Logo
image

প্ৰায় এঘণ্টাৰ বাবে ফেচবুক-ইনষ্টাগ্ৰাম অচল, বিশ্বজুৰি হাহাকাৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৬মাৰ্চঃ মঙলবাৰে নিশা ৯ বজাত আচম্বিতে সমগ্ৰ বিশ্বজুৰি জনপ্ৰিয় ছ’চিয়েল মিডিয়াত প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰাম বন্ধ হৈ পৰাত তুমূল হাহাকাৰৰ সৃষ্টি হয়৷ ফেচবুক ব্যৱহাৰকাৰীৰ একাউণ্ট নিজে নিজে বন্ধ হৈ পৰে আৰু একেদৰে ইনষ্টাগ্ৰামৰ একাউণ্টো বন্ধ হৈ পৰে৷ ইয়াৰ ফলত ফেচবুকত নিৰ্ভৰ কৰি চলি থকা ফেচবুক পেজ, পৰ্টেল আদি বন্ধ হৈ পৰে৷ ফলত স্বাভাৱিকতে হাহাকাৰৰ সৃষ্টি হয়৷ প্ৰায় এঘণ্টাৰ পাছত ভাৰতীয় সময় মতে নিশা ১০ বজাত এই বিপত্তি শেষ হয় আৰু পুনৰ ব্যৱহাৰকাৰীয়ে ফেচবুক, ইনষ্টাগ্ৰাম একাউণ্ট খুলিবলৈ সক্ষম হয়৷ পিছে এই দুই জনপ্ৰিয় ছ’চিয়েল   মিডিয়াৰ অভিভাৱক ‘মেটা’ই এতিয়াও কি কাৰণত এঘণ্টা জুৰি বিশ্বৰ প্ৰায় সকলো দেশত ফেচবুক, ইনষ্টাগ্ৰাম বন্ধ হৈ পৰিছিল সেই সন্দৰ্ভত কোনো বিবৃতি আগবঢ়োৱা নাই৷ অৱশ্যে এই দুই ছ’চিয়েল মিডিয়াত প্লেটফৰ্ম বন্ধ হৈ থকাৰ সময়ত মেটাই আন মাধ্যমৰ জৰিয়তে তেওঁলোকৰ দুটাকৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ হৈ পৰা বুলি স্বীকাৰ কৰে আৰু অনতিবিলম্বে সেই বিপত্তি দূৰ কৰিবৰ বাবে চেষ্টা চলাই থকা বুলিও সদৰি কৰে৷ একাংশ সংবাদ মাধ্যমৰ মতে যি ছাৰ্ভাৰৰ জৰিয়তে ফেচবুক, ইনষ্টাগ্ৰাম পৰিচালিত হয়, সেই ছাৰ্ভাৰত বিজুতি ঘটাত বাবে সমগ্ৰ বিশ্বজুৰি এই দুই ছ’চিয়েল মিডিয়া মঞ্চ বন্ধ হৈ পৰিছিল৷ ভাৰতত ফেচবুক, ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ একাউণ্ট নিশা ৯ বজাত আপোনা আপুনি লগআউট হৈ যায়৷ এই দুই ছ’চিয়েল মিডিয়া মঞ্চৰ ব্যৱহাৰকাৰীয়ে মেছেজ পায়– পুনৰ লগইন কৰাৰ৷ পিছে তাতো সমস্যাৰ সমাধান নহ’ল৷ লগইন কৰিবলৈ চেষ্টা কৰাটো ফেচবুক, ইনষ্টাগ্ৰামৰ কোনো একাউণ্ট খুলিব নোৱাৰিলে ব্যৱহাৰকাৰীয়ে৷ এনেদৰে প্ৰায় এঘণ্টা অতিক্ৰম কৰাৰ পাছত নিজে নিজে পুনৰ ফেচবুক, ইনষ্টাগ্ৰাম সক্ৰিয় হৈ পৰে৷ অৱশ্যে একাংশ ব্যৱহাৰকাৰীয়ে জনোৱা অনুসৰি এতিয়াও ফেচবুক, ইনষ্টাগ্ৰামত থকা পেজ তেওঁলোকে ৰিফ্ৰেছ কৰি পুনৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ এতিয়াও অদৃশ্য হৈ আছে তেনে পেজ৷ এঘণ্টাজুৰি সমগ্ৰ পৃথিৱীত ফেচবুক, ইনষ্টাগ্ৰাম বন্ধ হৈ পৰাৰ ফলত লক্ষ্য লক্ষ্য কোটি টকাৰ লোকচান হৈছে৷ অৱশ্যে তাৰো সঠিক হিচাপ এতিয়ালৈ ওলোৱা নাই৷