Logo
image

‘গণতান্ত্ৰিক আন্দোলন’ক লৈ ডিজিপি-অখিলৰ বাক্‌যুদ্ধ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ মাৰ্চঃ বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইনৰ বিধি প্ৰস্তুতৰ বাবে কেন্দ্ৰীয় চৰকাৰ সাজু হোৱাৰ পাছতেই অসমত এতিয়া বিদ্ৰোহৰ উকমুকনি ঘটিছে৷ ‘কা’ বিৰোধী প্ৰতিবাদক নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে যুদ্ধংদেহী স্থিতি গ্ৰহণতে ক্ষান্ত নাথাকি প্ৰতিবাদকাৰীক ভয়-ভাবুকিৰে কৌশলপূৰ্ণভাৱে প্ৰতিবাদ দমন কৰাতো নামি পৰিছে৷ অৱশ্যে আৰক্ষীৰ দমনমূলক স্থিতিৰ পাছতো অসমৰ দল-সংগঠনেও সাহসেৰে ‘কা’ বিৰোধী প্ৰতিবাদত জপিয়াই পৰিছে৷ ‘কা’ বিৰোধী প্ৰতিবাদক কেন্দ্ৰ কৰিয়েই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ বাকযুদ্ধই তুংগত উঠিছে৷ সামাজিৰ মাধ্যমত দুয়োজনেই ইজনে-সিজনক উদ্দেশ্যি তীক্ষ্ণ বাক্যবাণ এৰা দেখা গৈছে৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে শেহতীয়াকৈ ‘কা’ বিৰোধী প্ৰতিবাদৰ নামত কোনোৱে অসম বন্ধ ঘোষণা কৰিলে চৰকাৰে সন্মুখীন হ’বলগীয়া প্ৰতিদিনৰ ৰাজহ লোকচান ১,৬৪৩ কোটি টকা বন্ধৰ আহ্বান জনোৱা সংগঠনৰ পৰা আদায় কৰা হ’ব বুলি হুমুকি দিছিল৷ ডিজিপি জিপি সিঙৰ এই হুমুকিৰ পাছতেই বুধবাৰে নগাঁও আদালতত এটা গোচৰৰ শুনানিত উপস্থিত থকাৰ সময়ত সংবাদ মাধ্যমৰ আগত বিধায়ক অখিল গগৈয়ে ‘কা’ৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিলে ডিজিপিৰ বাপেকৰ বাপেকেও আমাক বাৰণ কৰিব নোৱাৰে বুলি মন্তব্য কৰিছিল৷ জি পি সিঙে অসমীয়া জাতিক ৰঙা দেখুৱাবলৈ ক’ত অধিকাৰ পালে বুলিও প্ৰশ্ন কৰিছিল অখিল গগৈয়ে৷ বিধায়কজনৰ এই আক্ৰমণৰ পাছতেই টুইটাৰত ডিজিপি সিঙে অখিল গগৈক উদ্দেশ্যি কয় এইদৰে– ‘আপোনালৈ এটি বিনম্ৰ অনুৰোধ– মোৰ বৃত্তিগত কৰ্তব্য পালনৰ সৈতে আপুনি একমত নহ’ব পাৰে অথবা মতানৈক্য থাকিব পাৰে৷ এই ক্ষেত্ৰত আপোনাৰ নিজস্ব মত অথবা বিৰোধিতা সাব্যস্ত কৰিবৰ বাবে আইনী ব্যৱস্থাৰ লগতে আন বিকল্প গ্ৰহণৰো সুবিধা আছে৷ কিন্তু ইয়াৰ বিপৰীতে এই সন্দৰ্ভত আপুনি অনাকাংক্ষিতভাৱে মোৰ প্ৰয়াত পিতৃ আৰু পূৰ্বপুৰুষৰ প্ৰসংগ টানি আনি অপমানসূচক মন্তব্য প্ৰকাশ কৰিছে৷ আপোনাৰ দৰে এজন সন্মানীয় জনপ্ৰতিনিধিৰ এনে গৰ্হিত কাৰ্যত মই গভীৰ আঘাত পাইছো৷ মোৰ বাবে ভগৱানসদৃশ প্ৰয়াত পিতৃ তথা পূৰ্বপুৰুষসকলক অবাঞ্চিত বৃত্তিগত বিতৰ্ক আৰু ৰাজহুৱা বক্তব্যৰ পৰা আঁতৰাই ৰাখিবলৈ আহ৩ান জনালো৷’ আৰক্ষী সঞ্চালক প্ৰধানৰ এই বক্তব্যৰ প্ৰত্যুত্তৰত টুইটাৰত অখিল গগৈয়ে জি পি সিঙক উদ্দেশ্যি পুনৰ কয়– ‘যদি মই আপোনাক দুখ দিছো তাৰ বাবে দুঃখিত৷ কিন্তু  এটা কথা কওঁ, ‘কা’ বিৰোধী আন্দোলনত ৫ জনকৈ অসমীয়া যুৱকক আপোনাৰ নিৰ্দেশত দিনৰ পোহৰত গুলীয়াই হত্যা কৰোতে আপুনি ‘গভীৰ আঘাত’ পাইছিলনে? সেই যুৱকসকলক গুলীয়াই মাৰিবলৈ নিৰ্দেশ দিয়াৰ সময়ত সেই পাঁচজন শ্বহীদৰ পিতৃ-মাতৃ, পৰিয়াল আৰু আন পূৰ্বপুৰুষসকললৈ আপোনাৰ মনত পৰিছিলনে? সেইসকল পিতৃ-মাতয়ে এতিয়া কেনেকৈ জীয়াই আছে আপুনি এবাৰলৈ হ’লেও ভাবিছেনে? ‘কা’ আন্দোলনত আঘাতপ্ৰাপ্তসকলৰ কথা একা?’ ইয়াৰোপৰি অখিল গগৈয়ে জি পি সিঙক উদ্দেশ্যি কয়–  মই আপোনাৰ পূৰ্বপুৰুষক আক্ৰমণ কৰা নাই৷ তথাপি কওঁ, মোৰ কথাত আপুনি যদি ভুলক্ৰমেও আঘাতপ্ৰাপ্ত হৈছে, মই ক্ষমা খুজিবলৈ সাজু! কিন্তু তেতিয়াহে মই ক্ষমা খুজিম, যেতিয়া আপুনি ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদসকলৰ পৰিয়ালক আৰু অসমবাসীক আপোনাৰ দুষ্কাৰ্যবোৰৰ বাবে ৰাজহুৱাকৈ ক্ষমা বিচাৰিব৷