Logo
image

ভোটাৰৰ হাঁহি

একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰী শাসনেৰে সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিছে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনে৷ তেওঁ শাসনত অধিষ্ঠিত হোৱাৰে পৰা ৰাষ্ট্ৰখনত নিৰ্বাচন সম্পৰ্কীয় বহু সংশোধন কৰা হ’ল৷ সেই মৰ্মে দেশখনত অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহত প্ৰতিখন আসনতে মাথোঁ এজনহে প্ৰাৰ্থী থাকিব৷ দেশৰ প্ৰতিজন নাগৰিকে ভোটদান কৰাটো বাধ্যতামূলক আৰু বেলট পেপাৰত প্ৰাৰ্থীৰ নাম লিখি ভোটাৰে বেলট বাকচত ভৰাই থৈ আহিব লাগিব৷ কোনো ব্যক্তিৰ প্ৰাৰ্থীৰ যোগ্যতা সম্পৰ্কে সন্দেহ থাকিলে ব্যক্তিজনে অৰ্থাৎ ভোটাৰজনে তেওঁৰ নামটো কলমেৰে কাটি থৈ আহিব পাৰিব যদিও আশ্চৰ্যজনকভাৱে সেই ভোটাৰজনক পৰৱৰ্তী নিৰ্বাচনত ‘মানসিক ভাৰসাম্যহীন’ ব্যক্তিৰূপে আখ্যা দিয়াৰ লগতে কাৰাদণ্ড পৰ্যন্ত শাস্তি প্ৰদান কৰা হয়৷ উত্তৰ কোৰিয়া সম্পৰ্কে বিশেষজ্ঞ ফিঅডৰ টেৰটিটিস্কিৰ মতে দেশৰ সাধাৰণ নিৰ্বাচনৰ দিনা শাসক পৰিয়াল তথা ৰাষ্ট্ৰপ্ৰধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ ভোটদান কেন্দ্ৰত ভোটাৰসকলে সময়মতে উপস্থিত থাকিব লাগিব৷ অতি আমোদজনক কথা হ’ল ভোটাৰসকলে উত্তৰ কোৰিয়াৰ মহাজ্ঞানী শাসক তথা নেতৃত্বক ভোট দি যে অতি আনন্দিত হৈছে সেই কথা তেওঁলোকৰ মুখমণ্ডলত প্ৰকাশ পাব লাগিব৷ অৰ্থাৎ ভোটাৰে ভোটদান কৰি হাঁহিমুখে ঘূৰি আহিব লাগিব৷ কোৱা বাহুল্য উত্তৰ কোৰিয়াৰ অত্যাচাৰী ৰাষ্ট্ৰপতি কিম জং উনৰ নেতৃত্বত দেশখনৰ ‘গণতন্ত্ৰ’ এনেদৰেই চলি আছে আৰু বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰসমূহ বা ৰাষ্ট্ৰসংঘ কাৰোৰে সাধ্য নাই এনে ব্যৱস্থা পৰিৱৰ্তন কৰাৰ৷ বিশ্বৰ বহু কেইখন দেশত ৰাজতন্ত্ৰ এতিয়াও অব্যাহত আছে যদিও কোনো দেশেই কোৰিয়াৰ দৰে শাসন চলোৱাৰ কথা ভাবিবও নোৱাৰে৷ উত্তৰ কোৰিয়াৰ দৰে নহ’লেও অৱশ্যে চীন, ৰাছিয়া, ছিৰিয়া, আফ্ৰিকীয় দুই এখন ৰাষ্ট্ৰত সম্প্ৰতি ৰাষ্ট্ৰপ্ৰধানেই সৰ্বময়কৰ্তা হৈ পৰিছে৷ তেনে দিশৰ পৰা চাবলৈ গ’লে ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ভেটিটো বহু সৱল, কেন্দ্ৰ-ৰাজ্য উভয়তে হোৱা সাধাৰণ নিৰ্বাচনসমূহ নিৰ্বাচন আয়োগৰ নেতৃত্বত বহু কঠোৰ বিধি-ব্যৱস্থাৰ মাজেৰে সম্পাদন কৰা হয় আৰু সংখ্যাগৰিষ্ঠ দলৰ নেতৃত্বত বা কেতিয়াবা মিত্ৰজোঁটৰ অংশ গ্ৰহণেৰে চৰকাৰসমূহ গঠন হয়৷ অৱশ্যে মাজে সময়ে কেন্দ্ৰত চৰকাৰ চলোৱা মূল ব্যক্তিজন অৰ্থাৎ প্ৰধানমন্ত্ৰী, ৰাজ্যত মুখ্যমন্ত্ৰী বা আন মন্ত্ৰী এনে পৰ্যায়লৈ শক্তিশালী হৈ পৰে যাৰ ফলত তেওঁৰ ইচ্ছাই