Logo
image

JEEত আজমল ছুপাৰ ৪০ৰ বৃহৎ সফলতাঃ ৩৬ জনৰ স্থান লাভ, ৯৯.৩৩% নম্বৰ লাভ চন্দন জ্যোতি মোহনৰ

ডিজিটেল সংবাদ, হোজাই, ১৩ ফেব্ৰুৱাৰীঃ শৈক্ষিক ক্ষেত্ৰখনত আজমলৰ জয়যাত্ৰা অব্যাহত আছে৷ আজমল আই এ এছ একাডেমীৰ অভূতপূৰ্ব সফলতাৰ পিছতে আজমল ছুপাৰ ৪০ৰ JEE( MAINS)ত বৃহৎ সফলতা। সদ্য ঘোষিত JEE (MAIN)ৰ ফলাফলত ৯৯.৩৩% নম্বৰ লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে চন্দন জ্যোতি মোহনে। 

JEE ফলাফলত আজমল ছুপাৰ ৪০ৰ ৩৬জনে স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ আজমল ছুপাৰ ৪০ৰ পৰা ক্ৰমে নাজমুজ চাকিব ৯৯.২৯ পাৰ্চেন্টাইল , মাৰুফ ইমতিয়াজ ৯৯.২৩ পাৰ্চেন্টাইল, মুমিনাৰা ইয়াছমিন ৯৮.৯৮ পাৰ্চেন্টাইল, মেহদি হাচান ৯৮.৮ পাৰ্চেন্টাইল আৰু কৰণ বড়োৱে ৯৮.৫৪ পাৰ্চেন্টাইলৰ লগতে ২৭গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে ৯০ৰো ওপৰত পাৰ্চেন্টাইল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে। 

আনহাতে মৃদুপৱন কলিতাক আজমল ফাউণ্ডেচনে সম্পূৰ্ণ বিনামূলীয়াকৈ পাঠদানৰ সুবিধা কৰি দিছিল৷ অৱশেষত কলিতাই ৯৫.০৫ পাৰ্চেন্টাইল লাভ কৰিবলৈ সক্ষম হয়। সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক  আজমল পৰিয়াল ও আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খচৰুল ইছলাম অভিনন্দন জ্ঞাপন কৰে। আজমল ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত আজমল ছুপাৰ ৪০ৰ মূখ্য কাৰ্যালয়ত সফলতা অৰ্জন কৰা শিক্ষাৰ্থীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে আজমল ফাউণ্ডেচনৰ মহা প্ৰৱন্ধক এম আৰ এইচ আজাদ আৰু প্ৰৱন্ধক জাহিদুক হক চৌধুৰীয়ে।