Logo
image

কোটিটকীয়া ছেট, ৰাছিয়ান ডাঞ্চাৰ...অসমীয়া চলচ্ছিত্ৰত উৎসাহ বাঢ়িছে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৭ ফেব্ৰুৱাৰীঃ অসমত এতিয়া কোটি টকীয়া বিগ বাজেটৰ ছবিৰ ধুম উঠিছে৷ অসমীয়া ছবিৰ শেহতীয়া উত্থানত বিগ বাজেটৰ ছবি নিৰ্মাণ কৰিবলৈ হেঁতা-ওপৰা লগোৱা পৰিলক্ষিত হৈছে প্ৰযোজক-পৰিচালকক৷ বিগ বাজেটৰ অসমীয়া ছবি ৰঘুপতিৰ বাণিজ্যিক সফলতাৰ পাছতেই ৰঘুপতি-২ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰিছিল অভিনেতা ৰবি শৰ্মাই৷ কিন্তু ৰঘুপতিৰ লভ্যাংশক লৈ প্ৰযোজকৰে হোৱা সংঘাতৰ পৰিণতিত এইবাৰ বিতৰ্কিত ব্যবসায়ী তথা প্ৰযোজক শৈলেন শৰ্মাই নিজৰ প্ৰডাকশ্বনৰ নৱতম ছবি ‘অগ্নিবাণ’ত ৰবি শৰ্মাৰ পৰিৱৰ্তে নায়কৰ চৰিত্ৰৰ বাবে বাছনি কৰিছে অভিনেতা যতীন বৰাক৷ প্ৰযোজকে ৰঘুপতিৰ পূৰ্বৰ পৰিচালকৰ পৰিৱৰ্তে নতুন ছবিখনৰ পৰিচালনাৰ দায়িত্ব দিছে মৃন্ময় অৰুণ শইকীয়াক৷ ইতিপূৰ্বে গুৱাহাটী প্ৰেছ ক্লাৱত অভিনেতা যতীন বৰাই শৈলেন শৰ্মাৰ প্ৰযোজিত ‘অগ্নিবাণ’ৰ নিৰ্মাণৰ কথা সংবাদ মেলযোগে ৰাজহুৱা কৰিছে৷ অৱশ্যে অভিনেতাজনৰ এই ঘোষণাৰ পাছতেই সামাজিক মাধ্যমত নেটিজেনৰ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে যতীন বৰা৷ ইফালে ৰাজ্যত এতিয়া পূণ্যদমে চলি আছে বিগ বাজেটৰ আন এখন অসমীয়া ছবি বীৰাংগণা সাধনী৷ চুতীয়া উন্নয়ন পৰিষদৰ পুঁজিৰে শ্বুটিং অব্যাহত থকা বীৰাংগণা সাধনীৰ পৰিচালক হৈছে ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা প্ৰাপক বিশ্বজিৎ বৰা৷ বৰ্তমান গুৱাহাটীৰ জ্যোতি চিত্ৰবনত কোটি টকীয়া ছেটত শ্বুটিং চলি আছে ঐতিহাসিক পটভূমিত  নিৰ্মিত বীৰাংগনা সাধনীৰ৷ অসমীয়া ছবিত পূৰ্বে বলিউডৰ নামি-দামী শিল্পীয়ে অভিনয় কৰিছে যদিও এইবাৰ বিগ বাজেটৰ এখন অসমীয়া ছবিত দেখা যাব বিদেশী শিল্পীকো৷ বৰ্তমান অসমত শ্বুটিং চলি থকা এই ছবিখনৰ আইটেম ছঙত অভিনয় কৰিছে এগৰাকী ৰাছিয়ান ডান্সাৰে৷ অচিন্ত শংকৰৰ কাহিনী আৰু পৰিচালনাৰে শ্ববনমছ এণ্টাৰটেইনমেণ্টনৰ বেনাৰত নিৰ্মিত ছবিখনৰ নাম অভিমন্যু৷ বিগ বাজেটৰ এই ছবিখনত জুবিন গাৰ্গ আৰু দেবজিৎ মজুমদাৰে অভিনয় কৰিছে৷ ১৫ লাখ টকীয়া ছেটত কৰিঅ’গ্ৰাফাৰ দীপক দে’ৰ নিৰ্দেশতাত এটা বিশেষ গানত ৰাছিয়ান সুন্দৰীগৰাকীয়ে অভিনয় কৰিছে৷ শেহতীয়াকৈ যতীন বৰাৰ ৰাঘৱক চলচ্ছিত্ৰানুৰাগীয়ে বিশেষ সঁহাৰি জনোৱা নাছিল যদিও দৰ্শকৰ অনি(য়তাৰ মাজতে এজনৰ পাছত এজন প্ৰযোজক-পৰিচালকে ছবি নিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহা কাৰ্যই অসমীয়া ছবি উদ্যোগলৈ আশাৰ বতৰা কাঢ়িয়াই আনিছে৷ অসমত এতিয়া অতি কমেও কুৰিখন ছবিৰ নিৰ্মাণ অব্যাহত আছে বুলি জানিব পৰা গৈছে৷