Logo
image

আজি আহিব মোদী, থমকিল বিৰোধী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ মাৰ্চঃ লোকসভাৰ নিৰ্বাচনৰ অধিসূচনা জাৰীৰ প্ৰাক্‌ক্ষণত প্ৰায় ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উন্মোচন তথা আধাৰশিলা স্থাপনৰ বাবে শুকুৰবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীৰ সন্দৰ্ভত ‘এ টু জেদ’ ব্যাখ্যা কৰি দিছপুৰৰ জনতা ভৱনত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এনেদৰে কয়– ‘৮ তাৰিখে দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত উপস্থিত হ’ব৷ শুকুৰবাৰে বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী তেজপুৰ বিমানবন্দৰত অৱতৰণ কৰিব৷ বিমানবন্দৰৰ পৰা পোনে পোনে প্ৰধানমন্ত্ৰী কাজিৰঙাৰ কঁহৰাত উপস্থিত হ’ব৷ নিশা কাজিৰঙাতে তেওঁ কটাব৷ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ কোনো অনুষ্ঠান নাই৷ শনিবাৰে ৰাতিপুৱা ৫.৩১ বজাত প্ৰধানমন্ত্ৰী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে যাব৷ প্ৰধানমন্ত্ৰীয়ে হাতী বা জীপ ছাফাৰি কৰাৰ সম্ভাৱনা আছে৷ কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য, বন্যপ্ৰাণীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দুঘণ্টা সময় অতিবাহিত কৰিব৷ কাজিৰঙা দৰ্শনৰ পাছত প্ৰধানমন্ত্ৰী অৰুণাচললৈ যাব৷ অৰুণাচলত দুখন ৰাজহুৱা সভাক দুটা অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ অৰুণাচলৰ পৰা বিয়লি তেওঁ যোৰহাটলৈ উভতি আহিব৷ দিনৰ ১.৫০ বজাত প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ হোলোঙাপাৰাত নিৰ্মাণ কৰা হেলিপেডত অৱতৰণ কৰিব৷ তাত তেওঁ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি (যাক আমি সৌৰ্যৰ প্ৰতিমূৰ্তি বুলি নামকৰণ কৰিছোঁ) শুভ উন্মোচন কৰিব৷ এই প্ৰতিমূৰ্তি উদ্বোধন কৰাৰ পাছত প্ৰধানমন্ত্ৰীয়ে যোৰহাটৰ মেলেং-মেটেলী পথাৰলৈ মটৰ গাড়ীৰে যাব আৰু মেলেং-মেটেলী খেলপথাৰত অসমৰ ৰাইজৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব৷ মেলেং-মেটেলীৰ সভাতে ভাৰতৰ ভিতৰত এটা নতুন অভিলেখ স্থাপন হ’ব৷ প্ৰধানমন্ত্ৰীয়ে একেলগে একেটা ভেন্যুৰ পৰাই ৫ লাখ ৫৫ হাজাৰ ৫৫০টা প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ হিতাধিকাৰীসকলক প্ৰদান কৰিব৷ ইয়াৰ আগত দেশত ইমানসংখ্যক ঘৰ হিতাধিকাৰীসকলক দিয়া হোৱা নাছিল৷ সেইফালৰ পৰা অসমে সেইদিনাখন এটা নতুন অভিলেখ স্থাপন কৰিব৷ মেলেং-মেটেলীৰ সভাৰ পৰাই প্ৰধানমন্ত্ৰীয়ে তিনিচুকীয়া মেডিকেল কলেজৰ শুভ উদ্বোধন কৰিব৷ ইয়াৰ উপৰি সেই সভাৰ পৰাই পি এম ডিভাইন আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰীয়ে