Logo
image

প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমূৰৰ দেহাৱসান

আমাৰ অসম, ২৮ ছেপ্তেম্বৰঃ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰৰ দেহাৱসান৷ ৮৩ বছৰ বয়সত পৰলোক-প্ৰাপ্তি হয় অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ৷ অসম আন্দোলনৰ সময়ত এগৰাকী ৰাজনৈতিক নেত্ৰী হিচাপে বিশেষ ভূমিকা লৈছিল প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে৷ ১৯৮০ চনৰ ৬ ডিচেম্বৰ পৰা ১৯৮১ চনৰ ৩০ জুনলৈকে অসমৰ মুখ্যমন্ত্ৰী হিচাপে আছিল আনোৱাৰা টাইমুৰ৷ সোমবাৰে পুত্ৰৰ অষ্ট্ৰেলিয়াস্থিত বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে৷