Logo
image

ঝাৰখণ্ডত পৰ্যটকক ধৰ্ষণ কাণ্ড, দেশে-বিদেশে ধিক্কাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬ মাৰ্চঃ ঝাৰখণ্ডৰ ডুমকাত যোৱা শুকুৰবাৰে নিশা দলবদ্ধ ধৰ্ষণৰ বলি হোৱা স্পেইনৰ মহিলাগৰাকীৰ স্বামীক ততাতৈয়াকৈ স্থানীয় প্ৰশাসনে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিলেও এই জঘন্য ঘটনাই দেশে বিদেশে অভূতপূৰ্ব প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশ্বৰ আগশাৰীৰ সংবাদপত্ৰ ‘দ্য ৱাশ্বিংটন প’ষ্ট’, ‘দ্য নিউয়ৰ্ক টাইমছ’ আদিৰ দৰে সংবাদপত্ৰৰ উপৰি বিবিচি, চিএনএন আদি সংবাদগোষ্ঠীয়ে এই ঘটনাৰ খবৰ অতি গুৰুত্বসহকাৰে প্ৰচাৰ কৰি ভাৰতৰ এনে নিৰাপত্তাহীন পৰিস্থিতিক তীব্ৰ ভাষাৰে ধিক্কাৰ দিছে৷ আৰক্ষীয়ে ইতিমধ্যে ৭ অভিযুক্তৰ ৩ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু তদন্ত প্ৰক্ৰিয়া দ্ৰুতভাৱে আগুৱাই নিছে৷ স্পেইনৰ মহিলাগৰাকীৰ স্বামীৰ হাতত স্থানীয় প্ৰশাসনে ১০ লাখ টকা ক্ষতিপূৰণ হিচাপে তুলি দি ঘৃণনীয় ঘটনাটোৰ ফলত হোৱা নিন্দাৰ পৰা পৰিত্ৰাণ পোৱাৰ চেষ্টা চলাইছে৷ পিছে প্ৰশাসনৰ এনে শত চেষ্টা স্বত্ত্বেও বিশ্বজুৰি এই জঘন্য ঘটনাৰ প্ৰতিক্ৰিয়া ৰোধ কৰিব পৰা নাই৷ অৱশ্যে আৰক্ষীৰ দ্ৰুত ব্যৱস্থা আৰু প্ৰশাসনৰ সাহায্যৰ বাবে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ স্বামীয়ে ঝাৰখণ্ডৰ আৰক্ষী-প্ৰশাসনক ধন্যবাদ জনাইছে৷ ৬ মাহ পূৰ্বে স্পেইনৰ পৰা এই ‘ট্ৰেভেল ব্ল’গাৰ’ স্বামী-স্ত্ৰী ভাৰতলৈ আহিছিল৷ ঘাইকৈ দুয়ো বাইক লৈয়েই ফুৰিছিল৷ ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে দুয়ো কেইবাখনো দেশ ভ্ৰমণ কৰিছিল৷ দুয়ো  পাকিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰিছিল৷ ভাৰতত ২০,০০০ কিলোমিটাৰ ভ্ৰমণ কৰি বৃহস্পতিবাৰে দুয়ো ঝাৰখণ্ডলৈ গৈছিল আৰু বাইক লৈ ডুমকাৰ বিভিন্ন অঞ্চলত ঘূৰিছিল৷ নিশা দুয়ো হাঁসডিহা থানাৰ কুৰমাহাট অঞ্চলত এটা তম্বু তৰি জিৰনি ল’বলৈ লওঁতেই ৭ জন স্থানীয় ব্যক্তিয়ে দুয়োকে মাৰপিট কৰি ২৮ বছৰীয়া পৰ্যটকগৰাকীক দলবদ্ধ ধৰ্ষণ কৰে৷ দুয়ো ইনষ্টাগ্ৰামত এই ঘটনাৰ বৰ্ণনা দিয়াৰ ফলতে দেশে বিদেশে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ স্পেইনৰ আৰু ব্ৰাজিল উভয় দেশৰে নাগৰিকত্ব থকা মহিলাগৰাকীক প্ৰশাসনে সুৰক্ষিত স্থানত ৰাখে আৰু আৰক্ষীয়ে মঙলবাৰেও সন্দেহযুক্ত ৫ জনক গ্ৰেপ্তাৰ কৰিছে৷ পিছে বিভিন্ন সংবাদপত্ৰ আৰু সংবাদ চেনেলে এই ঘটনা অনৰ্গল প্ৰচাৰ কৰি আছে৷ স্বাভাবিকতে এই প্ৰচাৰে সমগ্ৰ বিশ্বত ভাৰতৰ ভাৱমূৰ্তি ম্লান কৰি তুলিছে৷ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ২০২৩ চনত ভাৰতত ৩১,৫১৬ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ তথ্যও একে সময়তে উল্লেখ কৰিছে৷ মঙলবাৰে দুয়ো ঝাৰখণ্ডৰ পৰা বিহাৰলৈ যায় আৰু তাৰ পৰা তেওঁলোক নেপাললৈ ৰাওনা হ’ব৷