উপহাৰ দিয়া শিৱসাগৰ মেডিকেল কলেজৰো আধাৰশিলা স্থাপন কৰিব৷ পি এম ডিভাইন আঁচনিৰ অধীনত গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত শিশুসকলৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে ৩০০ কোটি টকীয়া এটা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব৷ অৰ্থাৎ পি এম ডিভাইন আঁচনিৰ অধীনত ৮০০ কোটি টকাৰ দুটা প্ৰকল্প অসমে লাভ কৰিব৷ ডিগবৈ তেল শোধনাগাৰৰ শোধন ক্ষমতা ০.৬৫ মিলিয়ন মেট্ৰিকটনৰ পৰা ৰ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধি কৰাৰ এক প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ এই প্ৰকল্পত অ’এনজিচি আৰু আইঅ’চিয়ে ৭৬৮ কোটি টকা ব্যয় কৰিব৷ গুৱাহাটী তেল শোধনাগাৰৰো শোধন ক্ষমতা ১ মিলিয়ন মেট্ৰিকটনৰ পৰা ১.২ মিলিয়ন মেট্ৰিকটনলৈ বৃদ্ধিৰো আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে৷ ইয়াৰ ৫১০ কোটি টকা অসমত নতুনকৈ ব্যয় হ’ব৷ ইয়াৰোপৰি ২৭৭ কোটিটকা ব্যয়সাপেক্ষে তেল আৰু প্ৰাকৃতিক গেছ বিভাগে বেটকুছিত থকা টাৰ্মিনেলৰ সম্প্ৰসাৰণ কৰা হ’ব৷ ইয়াৰো শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে৷ ৩৯৯২ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হোৱা বাৰাউনীৰ পৰা গুৱাহাটীলৈ গেছ, তেল আহিব পৰা এটা বৃহৎ পাইপ লাইনৰো প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব৷ দ্বিতীয় পৰ্যায়ত এই পাইপলাইন গুৱাহাটীৰ পৰা নুমলীগড়লৈকে যাব৷ বৰ্তমান বাৰাউনীৰ পৰা গুৱাহাটীলৈ এই পাইপলাইনডালেদি গেছ পৰিবহণ কৰা হ’ব৷ ইয়াৰোপৰি বঙাইগাঁও আৰু গুৱাহাটী তেল শোধনাগাৰৰ খাৰুৱা তেলৰ পৰিমাণ বৃদ্ধি কৰা হ’ব৷ বাৰাউনীৰ পৰা গুৱাহাটীলৈ তেল ঠেলি পঠিয়াবৰ বাবে ৫৭২ কোটি ব্যয়সাপেক্ষে অইল ইণ্ডিয়া লিমিটেডে নিৰ্মাণ কৰা এটা পাম্পিং ষ্টেচনৰো প্ৰধানমন্ত্ৰীয়ে শুভ উদ্বোধন কৰিব৷ এতিয়া খাৰুৱা তেলৰ উভটনি সোঁত অসমলৈ আৰম্ভ হ’ব৷ ইয়াৰোপৰি দুলীয়াজানৰ পৰা ডিগবৈ ৰিফাইনেৰীলৈকে তেল পঠোৱাৰ বাবে অইলে ৫১ কোটি টকা ব্যয়েৰে আন এটা স্পাৰলাইন পাম্পিং ষ্টেচন নিৰ্মাণ কৰিছিল, তাৰো শুভ উদ্বোধন হ’ব৷ ১৩২৮ কোটি টকাৰে ভাৰতীয় ৰে’লৱেই ইতিমধ্যে সমাপন কৰা দুটা বৃহৎ প্ৰকল্পও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট˜ৰ বাবে উৎসৰ্গা কৰিব৷ ধূপধৰাৰ পৰা ছয়গাঁৱলৈ ১৭ কিলোমিটাৰ ৰে’লপথ দ্বৈতকৰণ আৰু নিউ বঙাইগাঁৱৰ পৰা সৰভোগলৈ ৰে’লপথ দ্বৈতকৰণৰ প্ৰকল্প– এই দুই বৃহৎ প্ৰকল্পৰ অধীনত আছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰায় ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প শুভ উদ্বোধন