Logo
image

জৰুৰী অৱস্থাক লৈ ৰূপালী গল্পঃ কংগনাৰ বহুচৰ্চিত ছবি ‘ইমাৰ্জেন্সি’

বলীউডৰ বিতৰ্কিত নায়িকা কংগনা ৰাণাৱটৰ নতুন হিন্দী ছবি ‘ইমাৰ্জেন্সি’ৰ মুক্তিৰ দিন ঘোষণা কৰা হৈছে৷ দেওবাৰে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত সৰৱ ভূমিকা গ্ৰহণ কৰি দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ‘বলীউড কুইন’ কংগনাই৷ অনুষ্ঠানৰ পাছদিনাই অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ইমাৰ্জেন্সিৰ এক নতুন পোষ্টাৰ শ্বেয়াৰ কৰিছিল৷ ছবিখনৰ প্ৰযোজনা পৰিচালনাও কংগনাৰ নিজা৷ পোষ্টাৰত কংগনাক দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ বেশত দেখা গৈছে৷ পোষ্টাৰখনৰ কেপচনত বলীউডৰ ‘কন্ট্ৰ'ভাৰ্চি কুইন’ কংগনাই লিখিছে– ‘ভাৰতৰ অন্ধকাৰময় সময়ক কাহিনী পোহৰলৈ আহিছে৷ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আৰু সাহসী প্ৰধানমন্ত্ৰী ইন্দিৰাগান্ধী৷ ১৪ জুনত ইমাৰ্জেন্সি চিত্ৰগৃহলৈ আহিব৷’ এক সাক্ষাৎকাৰত বলীউড কুইনে কৈছে– ‘ইমাৰ্জেন্সি মোৰ এক স্বপ্নৰ প্ৰজেক্ট৷ ‘মণিকৰ্ণিকা’ৰ পাছত মোৰ দ্বাৰা পৰিচালিত এইখন দ্বিতীয় ছবি৷ মোৰ এই বিগ বাজেটৰ ছবিখনত ড্ৰামাৰ কাৰণে শ্ৰেষ্ঠ ভাৰতীয় আৰু আন্তৰ্জাতিক প্ৰতিভাক একত্ৰিত কৰি কাম কৰা হৈছে৷ ১৪ জুনত মুক্তি পাব লগা ইমাৰ্জেন্সি জি ষ্টুডিঅ’ আৰু মণিকৰ্ণিকা ফিল্মছৰ বেনাৰত নিৰ্মিত এখন বিগ বাজেটৰ ছবি৷ ছবিখনৰ চিত্ৰনাট্য তৈয়াৰ হৈছে ভাৰতীয় গণতন্ত্ৰ ইতিহাসৰ আটাইতকৈ বিতৰ্কিত অধ্যায় ‘ইমাৰ্জেন্সি বিষয়ৰ ওপৰত ভিত্তি কৰি৷ ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ ইতিহাসৰ অন্ধকাৰময় জৰুৰী অৱস্থাৰ অধ্যায়টি দেশৰ নৱ-প্ৰজন্মই জনাটো অতি দৰকাৰী বুলি কংগনাই সাক্ষাৎকাৰত কয়৷ ছবিখনৰ সৈতে অসমৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ কাৰণ কাজিৰঙা, কাৰ্বি আংলং, তেজপুৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত ছবিখনৰ শ্বুটিং হৈছিল৷ ইন্দিৰা গান্ধীৰ জীৱনভিত্তিক ছবিখনত কংগনাই এককভাৱে পৰিচালনা কৰাৰ লগতে মুখ্য চৰিত্ৰত অভিনয়ো কৰিছে৷ ইমাৰ্জেন্সিত অনুপম খেৰ, সতীশ কৌশিক, মহিমা চৌধুৰী, মিলিন্দ সুমন, শ্ৰেয়াছ তালৰ আদিয়েও অভিনয় কৰিছে৷ ১৯৭৫ চনৰ দেশৰ ইমাৰ্জেন্সি সময়ৰ বহু বিচিত্ৰ কাহিনী ৰূপালী পৰ্দাৰযোগে দৰ্শকৰ সন্মুখলৈ আহিব ছবিখনৰ যোগেদি৷ ইতিমধ্যে ছবিখনৰ টিজাৰ আৰু টেইলাৰ প্ৰকাশ পাইছে৷