Logo
image

মুক্তিৰ পূৰ্বেই ৰাম চৰণৰ ছবিৰ আয় ২৫০ কোটি টকা

দক্ষিণ ভাৰতীয় ছবিৰ মেগাষ্টাৰ ৰামচৰণ৷ অস্কাৰ জয়ী ছবি ‘আৰ আৰ আৰ’ৰ যোগেদি ৰামচৰণ বিশ্বৰ মনোৰঞ্জন জগততে চিনাকি মুখ হৈ পৰিছে৷ শেহতীয়াকৈ দক্ষিণ ভাৰতীয় তাৰকাজনৰ নতুন ছবি ‘গেম চেঞ্জাৰ’ সংবাদ মাধ্যমৰ শিৰোনামলৈ আহিছে৷ ২০২১ চনতে ‘গেম চেঞ্জাৰ’ নিৰ্মাণ কৰা হৈছিল৷ ৰামচৰণৰ বিপৰীতে বিগ বাজেটৰ ছবিখনত অভিনয় কৰিছে বলীউডৰ মোহময়ী অভিনেত্ৰী কিয়াৰা আদৱানিয়ে৷ এছ শংকৰ পৰিচালিত ‘গেম চেঞ্জাৰ’ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মুক্তি পাব৷ মু্‌ক্তিৰ পূৰ্বেই ছবিখনে মোটা অংকৰ ধন আয় কৰিবলৈ সক্ষম হৈছে৷  ছবিখনৰ ডিজিটেল স্বত্ব বিক্ৰী কৰা হৈছে ২৫০ কোটি টকাত৷ আশ্চৰ্যকৰ  কথাযে ছবিখনত শ্বুটিং শেষ নহওতেই ছবিখনৰ ডিজিটেল স্বত্ব ‘জি-৫’ য়ে ২৫০ কোটি টকাত ক্ৰয় কৰে৷ জানিব পৰা মতে ছবিখনত ৰামচৰণক দুটা ভিন্ন চৰিত্ৰত দেখা যাব৷ এটা চৰিত্ৰত ৰামচৰণক ‘শ্বৰ্ট টেম্পাৰ’ ৰূপত দেখা যাব আৰু আনটোত এজন ৰাজনৈতিক নেতা হিচাপে৷ পৰিচালক এছ শংকৰৰ ভাষ্য মতে ৰাম চৰণৰ ‘শ্বৰ্ট টেম্পাৰ’ চৰিত্ৰটোৱে দৰ্শকক বিশেষভাৱে মুগ্ধ কৰিব৷ ৪৫০ কোটিৰ বাজেটেৰে নিৰ্মিত ছবিখনত ৰামচৰণ, কিয়াৰা আদৱানিৰ উপৰিও জয়ৰাম, অঞ্জলি, সুনীল, শ্ৰীকান্ত, নবীন চন্দ্ৰ আদিয়ে অভিনয় কৰিছে৷