Logo
image

মাতৃ হোৱাৰ দিশে দীপিকা পাডুকন

ডিজিটেল ডেস্কঃ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনৰ অনুৰাগীৰ বাবে সুখবৰ৷ আৰু সাত মাহৰ পাছতে তেওঁ মাতৃ হ’ব৷ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ খবৰ ৰাজহুৱা কৰাৰ পাছতে তেওঁৰ অনুৰাগীৰ মাজত আনন্দৰ বন্যা বয়৷ চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত দীপিকা আৰু ৰণবীৰ সিং পিতৃ-মাতৃ হ’ব৷ গতিকে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীয়ে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য, যোৱা কেইবাদিনৰ পৰাই দীপিকা পাডুকন অন্তঃসত্ত্বা হোৱাৰ খবৰে ব্যাপক চৰ্চা লাভ কৰি আহিছিল৷ কাৰণ ‘বাফটা’ বঁটা প্ৰদান অনুষ্ঠানত তেওঁৰ ‘বেবী বাম্প’ বহুতে প্ৰত্যক্ষ কৰিছিল৷ কিন্তু সেয়া কিমানদূৰ সত্য, তাক লৈ সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছিল৷ এতিয়া খোদ দীপিকা পাডুকনে এই কথাৰ সত্যতা স্বীকাৰ কৰাৰ পাছতে অনুৰাগীসকল আনন্দিত হয়৷ লগতে বলীউডৰ চেলিব্ৰিটীসকলেও দুয়োকে শুভেচ্ছা জ্ঞাপন কৰে৷ উল্লেখ্য, ২০১৮ চনত দীপিকা পাডুকন আৰু ৰণবীৰ সিঙৰ বিয়া হৈছিল৷