যেন জনগণৰ ইচ্ছা তাৰেই প্ৰতিফলন কৰা হয়৷ লক্ষণীয়ভাৱে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী কেতিয়াবা আনৰ হাতৰ পুতলা বা আনৰ দ্বাৰা নিয়ন্ত্ৰিত হোৱাৰ বাবে শাসন ব্যৱস্থাত কেৰোণ লগাৰ উদাহৰণো দেশত দেধাৰ৷ ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী ৰূপে দেশত জৰুৰী অৱস্থা ঘোষণাকে ধৰি আন বহু কেইটা সিদ্ধান্তক লৈ আজিও বিতৰ্ক অব্যাহত আছে৷ ড॰ মনমোহন সিঙৰ নেতৃত্বৰ দুটা শাসনকালত দেশৰ আৰ্থ-সামাজিক দিশত বহুবোৰ যোগাত্মক পৰিৱৰ্তন ঘটিছিল৷ মুক্ত অৰ্থনীতিৰ ব্যাপক প্ৰয়োগৰ দ্বাৰা এক জটিল সময়ত তেওঁ লোৱা ভূমিকাৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিশিষ্ট অৰ্থনীতিবিদজন বিশ্বজুৰি প্ৰশংসিত হৈছিল৷ কিন্তু তদানীন্তন কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ছোনিয়া গান্ধীৰ হাতৰ পুতলা বুলি ড॰ সিং বহুবাৰ সমালোচনাৰ সন্মুখীন হৈছিল আৰু তেওঁৰ দ্বিতীয়টো শাসনকালত ২জি স্প্ৰেকট্ৰাম, কলগেট কেলেংকাৰীকে মুখ্য কৰি বহু দুৰ্নীতি, অনিয়মত কংগ্ৰেছ দলৰ নেতা-মন্ত্ৰী জড়িত হোৱাক লৈ ড॰ সিঙৰ ভাৱমূৰ্তি অৱনমিত হৈছিল৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰ্যন্ত এটা নিকা ভাৱমূৰ্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত সফল হৈছে যদিও বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত সম্পূৰ্ণ এককভাৱে গ্ৰহণ কৰি তেওঁ কেৱল ‘মোদীকেন্দ্ৰিক’ চিন্তাৰ জন্মৰে সকলো নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছে৷ বিমুদ্ৰাকৰণ, জি এছ টি প্ৰয়োগৰ ঘোষণা সম্পৰ্কে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বহু সতীৰ্থই অৱগত নাছিল বুলি সেই সময়ত গুণগুণনি শুনা গৈছিল৷ পশ্চিমবংগত মমতা বেনাৰ্জী, তামিলনাডুত প্ৰয়াত জয়াললিতা, অন্ধ্ৰ প্ৰদেশত প্ৰয়াত এন টি ৰামাৰাও আদিকে মুখ্য কৰি ৰাজ্যৰ প্ৰাক্তন আৰু বৰ্তমানৰ বহুকেইজন মুখ্যমন্ত্ৰীৰ ভূমিকাৰ বিষয়ে ৰাইজ জ্ঞাত৷ অসমত ড॰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী নহ’লেও পূৰ্বৰ কংগ্ৰেছৰ আমোলা আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ সময়ত কিমান শক্তিশালী ভূমিকা পালন কৰি আছে সেই সম্পৰ্কে ব্যাখ্যাৰ প্ৰয়োজন নাই৷ শাসক, মন্ত্ৰী শক্তিশালী হোৱাত ৰাইজৰ আপত্তি নাই৷ কিন্তু কথা হ’ল তেওঁলোক শক্তিশালী হৈ ৰাইজৰ আশা-আকাংক্ষাবোৰ পূৰণ কৰিছেনে নাই৷ কোৰিয়াত ভোটদান কৰি ভোটাৰক হাঁহিমুখে ঘূৰি আহিবলৈ বাধ্য কৰোৱা হয়৷ আমাৰ দেশত ভোটাৰে ভোট দিও হাঁহিমুখে আহক৷ কিন্তু সেই হাঁহিত যেন আন্তৰিকতা থাকে৷ তাতেই শাসকৰ সাফল্য নিহিত থাকিব৷