Logo
image

এখন গ্ৰন্থৰ প্ৰয়োজন

গ্ৰন্থ প্ৰকাশ বুলিলে কোনোবা এজন লেখকৰ কলমৰ মাধ্যমত সৃষ্টি হোৱা লেখাক কোনো এক প্ৰকাশক গোষ্ঠীয়ে কিতাপৰ জৰিয়তে পাঠকৰ সন্মুখলৈ আগবঢ়াই দিয়া কাৰ্যখিনিক বুজায়৷ প্ৰতিটো বৰ্ষতে ৰাজ্যৰ বজাৰত মুকলি হয় হাজাৰৰ অধিক গ্ৰন্থ আৰু তাৰ ভিতৰত কেইখনমান গ্ৰন্থই সমাদৰ লাভ কৰে পাঠকৰ মাজত৷ ৰাজ্যৰ বে-চৰকাৰী খণ্ডৰ প্ৰকাশক গোষ্ঠীৰ বিপৰীতে ৰাজ্য চৰকাৰৰ অধীনস্থ অসম প্ৰকাশ পৰিষদে প্ৰতিটো বৰ্ষতে গ্ৰন্থ প্ৰকাশৰ দ্বাৰা চহকী কৰিছে অসমৰ বৌদ্ধিক মহল৷ কিন্তু অসম চৰকাৰৰ অধীনত থকা চৰকাৰী প্ৰেছটোত বিভাগীয় ফাইলৰ নথি-পত্ৰ ছপা কৰা কামৰ বাদেও প্ৰেছটোত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কিছুমান গ্ৰন্থ ছপা কৰি সমাজক উপকৃত কৰিব পাৰে৷
অসম চৰকাৰে ২০২১ চনৰ পৰা মুকলি কৰা নিযুক্তিৰ প্ৰক্ৰিয়াই ইতিমধ্যে উপকৃত কৰিছে প্ৰায় ৯৬,০০০ যুৱক-যুৱতীক৷ অতীতত ৰাজ্য চৰকাৰে সম্পন্ন কৰা নিযুক্তিবোৰৰ কথা সাধাৰণ নাগৰিকে কাচিৎহে গম পাইছিল৷ কোনো এটা পৰিয়ালত এজন যুৱক বা এগৰাকী যুৱতীয়ে চৰকাৰী চাকৰি পোৱাৰ খবৰটো কাষৰ মানুহ ঘৰে বহুদিনৰ পাছতহে গম পাইছিল৷ সেইদৰে গাঁৱৰ এখন বিদ্যালয়ত দূৰৰ অচিনাকি এজন যুৱকে যোগদান কৰিবলৈ আহোঁতে সন্মুখীন হৈছিল স্থানীয় নাগৰিকৰ বাধা৷ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত টে’টৰ ব্যৱস্থা হোৱাৰ পৰাই সলনি হ’ল নিযুক্তিৰ ব্যৱস্থা আৰু স্বচ্চ আৰু নিকা নিযুক্তিত আস্থা বাঢ়িল সাধাৰণ নাগৰিকৰ৷ ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত নিযুক্তি-পত্ৰ ৰাজহুৱাভাৱে বিতৰণৰ ব্যৱস্থা কৰা ৰাজ্য চৰকাৰে নিবনুৱাসকলৰ মাজত আনিলে আস্থাৰ এক পৰিৱেশ৷ এনে এক ক্ষণত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া প্ৰাৰ্থীসকলৰ বিষয়ে এখন গ্ৰন্থ প্ৰকাশ কৰাটো সমীচীন বুলি অনুভৱ কৰিছোঁ৷ প্ৰতিটো বিভাগত ২০২১ চনৰ পৰা নিযুক্তি পোৱা প্ৰাথ¹সকলৰ নাম, ঠিকনা, নিযুক্তিৰ স্থান, নিযুক্তি-পত্ৰৰ নম্বৰ আৰু প্ৰাৰ্থীৰ ফটোসম্বলিত তথ্যই ৰাইজক দিব পাৰে এখন গ্ৰন্থৰ উপহাৰ৷ বাণিজ্যিক দিশতো উক্ত গ্ৰন্থখনৰ পৰা ৰাজ্য চৰকাৰে লাভ কৰিব পাৰে এক বৃহৎ আয়৷ যিসকল যুৱক-যুৱতীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পালে, তেওঁলোকৰ কাৰণেও উক্ত গ্ৰন্থখনৰ থাকিব সমাদৰ৷
অসম চৰকাৰে প্ৰকাশ কৰিব পৰা আন এখন গ্ৰন্থ হ’ব ভূমিবিষয়ক৷ ২০২১ বৰ্ষৰ পৰা অসম চৰকাৰে ভূমিহীন ব্যক্তি-পৰিয়ালৰ মাজত চৰকাৰী ভূমি আবণ্টন কৰি থলুৱা ভূমিহীনক উপকৃত কৰিছে৷ দৰিদ্ৰতাৰ বোকোচাত উঠি ভূমিহীন জীৱন কটোৱা তেনে ব্যক্তি-পৰিয়ালৰ মাজত ভূমিৰ অধিকাৰ সাব্যস্ত কৰা উক্ত কৰ্মৰ বিষয়তো এখন সুন্দৰ গ্ৰন্থ প্ৰকাশৰ ব্যৱস্থা কৰিব পাৰে ৰাজ্য চৰকাৰে৷ ভূমিৰ লগতে বিগত সময়ছোৱাত গৃহহীন পৰিয়ালৰ মাজত বিতৰণ কৰা ‘প্ৰধানমন্ত্ৰী আৱাস যোজনা’ আৰু ‘মুখ্যমন্ত্ৰী আৱাস যোজনা’ বাসগৃহত উপভোক্তাসকলৰ নাম, ঠিকনা, পৰিয়ালৰ ফটো, নিৰ্মাণ সম্পূৰ্ণ কৰা তাৰিখ আদি তথ্য সন্নিৱিষ্ট কৰিব পাৰে গ্ৰন্থখনত৷
পৰিসংখ্যাৰ দিশত গুৰুত্বপূৰ্ণ হিচাপে গণ্য কৰা এনেবোৰ গ্ৰন্থই সমাদৰ লাভ কৰে গৱেষণাৰ ক্ষেত্ৰত৷ চৰকাৰে চলাই নিয়া নিযুক্তি প্ৰক্ৰিয়াটোৰ বিষয়ে বা ভূমিহীনৰ মাজত ভূমি আৱণ্টন বা গৃহহীনৰ মাজত গৃহৰ আৱণ্টন কাৰ্যবোৰৰ থাকে সুদূৰপ্ৰসাৰী প্ৰভাৱ৷ ৰাজ্যত ভৱিষ্যতৰ দিনত গ্ৰহণ কৰিবলগীয়া নীতি, আঁচনি আদিত প্ৰয়োজন হ’ব বিগত দিনৰ তথ্য৷ চৰকাৰী ঘৰৰ ফাইলৰ মাজত কিম্বা চৰকাৰী কম্পিউটাৰৰ বুুকুত শুই পৰিব পৰা তেনেবোৰ তথ্যক গ্ৰন্থৰ বুকুলৈ নিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰেই ল’ব লাগিব৷