Logo
image

অনবদ্য উইলিয়ামছন

দুৰ্দান্ত ফৰ্মত আছে কেন উইলিয়ামছন৷ নিউজীলেণ্ডৰ প্ৰাক্তন অধিনায়কজনে ক্ৰিকেটৰ অভিজাত ফৰ্মেট টেষ্টৰ বিগত সাতখন খেলত খেলিছে সাতটা শতকীয় ইনিংছ৷ যোৱা বছৰৰ ফেব্ৰুৱাৰীত ইংলেণ্ডৰ বিৰুদ্ধে স্বদেশত অনুষ্ঠিত টেষ্ট শৃংখলাৰ ৱেলিংটন টেষ্টৰ প্ৰথম ইনিংছত ৪ ৰানত আউট হ’লেও দ্বিতীয় ইনিংছত ২৮২টা বলত ১২টা ‘চাৰি’ৰে সংগ্ৰহ কৰিছিল ১৩২ ৰান৷ এমাহ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে ক্ৰাইষ্টচাৰ্চত প্ৰথম ইনিংছত ৰ ৰানত আউট হ’লেও দ্বিতীয় ইনিংছত ১৯৪টা বলত এটা ‘ছিক্স’, ১১টা ‘চাৰি’ৰে অপৰাজিত আছিল ১২১ ৰানত৷ শ্ৰীলংকাৰ বিৰুদ্ধে ৱেলিংটনত অনুষ্ঠিত শৃংখলাৰ দ্বিতীয়খন টেষ্টত ২৯৬টা বলত দুটা ‘ছিক্স’, ২৩টা ‘চাৰি’ৰে খেলিছিল ২১৫ ৰানৰ অনবদ্য ইনিংছ৷ টেষ্ট কেৰিয়াৰত সেয়া আছিল উইলিয়ামছনৰ চতুৰ্থ দ্বিশতক৷ ভাৰতত অনুষ্ঠিত যোৱা বছৰৰ ৫০ অভাৰৰ বিশ্বকাপৰ পাছত বাংলাদেশ ভ্ৰমণ কৰি ছিলেট টেষ্টত উইলিয়ামছনে ২০৫টা বলত এঘাৰটা বাউণ্ডেৰীৰে সংগ্ৰহ কৰিছিল ১০৪ ৰান৷ তাৰ পাছত মীৰপুৰ টেষ্টৰ দুয়োটা ইনিংছত তেওঁৰ স্ক’ৰ আছিল ১৩ আৰু ১১ ৰান৷  নিউজীলেণ্ড ভ্ৰমণলৈ অহা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে মাউণ্ট মাউনগানুইত অনুষ্ঠিত প্ৰথম টেষ্টৰ প্ৰথম ইনিংছত ২৮৯টা বলত ১৬টা বাউণ্ডেৰীৰে তেওঁ সংগ্ৰহ কৰে ১১৮ ৰান৷ দ্বিতীয় ইনিংছত ১৩২টা বলত এটা ‘ছিক্স’, ১২টা ‘চাৰি’ৰে  খেলে ১০৯ ৰানৰ ইনিংছ৷ হেমিল্টনৰ দ্বিতীয় তথা অন্তিম টেষ্টৰ প্ৰথম ইনিংছত উইলিয়ামছনৰ বেটৰ পৰা আহিছিল ৪৩ ৰান৷ দ্বিতীয় ইনিংছত ২৬০টা বলত দুটা ‘ছিক্স’, ১২টা ‘চাৰি’ৰে ১৩৩ ৰানত অপৰাজিত থাকে উইলিয়ামছন৷
বিগত বছৰটোত সাতখন টেষ্টত উইলিয়ামছনে খেলিছে সাতটা শতকীয় ইনিংছ৷ কেৰিয়াৰৰ ৯৮খন টেষ্টত ৩৩ বছৰীয়া বেটাৰজনৰ নামত আছে ৩২টা শতক৷ টেষ্ট ক্ৰিকেটত দ্ৰুততম সময়ত ৩২টা শতক সম্পূৰ্ণ কৰা ৰেকৰ্ড এতিয়া উইলিয়ামছনৰ নামত৷ এইক্ষেত্ৰত তেওঁ অতিক্ৰমী যায় অষ্টে˜লিয়াৰ ষ্টিভেন স্মিথক৷ স্মিথক ৩২টা শতক সম্পূৰ্ণ কৰাৰ বাবে প্ৰয়োজন হৈছিল ১৭৪টা ইনিংছ৷ আনহাতে, উইলিয়ামছে কেৰিয়াৰৰ ৩২সংখ্যক শতকীয় ইনিংছটো খেলিছিল ৯৮খন টেষ্টৰ ১৭২সংখ্যক ইনিংছত৷ এই প্ৰদৰ্শনেৰে তেওঁ ৰিকী পণ্টিং, শচীন তেণ্ডুলকাৰৰ দৰে বেটাৰকো অতিক্ৰমী গৈছে৷ উইলিয়ামছৰ পাছত দ্ৰুততম সময়ত ৩২ সংখ্যক শতক সম্পূৰ্ণ কৰা বেটাৰৰ তালিকাত আছে ষ্টিভেন স্মিথ (১৭৪ ইনিংছ), ৰিকী পণ্টিং (১৭৬ ইনিংছ), শচীন তেণ্ডুলকাৰ (১৭৯ ইনিংছ) আৰু ইউনিছ খান (১৮৩ ইনিংছ)৷