Logo
image

ভাৰতৰত্ন আদৱানিক গামোচা পিন্ধালেগৈ সোণোৱালে

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ‘ভাৰত ৰত্ন’ৰে বিভূষিত ভাৰতীয় জনতা পাৰ্টীৰ ‘পিতামহ’, প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানীক শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি ফুলাম গামোচাৰে অভিনন্দন জনোৱাৰ উপৰি প্ৰবীণ নেতাজনৰ আশীৰ্বাদ গ্ৰহণ কৰে৷ সোণোৱালে কয়– ‘লালকৃষ্ণ আদৱানীৰ জীৱনজোৰা সাধনা আৰু অৰিহণাই ভাৰতীয় জনতা পাৰ্টীৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাক শক্তিশালী কৰিছে৷ এনে এজন সন্মানীয় নেতাক ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰাত আনন্দিত হৈছোঁ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই পদক্ষেপৰ বাবে ধন্যবাদ জনাইছোঁ৷ আদৱানীৰ সান্নিধ্যই আমাক উজ্জীৱিত কৰিছে৷ আমাৰ মাৰ্গদৰ্শক আদৱানীয়ে ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰলৈ বৃহৎ অৱদান আগবঢ়াইছে৷ লাখ লাখ কাৰ্যকৰ্তাৰ লগতে দেশবাসী চিৰদিনৰ বাবে তেওঁৰ ওচৰত ঋণী হৈ থাকিব৷’