Logo
image

জুই-ছাই দাম, সুযোগ বুজি বজাৰত চীনা নহৰু

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ ফেব্ৰুৱাৰীঃ পিঁয়াজ নহয়, এতিয়া নহৰুৱে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক৷ পাকঘৰত গৃহিনীৰ বাবে অতিকে প্ৰয়োজনীয় নহৰু ফুটা সম্প্ৰতি মহঙা হৈ পৰিছে৷ এক কথাত নহৰুৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি পেলাইছে ৰাজ্যৰ জনতাক৷ নহৰুৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে এতিয়া যেন সৰ্বকালৰ অভিলেখ ভংগ কৰিছে৷ ৰাজ্যৰ ঠাইবিশেষে নহৰুৰ মূল্য প্ৰতিকেজিত ৫০০ টকাপৰ্যন্ত স্পৰ্শ কৰিছে৷ আপুনি শুনিলে আচৰিত হ’ব অসমৰ বজাৰত সুলভ ৫০০টকীয়া এই নহৰু কোনো দেশীয় নহৰু নহয়৷ বৈৰী ৰাষ্ট্ৰ চীনৰ চোৰাং নহৰুৰে ভৰি পৰিছে  ৰাজ্যৰ বজাৰ৷ কোটি কোটি টকা কৰ ফাঁকি দি অসমৰ বজাৰৰ চীনা নহৰু উভৈনদী হৈ পৰিছে যদিও গুৰুত্ব নাই ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰত৷ অসম চৰকাৰৰ বিয়াগোম কৰ বিভাগ যোগান বিভাগৰ উপৰি কেন্দ্ৰীয় চৰকাৰৰ জিএছটি আয়ুক্ত, শুল্ক আয়ুক্তয়ো এতিয়া চীনা নহৰুৰ ক্ষেত্ৰত ৰহস্যজনক বুজাবুজিৰ চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈছে৷ সচৰাচৰ অসমলৈ উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ পৰা নহৰু আমদানি হয় যদিও উৎপাদনস্থলীত নাটনিৰ বাবে আকস্মিকভাৱে অসমৰ বজাৰত উপলব্ধ হৈছে ডাঙৰ ডাঙৰ ফুটাৰ নহৰু৷ এনে নহৰুসমূহ এতিয়া চীনৰ পৰা চোৰাংভাৱে অসমলৈ অনা হৈছে৷ আনকি নহৰুৰ বস্তাত চীনা শব্দ লিখা থকাও দেখা গৈছে৷ অভিযোগ অনুসৰি গুৱাহাটীৰ ফাঁচী বজাৰৰ পৰাই চীনা নহৰুৰ চোৰাং বেপাৰৰ নেতৃত্ব দিয়া হৈছে৷ ফাঁচী বজাৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে জানিবলৈ দিয়া অনুসৰি চীনৰ পৰা বাংলাদেশ হৈ ভাৰতলৈ চোৰাংভাৱে সৰবৰাহ কৰা হৈছে এই নহৰু৷ বাংলাদেশৰ পৰা নদী পথেৰে মেঘালয় হৈ অসমলৈ চীনা নহৰুৰ আমদানি কৰিছে ৰাজনৈতিক পৃষ্ঠপোষকতাৰ ফাঁচী বজাৰৰ প্ৰভাৱশালী বণিয়াই৷ এনে চোৰাং নহৰুৰ বাবে চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ শনিবাৰে নগাঁৱত চীনৰ চোৰাং নহৰুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ চীনা নহৰু পাইকাৰী বজাৰত ৩০০-৩৫০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে খুচুৰা বজাৰত সৰ্বাধিক ৫০০ টকা পৰ্যন্ত বিক্ৰী হৈছে৷ অৱশ্যে আগন্তুক ১০-১৫ দিনৰ ভিতৰত ইন্দোৰৰ দেশীয় নহৰু অসমৰ বজাৰত উপলব্ধ হ’ব বুলিও ফাঁচী বজাৰৰ এটা সূত্ৰই জানিবলৈ দিছে৷