Logo
image

আৰম্ভ হ’ব ‘বসুন্ধৰা-৩’

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ফেব্ৰুৱাৰীঃ ১৬ ফেব্ৰুৱাৰীত সমাপ্ত হ’ব বসুন্ধৰা-২৷ লগে লগে আৰম্ভ কৰা হ’ব বসুন্ধৰা-৩৷ বসুন্ধৰা-২ত আবেদন কৰা যোগ্য ব্যক্তিসকলক ২৩-২৯ ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব মাটিৰ পট্টা৷  মুখ্যমন্ত্ৰী-মন্ত্ৰীয়ে জিলাই জিলাই সভা পাতি বিতৰণ কৰিব মাটিৰ পট্টা৷ সোমবাৰে অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত৷ অসম মালা-২ৰ অধীনত ১২টা প্ৰকল্পৰ বাবে ১৫১০.৯৮ কোটি টকাৰ আবণ্টনত অনুমোদন জনায় কেবিনেটে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত মতে পহিলা মাৰ্চৰ পৰা ১০ মাৰ্চলৈ বিকাশ যাত্ৰা আৰম্ভ কৰা হ’ব৷ বিভিন্ন প্ৰকল্পৰ ভূমিপূজন আৰু শিলান্যাস কাৰ্যসূচী লোৱা হ’ব৷ ২৩ হাজাৰ কোটি টকাৰ ২,৭৭৬টা প্ৰকল্পৰ কাম আৰম্ভ কৰা হ’ব৷ তাৰ ভিতৰত ৯৬৪টা প্ৰকল্পৰ ভূমিপূজন কৰা হ’ব৷ বাকীকেইটা সম্পূৰ্ণ হোৱা প্ৰকল্প মুকলি কৰা হ’ব৷ আপোন ঘৰ আঁচনিৰ জৰিয়তে এতিয়ালৈ ৰাজ্যৰ ৩৭,৬২৬জন কৰ্মচাৰীয়ে ৫,০২২ কোটি টকাৰ ঋণ লাভ কৰিছে৷ কৰ্মচাৰীসকলে ঋণ লাভ কৰাত সহায় কৰিবলৈ ২০২৩-২৪ বৰ্ষত ১০৭.৩০ কোটি টকা অনুমোদন জনায় কেবিনেটে৷ সোমবাৰে বিয়লি অনুষ্ঠিত কেবিনেটত বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা বাজেটৰ বাবে বিশেষভাৱে ধন্যবাদ জনায়৷