Logo
image

উপাচাৰ্যৰ দৌৰত! শিক্ষা উপদেষ্টা পদ এৰিলে ড॰ মহন্তই

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ১৩ ফেব্ৰুৱাৰীঃ অসম চৰকাৰৰ শিক্ষা উপদেষ্টাৰ পদ ত্যাগ কৰিলে ড॰ ননীগোপাল মহন্তই৷ দিছপুৰৰ এটা উচ্ছস্তৰীয় সূত্ৰই এই কথা প্ৰকাশ কৰিছে৷ উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ ননীগোপাল মহন্তক অসম চৰকাৰৰ শিক্ষা উপদেষ্টাৰূপে নিযুক্তি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ সেই সূত্ৰে বিগত সময়ছোৱাত অসম চৰকাৰৰ শিক্ষা বিভাগৰ কাম-কাজ পৰিচালনা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল অধ্যাপক মহন্তই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ ননীগোপাল মহন্ত এজন মননশীল লেখক৷ দিছপুৰৰ সূত্ৰটোৱে জনোৱা মতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈয়ে কিছুদিনৰ পাছত উপাচাৰ্য পদৰ পৰা অৱসৰ ল’ব৷ সেই পদৰ বাবে আগ্ৰহীসকলৰ ভিতৰত অধ্যাপক ননীগোপাল মহন্ত অন্যতম৷ সেই সূত্ৰে অধ্যাপক মহন্তই অসম চৰকাৰৰ শিক্ষা উপদেষ্টা পদৰ পৰা পদত্যাগ কৰি পুনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকৰ পদত যোগ দিব খুজিছে– যাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ বাবে তেওঁ যোগ্য আবেদনকাৰী হ’ব পাৰে৷ সূত্ৰটোৱে জনোৱা মতে, অধ্যাপক মহন্তই কেইদিনমান আগতে শিক্ষা উপদেষ্টা পদ ত্যাগ কৰিছে৷ সকলো ঠিকে ঠাকে থাকিলে অহা পহিলা মাৰ্চত অধ্যাপক মহন্ত পুনৰ আগৰ পদলৈ উভতি যাব৷ অৰ্থাৎ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক পদত পুনৰ যোগ দিব৷ আন এটা সূত্ৰই জনোৱা মতে, অধ্যাপক মহন্তই অসমৰ বাহিৰৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত এটা গুৰুত্বপূৰ্ণ পদত যোগদান কৰিব, আৰু সেইসূত্ৰে অধ্যাপক মহন্তই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ অনুমতি সাপেক্ষে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা পদ ত্যাগ কৰিছে৷