Logo
image

গান গাবলৈ গৈ কটাক্ষৰ সন্মুখীন পৰিণীতি চোপ্ৰা

অভিনয়ৰ লগতে সংগীতকো পেশা হিচাপে গ্ৰহণ কৰিছে অভিনেত্ৰী পৰিণীতি চোপ্ৰাই৷ কিন্তু আপৰ নেতা ৰাঘৱৰ সৈতে বিবাহৰ পাছতে সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈ কটাক্ষৰ সন্মুখীন হ’বলগা হয় পৰিণীতি চোপ্ৰা৷ উল্লেখ্য বিয়াৰ পাছৰ পৰাই অভিনেত্ৰীগৰাকীয়ে এটা সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অভিনয়ৰ লগতে গানকো তেওঁ কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব৷ মুম্বাইত কিছুদিন পূৰ্বে এক সংগীতানুষ্ঠানত গীত গাইছিল পৰিণীতিয়ে৷ ছ’চিয়েল মিডিয়াত অনুষ্ঠানটোৰ একাধিক ছবি, ভিডিঅ’ শ্বেয়াৰ কৰিছিল তেওঁ নিজে৷ তেওঁৰ অনুষ্ঠানক  স্বামী ৰাঘৱেও প্ৰশংসা কৰিছিল৷ কিন্তু তাৰ পাছৰ পৰাই কটাক্ষৰ সন্মুখীন হ’ল শিল্পীগৰাকী৷ অনুষ্ঠানত পৰিণীতিয়ে ‘আজ জানে কি জিদ না কৰোঁ’ শীৰ্ষক বিখ্যাত গীতটো পৰিৱেশন কৰিছিল৷ তেওঁ লিখিছে– মোৰ ককাৰ পছন্দৰ গান....৷ কিন্তু গানটো শুনি আক্ষেপ কৰে নেট নাগৰিকে৷ ছ’চিয়েল মিডিয়াত নেটিজেনে একপ্ৰকাৰে তুলাধূনা দিয়ে পৰিণীতি চোপ্ৰাক৷ এজনে লিখিছে– ‘আজ গানে কি জিদ না কৰোঁ...৷ পৰিণীতি চুপ হো যা৷’ পৰিণীতিৰ প’ষ্টক লৈ বিভিন্নজনে বিভিন্নধৰণে সমালোচনা কৰে শিল্পীগৰাকীক৷