Logo
image

পৰিষ্কাৰ চহৰ

দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰৰ বিষয়ে উল্লেখ কৰিলে প্ৰথমেই মনলৈ আহে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰৰ নাম৷ ক্ৰমাগত সপ্তম বৰ্ষৰ বাবে দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰ হিচাপে স্বীকৃত হৈছে ইন্দোৰ৷ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত চহৰখনত অনুকৰণীয় পদক্ষেপ লোৱা হৈছে৷ ইন্দোৰক আৱৰ্জনামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত যি আঁচনি লোৱা হৈছে,  তাৰ অনুকৰণত কুৱেইটতো দেশখনৰ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইন্দোৰক আৱৰ্জনামুক্ত কৰি ৰখাৰ ক্ষেত্ৰত কতৃৰ্পক্ষই সৰ্বসাধাৰণৰ মাজতো সচেতনতা সৃষ্টি কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ ইন্দোৰ চহৰৰ বাট-পথত এতিয়া আৱৰ্জনা পৰি থকা দৃষ্টিগোচৰ নহয়৷ আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে যে ইন্দোৰ চহৰত ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰা অথবা মলত্যাগ কৰাটো এটা অপৰাধ৷ এই নিয়ম ভংগ কৰা লোক কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়৷ ইন্দোৰ চহৰখনক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত চহৰখনৰ পৌৰ নিগমৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ পৌৰ নিগমে চহৰখন আৱৰ্জনামুক্ত কৰি ৰখাৰ বাবে যিবোৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰিছে, তাত সৰ্বসাধাৰণৰো সহযোগিতা আছে৷ ইন্দোৰৰ পৌৰ নিগমৰ তথ্য অনুসৰি চহৰখনৰ আৱৰ্জনা সংগ্ৰহ আৰু নিষ্কাশন প্ৰক্ৰিয়াত বিশেষ সফলতা লাভ কৰিব পৰা হৈছে৷ প্ৰতিদিনেই চহৰখনত ৬৮৩ টন শুকান আৱৰ্জনা, ৬৯২ টন ভিজা আৱৰ্জনা আৰু ১৭৯ টন প্লাষ্টিক আৱৰ্জনা সংগ্ৰহ কৰা হয়৷ চহৰৰ বাসিন্দাৰ ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহৰো নিয়ম আছে আৰু তাৰ বাবে বিশেষধৰণৰ বাহন ব্যৱহাৰ কৰা হয়৷ ইন্দোৰত ৰাজহুৱা স্থানত থু পেলোৱাতো নিষেধাজ্ঞা আছে আৰু এই নিয়ম উলংঘা কৰাসকলে নূ্যনতম ২৫০ টকাৰ জৰিমনা ভৰিব লাগে৷
বছৰ বছৰ ধৰি দেশৰ সবাতোকৈ পৰিষ্কাৰ চহৰৰ স্বীকৃতি লাভ কৰাটো ইন্দোৰবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে আৰু সেয়েহে  চহৰখনক পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত চৰকাৰ আৰু বেচৰকাৰী সংস্থাবোৰে লোৱা পদক্ষেপৰ প্ৰতি তেওঁলোকে সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াই আহিছে৷ এটা কথা অনস্বীকাৰ্য যে চহৰ এখন অথবা গাঁও এখন পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব কেৱল চৰকাৰ আৰু চৰকাৰী বিভাগবোৰৰে নহয়, এইক্ষেত্ৰত সৰ্বসাধাৰণৰ লগতে স্বেচ্ছাসেৱী সংগঠনবোৰৰো সমানেই দায়িত্ব আছে৷ এইক্ষেত্ৰত মেঘালয়ৰ মাওলিনং এক আদৰ্শ হ’ব পাৰে, যিখন গাঁও এছিয়াৰ ভিতৰতে পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃত৷ শেহতীয়াভাৱে মাওলিনঙৰ ৰাজহুৱা স্থানত ধূমপান কৰাটোও সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে৷ গাঁও অঞ্চলৰ তুলনাত অৱশ্যে চহৰত স্বচ্ছতা অভিযানত সমস্যাও নথকা নহয়৷ এই সমস্যাবোৰ দূৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন সময়ত চৰকাৰী কতৃৰ্পক্ষ কঠিন পৰিস্থিতিৰো সন্মুখীন হ’বলগীয়া হয়৷ সঠিক পৰিকল্পনা আৰু কঠোৰ নিয়মেৰে এই সমস্যবোৰ আঁতৰাব পৰা যাব৷ মেঘালয়ৰ মাওলিনং গাঁওখনৰ দৰে নাগালেণ্ডৰ খন’মা গাঁও, ত্ৰিপুৰাৰ ডেংমাম গাঁও আৰু মণিপুৰৰ মাপাও জিংশ্ব’ গাঁৱো সংশি¡ষ্ট ৰাজ্যকেইখনৰ সবাতোকৈ পৰিষ্কাৰ গাঁও হিচাপে স্বীকৃত হৈছে৷ উল্লিখিত গাঁওকেইখন শেহতীয়াভাৱে পৰ্যটনস্থল হিচাপেও গঢ় লৈ উঠিছে৷  গাৰো সম্প্ৰদায়ৰ বসতিপ্ৰধান গোৱালপাৰা জিলাৰ ৰাংছাপাৰা নামৰ গাঁওখনেও অসমৰ সবাতোকৈ পৰিষ্কাৰ চহৰৰ স্বীকৃতি পাইছে৷ গাঁওখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত গাঁওবাসীয়েই আগভাগ লয়৷ গাঁওখনৰ প্ৰতিজন আৱাসী এই কামত নিয়োজিত হ’ব লাগে৷ এই নিয়ম অমান্য কৰাজনে জৰিমনা ভৰিবলগীয়া হয়৷ অসমৰ সবাতোকৈ পৰিষ্কাৰ জিলা হিচাপে স্বীকৃতি পাইছে ডিমা হাছাঙে৷
এটা কথা স্বীকাৰ্য যে এখন গাঁও অথবা চহৰ পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত হিচাপে স্বীকৃত হোৱাৰ ক্ষেত্ৰত কেৱল চৰকাৰী নীতি-নিৰ্দেশনাই যথেষ্ট নহয়, এইক্ষেত্ৰত প্ৰয়োজন সৰ্বসাধাৰণৰ সহযোগিতাও৷ নিজৰ ঘৰখন পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত যিদৰে সকলো যত্নপৰ হয়, ঠিক সেইদৰে নিজ নিজ চুবুৰি আৰু গাঁওখন পৰিষ্কাৰ কৰি ৰখাটোও সকলোৰে কৰ্তব্য৷ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখস্বৰূপ গুৱাহাটীক পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা দেখা যায় যদিও এইক্ষেত্ৰত সম্পূৰ্ণ সফলতা দাবী কৰিব পৰা হোৱা নাই৷ ইয়াৰ বাবে গুৱাহাটীবাসীৰ আওকণীয়া মানসিকতাও অৱশ্যে বহু পৰিমাণে জগৰীয়া৷ দুৰ্ভাগ্যজনক কথাটো হৈছে যে চহৰখনৰ মূল সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত সঠিক পৰিকল্পনা আৰু আঁচনিৰ অভাৱ৷ অনাময় ব্যৱস্থাৰ লগতে প্ৰদূষণমুক্ত পৰিৱেশ গঢ়ি তোলা আৰু আৱৰ্জনামুক্ত কৰি ৰাখিব পাৰিলেহে সৌন্দৰ্যবৰ্ধন আঁচনি সফল হোৱা বুলি ক’ব পৰা যাব৷ তাৎপৰ্যপূৰ্ণ যে ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ ৰাজ্যৰ তালিকাৰ শীৰ্ষৰ দহখনৰ মাজত নাই অসমৰ স্থান৷ তাৰ বিপৰীতে দেশৰ ভিতৰতে অন্যতম পৰিষ্কাৰ ৰাজ্যৰ স্বীকৃতি পাইছে উত্তৰ-পূৰ্বাঞ্চলৰে ছিকিমে৷ গুৱাহাটীক পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ হ’লে চৰকাৰ আৰু সংশ্লিষ্ট কতৃৰ্পক্ষই ইন্দোৰক অনুকৰণ কৰিব পাৰিব লাগিব৷ এইক্ষেত্ৰত  প্ৰয়োজন চৰকাৰৰ সদিচ্ছা আৰু সৰ্বসাধাৰণৰ সহযোগিতা৷ গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ লগতে চহৰখনৰ আন সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰতো চৰকাৰে সদিচ্ছা দেখুৱাব লাগিব৷ তেতিয়াহে দেশৰ আকৰ্ষণীয় চহৰৰ তালিকাত স্থান পাব গুৱাহাটীয়ে৷