Logo
image

সঘনাই ডিঙি শুকাই যোৱা যেন লাগিলে ই কোনো ৰোগৰো লক্ষণ হ’ব পাৰে

সঘনাই ডিঙি শুকাই যোৱা যেন অনুভৱ হ’লে তাক কেতিয়াও গুৰুত্ব নিদিয়াকৈ নাথাকিব৷ যেহেতু ই কোনো ৰোগৰো ইংগিত হ’ব পাৰে৷ সাধাৰণতে ৰাতি শোৱাৰ পাছত সাৰ পালে পিয়াহ লগাতো স্বাভাৱিক কিন্তু ৰাতি শুবলৈ যোৱাৰ পাছত সঘনাই ডিঙি শুকাই যোৱা যেন অনুভৱ হ’লে কেইটামান দিশত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে৷ 
- অনেক সময়ত মানুহে বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ বাবে ঔষধ সেৱন কৰে৷ দীৰ্ঘদিন ধৰি এইদৰে ঔষধ সেৱন কৰাৰ বাবেও নিশা শোৱাৰ সময়ত বা টোপনিৰ পৰা সাৰ পালেই ডিঙি শুকাই যোৱা যেন ভাব হ’ব পাৰে৷ শীতকালত এইদৰে ডিঙি শুকাই যোৱা অনুভৱ বেছিকৈ হ’ব পাৰে৷ 
- অনেক মানুহে টোপনিৰ সময়ছোৱাত মুখেৰে উশাহ-নিশাহ লয়৷ অনেক সময় ধৰি এইদৰে মুখেৰে উশাহ-নিশাহ  লোৱাৰ বাবেও ডিঙি শুকাই যাব পাৰে৷
- নিয়মিত ধূমপান বা মদ্যপানৰ বাবেও এনে হ’ব পাৰে৷  অলপতে প্ৰকাশ পোৱা এক গৱেষণা পত্ৰিকাত উল্লেখ কৰা হৈছে যে নিয়মিত ধূমপান বা মদ্যপান কৰিলে মুখৰ ভিতৰত লেলাউটিৰ উৎপাদন হ্ৰাস পায়৷ তাৰ বাবেই এনে সমস্যা হ’ব পাৰে৷ 
- ডায়েবেটিছজনিত ৰোগত ভুগিলেও ডিঙি শুকাই যোৱা যেন অনুভৱ হ’ব পাৰে৷ টোপনিৰ মাজতে যদি মুখ শুকাই যায়, তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