Logo
image

এমাহ পাৰ হ’ব এপিএছচিয়ে ঘোষণা কৰিব নোৱাৰিলে প্ৰাপ্ত নম্বৰৰ সবিশেষ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ ফেব্ৰুৱাৰীঃ অসম লোকসেৱা আয়োগৰ সঁচাকৈয়ে সংস্কাৰ সাধন হ’ল নে? কুখ্যাত ৰাকেশ পালৰ কু-কাৰ্যৰ অৱসান ঘটাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা আয়োগলৈ স্বচ্ছতা অনা বুলি ঢাক-ঢোল  বজালেও আয়োগৰ বৰ্তমানৰ কাম-কাজক লৈ অলপো সন্তুষ্ট নহয় মেধাৱী শিক্ষাৰ্থীৰ লগতে সচেতন ৰাইজো৷ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত বাছনি লাভ কৰা দৰিদ্ৰ পৰিয়ালৰ একাংশ মেধাৱী প্ৰাৰ্থীক সন্মুখত ৰাখি চৰকাৰে স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰচাৰ চলালেও বাস্তৱ ক্ষেত্ৰত লোকসেৱা আয়োগে বাছনি প্ৰক্ৰিয়াক সম্পূৰ্ণ অচ্ছতা আৰু সন্দেহৰ মাজলৈ ঠেলি দিছে৷ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া ভাৰত ভূষণ দেৱচৌধুৰীৰ নেতৃত্বাধীন অসম লোকসেৱা আয়োগৰ শেহতীয়া কৰ্ম-কাণ্ডক লৈ পৰীক্ষাৰ্থীসকল উদ্বিগ্ন হৈ পৰিছে৷ কিয়নো অসম লোকসেৱা আয়োগে স্বচ্ছ আৰু নিকা পৰীক্ষাৰ প্ৰচাৰ চলালেও আয়োগৰ অধ্যক্ষ তথা সদস্যসকলে সদ্যঘোষিত ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত বাছনিকৃত প্ৰাৰ্থীৰ প্ৰাপ্ত নম্বৰৰ তালিকা আজিলৈকে মিলাবই পৰা নাই বুলিহে অভিযোগ উঠিছে৷ কিয়নো আয়োগে ফলাফল ঘোষণাৰ প্ৰায় এমাহ সময় অতিক্ৰম কৰিবৰ হ’ল যদিও নিযুক্তিৰ স্বচ্ছতা প্ৰতিপন্ন কৰাৰ স্বাৰ্থত আজিলৈকে ৰাজহুৱা কৰা নহ’ল মূল পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীয়ে লাভ কৰা নম্বৰৰ তালিকা৷ অথচ ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ ২ দিনৰ পাছতেই পৰীক্ষাৰ্থীসকলে লাভ কৰা নম্বৰৰ তালিকা ৰাজহুৱা কৰি অভিলেখ ৰচনা কৰিছিল এপিএছচিয়ে৷ কিন্তু এইবাৰৰ পৰীক্ষাৰ ফলাফল বিগত ১৭ জানুৱাৰীতে ঘোষণা কৰাৰ পাছত আজিলৈকে নম্বৰ ৰাজহুৱা নকৰাত স্বাভাৱিকতেই পৰীক্ষাৰ্থী আৰু সচেতনমহলৰ মনত সন্দেহ ঘণীভূত হৈছে৷ লক্ষণীয়ভাৱে এইবাৰৰ ২০২২ বৰ্ষৰ এপিএছচি পৰীক্ষাক লৈ ইতিমধ্যে বিভিন্নজনৰ মনত সন্দেহৰ সৃষ্টি হৈছে৷ এপিএছচি পৰীক্ষাত দুৰ্নীতিৰ  পূৰ্বে গোচৰত  চাকৰিৰ পৰা খেদা খোৱা প্ৰিয়ংকা বৰুৱা নামৰ এগৰাকী প্ৰাৰ্থীয়ে এচিএছ বাছনি লাভ কৰাক লৈ অভিযোগৰ আঙুলি উঠিছিল৷ বাছনিকৃত মহিলা প্ৰাৰ্থীগৰাকীয়ে এপিএছচিৰ জনৈক পাটোৱাৰী উপাধিৰ এজন কৰ্মচাৰীৰ সৈতে মিলি আয়োগত চাকৰিৰ বজাৰ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিয়ে৷ তদুপৰি আয়োগৰ মৌখিক পৰীক্ষাত সদস্যই ব’ৰ্ডত প্ৰাৰ্থীক সন্মুখত বহোৱাই আত্মীয়ৰ সৈতে মোবাইলত কথা পাতি থকাও অভিযোগ উঠিছিল৷ আনকি গুৱাহাটীৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা নগন্য সংখ্যক পৰীক্ষাৰ্থী বাছনি হোৱাক লৈ সন্দেহ প্ৰকাশ কৰিছিল একাংশ মেধাৱী বঞ্চিত প্ৰাৰ্থীয়ে৷ তদুপৰি মৌখিক পৰীক্ষা ৩ জানুৱাৰীত সমাপ্ত হোৱাৰ এপষেক পাছত চূড়ান্ত ফলাফল ঘোষণা কৰাক লৈয়ো বিভিন্নজনে অভিযোগৰ আঙুলি তুলিছিল৷ কিয়নো পূৰ্বে মুখ্যমন্ত্ৰীয়ে মৌখিক পৰীক্ষাৰ ২৪ ঘণ্টাৰ পাছতেই ফলাফল ঘোষণা কৰা হ’ব বুলি ৰাজহুৱাকৈ মন্তব্য কৰিছিল৷ ইয়াৰোপৰি এছপিএম আইএএছ একাডেমী নামৰ এটা বিতৰ্কিত শৈক্ষিক প্ৰতিষ্ঠানৰ পৰা অসমীয়া লিখিব পঢ়িব নজনা ৰাজস্থানৰ দীপিকা দাদানি নামৰ এটা প্ৰাৰ্থীক বাছনি লাভ কৰাৰ অভিযোগ উঠিছিল৷ শৈক্ষিক প্ৰতিষ্ঠানটোত কৰ্মৰত আন এগৰাকী অনা অসমীয়া প্ৰাৰ্থীয়ে বিগত বৰ্ষৰ পৰীক্ষাতো বাছনি লাভ কৰিছিল৷ এনে অভিযোগ-প্ৰতিঅভিযোগৰ মাজতে এইবাৰ ফলাফল ঘোষণাৰ প্ৰায় এমাহ হ’বৰ হ’ল যদিও প্ৰাৰ্থীৰ নম্বৰ তালিকা ৰাজহুৱা কৰিব নোৱৰাত আয়োগৰ স্বচ্ছতাৰ প্ৰতি মেধাৱী প্ৰাৰ্থী তথা অভিভাৱকৰ সন্দেহ দুগুণে বৃদ্ধি পাইছে৷ তদুপৰি স্বচ্ছতাৰ কথা কোৱা এপিএছচিয়ে আৰটিআই যোগেও প্ৰাৰ্থীক নিজৰ উত্তৰ বহীখন লাভ কৰাৰ পৰা বঞ্চিত কৰি আহিছে৷