Logo
image

উক্তি-বক্ৰোক্তি

আমাৰ মুছলিম ভাইসকলক ‘কা’ক লৈ প্ৰৰোচিত আৰু ভুলপথে পৰিচালিত কৰা হৈছে৷ ‘কা’য়ে নাগৰিকত্ব প্ৰদান কৰে, কৰ্তন নকৰে৷ পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ পৰা ধৰ্মীয় অত্যাচাৰৰ বলি হৈ অহাসকলে নাগৰিকত্ব লাভ কৰিব৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ বলৱৎ কৰিম৷ 
– কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

লোকসভা নিৰ্বাচনত অকলেই যুঁজিম আমি৷ আমাৰ প্ৰস্তুতি তুংগত চলিছে৷ কাৰো লগত বুজাবুজি নকৰোঁ৷ 
– বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী

নৱাজ শ্বৰীফ কোনো বুদ্ধিমত্তা নথকা এজন নেতা৷ তেওঁৰ দলে ত্ৰিছখন আসনত পিছপৰি থাকোঁতেই নিজকে বিজয়ী ঘোষণা কৰিলে৷ আমাৰ দলৰ সমৰ্থিত প্ৰাৰ্থীক দেশৰ ভোটাৰে নিৰ্বাচিত কৰাত মই দেশবাসীক ধন্যবাদ জনাইছোঁ৷ আমাৰ এই বিজয়ে বহুতকে আচৰিত কৰিছে৷
– পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান

গুৱাহাটীত যান-জঁট বৃদ্ধি পোৱাটো অৰ্থনৈতিক উন্নয়নৰ প্ৰতীক৷ গুৱাহাটীত এতিয়া  দিনে পাঁচ লক্ষাধিক গাড়ী চলে৷ 
– মন্ত্ৰী ৰঞ্জিত দাস

ইউ পি এ চৰকাৰৰ দহটা বছৰৰ কাৰ্যকাল প্ৰচণ্ড খেলিমেলি আৰু দুৰ্নীতিৰে ভৰা আছিল৷ ইয়াৰ মূলৰ কাৰণটো হৈছে চৰকাৰখন লক্ষ্যহীন আৰু নেতাহীন আছিল৷ তাৰ ‘ছুপাৰ প্ৰাইম মিনিষ্টাৰ’ আছিল ছোনিয়া গান্ধী৷ 
– কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

হিমন্ত বিশ্ব শৰ্মাই অসমৰ যিকোনো সংখ্যালঘু এলেকাত নিৰ্বাচন খেলিলেও বিজয়ী হ’ব৷ নতুন অসমৰ বিশ্বকৰ্মা, সংস্কাৰক হৈছে হিমন্ত বিশ্ব শৰ্মা৷ 
– বিধায়ক পৰমানন্দ ৰাজবংশী

আমাৰ দেশৰ মুছলমানসকলক বাৰম্বাৰ দেশপ্ৰেম প্ৰমাণ কৰিবলৈ নিৰ্দেশ দি থকা হয়৷ মই বাবৰ, ঔৰংগজেৱ, জিন্নাৰ মুখপাত্ৰ নেকি? মই ভগৱান ৰামত যিমান শ্ৰদ্ধা কৰোঁ, নাথুৰাম গডছেক সিমানেই ঘৃণা কৰোঁ৷ ২০১৯ চনত উচ্ছতম ন্যায়ালয়ে মছজিদ ভঙাক জঘন্য কাৰ্য বুলি কৈছিল৷ 
– সাংসদ আছাদুিদ্দন ওৱেইছি

কংগ্ৰেছৰ মিঞা-মুছলমান বিধায়কৰ বাহিৰে সকলো নেতা-কৰ্মীৰ বিজেপিত যোগদান কৰাৰ মন৷ বিনাচৰ্তে যোগদান কৰিবলৈ বিচাৰিলে এতিয়াই যোগদান কৰিব পাৰিব৷ 
– মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

মোৰ মনত আছে, যশপ্ৰীত বুমৰাক কলকাতাৰ পৰা ফোন কৰি সুধিছিলোঁ, তোমাৰ টেষ্ট খেলাৰ ইচছা আছে নেকি? ইতিমধ্যে তেওঁক বগা বলৰ ক্ৰিকেটাৰ হিচাপে লেবেল লগোৱা হৈ গৈছিল৷ মই কৈছিলোঁ, তোমাক দক্ষিণ আফ্ৰিকাত টেষ্টত নমাম৷ সাজু থাকিবা৷
– বিচিচিআইৰ প্ৰাক্তন নিৰ্বাচক ৰবি শাস্ত্ৰী

‘ইণ্ডিয়া’ জোঁটৰ নাম সলনি কৰিব লাগে৷ কিয়নো এটা এটাকৈ তাৰ পৰা সকলো দলেই আঁতৰি গ’ল৷
 – মন্ত্ৰী পীয়ূষ হাজৰিকা

দুমাহৰ ভিতৰত লোকসভাৰ নিৰ্বাচন হ’ব৷ পঞ্জাবৰ তেৰখন আসন আৰু চণ্ডীগড়ৰ এখন আসনত আমি এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিম৷ 
–  আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল