Logo
image

ট্ৰাম্পৰ জয়, বাইডেনৰ সংকট

নিউয়ৰ্ক, ১১ ফেব্ৰুৱাৰীঃ আইওৱা আৰু নিউ হেম্পশায়াৰৰ পাছত এইবা নেভাডা৷ প্ৰাক নিৰ্বাচনী পৰ্বত আৰু এধাপ অগ্ৰগতি লাভ কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে৷ জানিব পৰা মতে নেভাডা প্ৰদেশৰ ৰিপাব্লিকান পাৰ্টীৰ ২৬ জন প্ৰতিনিধিয়ে সমাগত ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পত দলীয় প্ৰাৰ্থী হিচাপে বিচাৰিছে৷ শুকুৰবাৰে নেভাডা ক’কাছত লাভ কৰা এই বৃহৎ জয়ৰ পাছত ট্ৰাম্পে লাছভেগাছত সমৰ্থকৰ আগত বক্তৃতা প্ৰদান কৰে৷ ট্ৰাম্পে সমৱেশত কয় যে ‘লাছভেগাছত জয় লাভ কৰিলে অহা নৱেম্বৰত হ’ব লগা নিৰ্বাচনত সহজেই জয় লাভ কৰিবলৈ সক্ষম হ’ম৷’ অৰ্থাৎ নেভাডাৰ ভোট তেওঁৰ বাবে অত্যন্ত জৰুৰী বুলি উল্লেখ কৰে৷ উল্লেখ্য যে অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন৷ এই নিৰ্বাচনৰ পূৰ্বে কেইবামাহ ধৰি চলে প্ৰাথমিক নিৰ্বাচনী পৰ্ব৷ কেইসপ্তাহমানৰ পূৰ্বে ট্ৰাম্পে আইওয়া আৰু নিউহেম্পশায়াৰ প্ৰদেশত ৰিপাব্লিকান পদ প্ৰাৰ্থীসকলে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ট্ৰাম্পক সমৰ্থন জনাইছিল৷ উল্লেখ্য যে মাৰ্কিন ৰাষ্ট্ৰপতিৰ পদত নিৰ্বাচনৰ বাবে এইবাৰ বিবেক ৰামস্বামী নামৰ ভাৰতীয় মূলৰ প্ৰাৰ্থী এজনৰ নামো উল্লেখ হৈছিল যদিও ৰামস্বামীয়ে এই দৌৰৰ পৰা আঁতৰি দিয়ে৷ ইপিনে, বৰ্তমানৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য বুলি ঘোষণা কৰিছে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি পৰিষদৰ ৰিপাব্লিকান স্পীকাৰে৷ স্পীকাৰ মাইক জনছনে উল্লেখ কৰা মতে, ৰাষ্ট্ৰপতিৰ শ্ৰেণীবদ্ধ নথিপত্ৰসমূহৰ ভুল ব্যৱস্থাপনাৰ তদন্তকালত বাইডেনৰ মানসিক সক্ষমতা লাঘৱ পোৱাটো স্পষ্ট হৈ পৰিছে৷ যাৰ বাবে তেওঁক ৰাষ্ট্ৰপতি পদৰ বাবে অযোগ্য বুলি ঘোষণা কৰে স্পীকাৰ জনছনে৷