Logo
image

উপসাগৰীয় দেশত নিষিদ্ধ আৰ্টিকল- ৩৭০

বলীউডৰ মোহময়ী অভিনেত্ৰী য়ামি গৌতম অভিনীত একচন পলিটিকেল থ্ৰিলাৰ ছবি ‘আৰ্টিকল’-৩৭০ উপসাগৰীয় দেশসমূহত নিষিদ্ধ কৰা হৈছে৷ উপ-সাগৰীয় অঞ্চলত  নিষেধাজ্ঞা জাৰি কৰা মানে হিন্দী চলচ্ছিত্ৰ উদ্যোগটোৰ বাবেই ক্ষতিকাৰক৷ কাৰণ উপসাগৰীয় দেশসমূহত বলীউড ছবিৰ অনুৰাগীৰ সংখ্যা অগণন৷ যদিও ‘আৰ্টিকল-৩৭০’ ছবিখন দেশীয় ৰাজনীতিৰ পটভূমিত নিৰ্মিত ছবি কিন্তু বিদেশী বক্স অফিচত ছবিখনৰ ব্যৱসায় ভাল৷ দৰ্শক-সমালোচকে একেমুখে ছবিখন প্ৰশংসা কৰিছে৷ ‘আৰ্টিকল-৩৭০’ ছবিখনৰ পূৰ্বে হৃত্বিক ৰোচন আৰু দীপিকা পাডুকন অভিনীত ছবি ‘ফাইটাৰ’ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ (ইউএই)  বাহিৰে আন আন উপসাগৰীয় দেশসমূহত মুক্তি নাপালে৷ যাৰ বাবে ছবিখনে বহু দৰ্শকক হেৰুৱাব লগা হয়৷ আদিত্য সুহাছৰ দ্বাৰা পৰিচালিত জ্যোতি দেশপাণ্ডে, আদিত্য ধৰ আৰু লোকেশ ধৰে প্ৰযোজনা কৰা ‘আৰ্টিকল-৩৭০’ ছবিখনত য়ামি গৌতমে এগৰাকী চোৰাংচোৱাৰ কৰ্মকৰ্তা জুনি হকচাৰৰ চৰিত্ৰত অভিনয় কৰিছে৷ কাশ্মীৰ উপত্যকাৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছে৷ ৩৭০ অনুচ্ছেদৰ অধীনত জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা অপসাৰণক লৈ ছবিখনৰ কাহিনী প্ৰস্তুত কৰা হৈছে৷ উল্লেখ্য, ২০১৯ বৰ্ষৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ জম্মু আৰু কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানকাৰী ৩৭০ অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে বিভক্ত কৰে৷ জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ আঁতৰ কৰাৰ সময়ত চৰকাৰে সন্মুখীন হোৱা সমস্যাসমূহ দেখুওৱা হৈছে ছবিখনত৷ ‘আৰ্টিকল-৩৭০’ ছবিখন বৰ্তমান ১,৫০৯টা চিত্ৰগৃহত চলিছে৷ ছবিখনে প্ৰথম দিনা ৫.৯ কোটি, দ্বিতীয় দিনা ৭.৪ কোটি, তৃতীয় দিনা ৯.৫০ কোটি টকা আয় কৰি চমক সৃষ্টি কৰে৷ য়ামি গৌতমৰ উপৰিও প্ৰিয়মণি, কিৰণ কৰ্মকাৰকে ধৰি বহু অভিনয় শিল্পীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