অথবা আধাৰশিলা স্থাপন কৰিব৷’ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰি মুখ্যমন্ত্ৰীয়ে কয়– ‘প্ৰতিমূৰ্তিটোৰ উচ্ছতা হৈছে ৮৪ ফুট৷ বিশিষ্ট স্থাপত্যবিদ ৰাম শুকাৰে এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে৷ কেইবাজনো অসমৰ গৱেষকে প্ৰতিমূৰ্তিটোক প্ৰত্যায়িত কৰাৰ পাছতে প্ৰতিমূৰ্তিটো হোলোঙাপাৰত স্থাপন কৰা হৈছে৷ এই প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ত আহোম সাম্ৰাজ্যৰ ৬০০ বছৰৰ এটা বুৰঞ্জী সংৰক্ষণ কৰাৰ বাবে গেলাৰী নিৰ্মাণ কৰা হ’ব৷ আন এটা গেলাৰী অসমৰ সামগ্ৰিক ইতিহাসক উপস্থাপন কৰি নিৰ্মাণ কৰা হ’ব৷ প্ৰকল্পস্থলীতে ৫০০ লোক বহিব পৰা এটা প্ৰেক্ষাগৃহ হ’ব৷ সমস্ত প্ৰকল্পটোৰ ব্যয় হ’ব ২১৪ কোটি টকা৷ ইয়াৰ ৫০ শতাংশৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে৷’ মুখ্যমন্ত্ৰীয়ে কয় যে দুটা বছৰৰ ভিতৰত ৯ লাখ ঘৰ আমি দুখীয়া লোকক দিব পাৰিছোঁ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী এতিয়ালৈ ঘৰ পোৱা ২০ লাখ হিতাধিকাৰীয়ে ভাৰ্চুৱেলী প্ৰত্যক্ষ কৰিব৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত ১০ হাজাৰ লাখপতি বাইদেৱো উপস্থিত থাকিব৷ লাখপতি বাইদেউৰ জীৱনৰ ওপৰত আধাৰিত এখন বুকলেট প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰিব৷ স্বাভাৱিকভাৱে অসমৰ আত্মসহায়ক গোটৰ ৪০ লাখ সদস্যয়ো পঞ্চায়তৰ পৰাই প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী প্ৰত্যক্ষ কৰিব৷ সৰ্বমুঠ ৬০ লাখ হিতাধিকাৰীয়ে সেইদিনা প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীত ভাৰ্চুৱেলী সংলগ্ন হৈ থাকিব৷ নতুনকৈ ঘৰ পোৱা ৫ লাখ ৫৫ হাজাৰ হিতাধিকাৰীক এটা মিঠাইৰ টোপোলাও ঘৰে ঘৰে দিম৷ বিয়লি প্ৰধানমন্ত্ৰী পশ্চিম বংগলৈ উভটি যাব৷’ ইফালে লাচিতৰ প্ৰতি সন্মান জনাই মূৰ্তি উন্মোচনৰ দিনা ‘কা’বিক্ষোভৰ পৰা বিৰত থকাৰ ঘোষণা কৰিছে বিৰোধী ঐক্যমঞ্চ, আছুকে ধৰি দল-সংগঠনে৷ টাই আহোম ছাত্ৰ সন্থাই ৰাজহুৱাকৈ জনোৱা এক আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিৰোধী ঐক্যমঞ্চই কলিয়াবৰৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৮ মাৰ্চলৈ আগুৱাই দিয়া বুলি ঐক্যমঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে এক বিবৃতিৰ জৰিয়তে সদৰী কৰিছে৷ ইফালে, সদৌ অসম ছাত্ৰ সন্থাই ৯ মাৰ্চৰ ‘কা’বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ১০ মাৰ্চলৈ পিছুওৱা বুলি ঘোষণা কৰিছে৷ আছুৱে ৩০ জনগোষ্ঠীয় সংগঠনৰ সৈতে এই ‘কা’বিৰোধী প্ৰতিবাদী কাৰ্যসূচী পূৰ্বে ৯ মাৰ্চত ঘোষণা কৰিছিল৷ এক কথাত মোদীৰ আগমণত থমকিল বিৰোধী৷