটেড হলিডে ঘোষণা কৰা মানে আমি ইয়াকে বুজি উঠিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিচিংসকলৰ কলা - কৃষ্টি-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ কৰাৰ ভাষণ দিলেও প্ৰকৃতাৰ্থত যে তেওঁ প্ৰচাৰ-প্ৰসাৰ হোৱাটো নিবিচাৰে সেই কথা প্ৰমাণ কৰে৷ আলি আঃয়ে-নৃগাঙত ৰাজ্যিক বন্ধ মানে কেবল চৰকাৰী-বেচৰকাৰী কাৰ্যালয় বা স্কুল-কলেজ বন্ধ দিয়াটোৰেই নুবুজায়৷ যিকোনো এটা বিশেষ দিনত চৰকাৰী বন্ধ ঘোষণা হ’লে ৰাজ্যখনৰ লগতে দেশ-বিদেশৰ জনসাধাৰণে সেই বিশেষ দিনটোৰ বন্ধক লৈ চৰ্চা কৰে৷ আমি সচৰাচৰ কৈ অহা আমাৰ থলুৱা জাতি-জনগোষ্ঠীসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন সেয়া বাস্তবায়িত কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সহায়ক হ’ব৷ সেই মৌলিক কথাখিনি চৰকাৰ এখনে বুজি নোপোৱাটো দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে মিচিং জনগোষ্ঠীৰ প্ৰতিনিধিবৰ্গই৷ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত আমি দেখিছো যে যি সময়ত অসমৰ দ্বিতীয় বৃহত্তৰ জনসংখ্যাৰ জনজাতি মিচিংসকলৰ জাতীয় উৎসৱ আলি আঃয়ে-লৃগাঙত ৰাজ্যিক বন্ধ দিয়া হোৱা নাই৷ সেই একেটা সময়ত বহিৰাগত উৎসৱ ষট পূজাত চৰকাৰী ৰাজ্যিক বন্ধ ঘোষণা কৰি বহিৰাগত ধৰ্মীয় সংস্কৃতি অসমত বিয়পাই দিয়া হৈছে৷ ভূমিপুত্ৰ জনজাতিক অন্যায় কৰি বহিৰাগত কৃষ্টি-সংস্কৃতি প্ৰচাৰ-প্ৰসাৰত প্ৰত্যক্ষভাৱে পৃষ্ঠপোষকতা কৰা বিজেপি চৰকাৰক আমি এটা কথা সকীয়াই দিছো যে মিচিং জনগোষ্ঠীৰ জাতীয় উৎসব আলি আঃয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা কৰক অন্যথা ইয়াৰ পৰিণাম ভয়াৱহ হ’ব বুলি সকীয়াই দিয়ে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ প্ৰতিনিধি আকাশ দলেয়ে৷