Logo
image

ৰামৰ চৰিত্ৰটোৰ বাবে আমিষ খাদ্য বৰ্জন ৰণবীৰৰ

ৰূপালী পৰ্দাত পুনৰ দেখা যাব ৰামায়ণ৷ নীতেশ তেৱাৰী পৰিচালিত নতুন ৰামায়ণত ৰামৰ চৰিত্ৰত অভিনয় কৰিব ৰণবীৰ কাপুৰে৷ পৰ্দাৰ ৰাম হ’বৰ বাবে নিজকে প্ৰস্তুত কৰি তুলিছে ৰণবীৰে৷ মহাকাব্যিক চৰিত্ৰটো ৰূপায়ণৰ বাবে অভিনেতাজনে ইতিমধ্যে মদ-মাংস খোৱাতো এৰি দিছে৷ ডাঙৰ পৰ্দাত নিজকে ৰাম সজাবলৈ ৰণবীৰে ৰামৰ সংলাপৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে৷ পৰিচালক নীতেশ তিৱাৰী অত্যন্ত কাঢ়া পৰিচালক৷ গতিকে ৰণবীৰে ৰাম হিচাপে নিজকে গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ চলিত বৰ্ষৰ মাৰ্চ মাহতে আৰম্ভ হ’ব ‘ৰামায়ণ’ৰ শ্বুটিং৷ মুম্বাইতে হ’ব ৰামায়ণৰ সিংহভাগ শ্বুটিং৷ ৰণবীৰৰ সৈতে থাকিব দক্ষিণৰ শক্তিশালী তাৰকা কে জি এফখ্যাত যশ৷ যশক ৰাৱণৰ চৰিত্ৰত দেখা যাব৷ উল্লেখ্য ছবিখনৰ সীতা চৰিত্ৰটোক লৈ দোমোজাত পৰিছে পৰিচালক তিৱাৰী৷ শ্বুটিং আৰম্ভ নৌহওতেই সীতা সলনি হোৱা বুলি বলীউডৰ এক সূত্ৰত প্ৰকাশ৷ প্ৰথমে সীতা চৰিত্ৰটোত দক্ষিণৰ অভিনেত্ৰী চাই পল্লৱীয়ে অভিনয় কৰিব বুলি জানিব পৰা গৈছিল৷ কিন্তু শেহতীয়াকৈ বলীউডৰ এগৰাকী অভিনেত্ৰীৰ নামহে চৰ্চালৈ আহিছে৷ শ্ৰীদেৱী কন্যা জাহ্নৱী কাপুৰক চাই পল্লৱীৰ পৰিৱৰ্তে সীতাৰ চৰিত্ৰত অভিনয়ৰ বাবে বাছনি কৰা হৈছে৷ সেইদৰে হনুমানৰ চৰিত্ৰত দেখা যাব ছানী দেউলক, দক্ষিণৰ তাৰকা বিজয় সেতুপতি হ’ব বিভীষণ, ববী দেউলক কুম্ভকৰ্ণ, লাৰা দত্তক দেখা যাব কৈকেৰীৰ ৰূপত৷ ৰামায়ণৰ কিছুমান গুৰুত্বপূৰ্ণ অংশৰ দৃশ্যগ্ৰহণ হ’ব লণ্ডনত৷