Logo
image

মহাশিৱৰাত্ৰিত মহামৃত্যুঞ্জয় মন্দিৰত অগণন ভক্তৰ ভিৰ

আমাৰ অসম'ৰ পুৰণিগুদামৰ প্ৰতিবেদক,৮ মাৰ্চঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অধীনৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰ প্ৰাংগণত মহাদেৱৰ আশীষ বিচাৰি নিশা পৰ্যন্ত অগণন ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হয়। ১২৬ ফুট উচ্চতাৰ বিশ্বৰ এই সৰ্ববৃহৎ মন্দিৰত প্ৰতিদিনেই বহু দৰ্শনাৰ্থীৰ আগমন ঘটে যদিও আজিৰ মহাশিৱৰাত্ৰিৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক সমবেত হৈ অদৃষ্টজনৰ প্ৰতি সেৱা আগবঢ়ায়।

উল্লেখযোগ্য যে বিশ্বৰ সৰ্ববৃহৎ এই মহামৃত্যুঞ্জয় মন্দিৰটোত দৈনিক দূৰ-দূৰণিৰ অগণণ ভক্তৰ সমাৱেশ হৈ অহাৰ লগতে ভাৰতবৰ্ষৰ ধৰ্মীয় স্থানসমূহৰ দৰে মহা মৃত্যুঞ্জয় মন্দিৰটো এক উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত হৈছে। আচাৰ্য্য বাবা ভৃগুগিৰি মহাৰাজৰ সাধনাৰ বলত এই স্থান উদ্ধাৰ কৰি এইগৰাকী মহান সাধকৰ তৎপৰতাত ২০০৩ চনত ৫১ কুণ্ডৰ যজ্ঞ হৈছিল আৰু তাৰ পিছৰে পৰা উক্ত স্থানত প্ৰতিষ্ঠা হোৱা অস্থায়ী মন্দিৰত পূজা-অৰ্চনা অনুষ্ঠিত হৈ অহাৰ লগতে প্ৰতি বছৰে মাঘী পূৰ্ণিমাত মৃত্যুঞ্জয় যজ্ঞ অনুষ্ঠিত হৈ আহিছে। 

মন্দিৰটোত ২০১০ চনৰ পৰা স্থায়ী মন্দিৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল। ২০২১ চনত মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰে পৰা দৈনিক মন্দিৰ প্ৰাংগণত অগণণ ভক্তৰ সমাৱেশ হৈ আহিছে। উল্লেখযোগ্য যে স্থানীয় বহু লোকে মন্দিৰ প্ৰতিষ্ঠাৰ কাৰণে নিজৰ মূল্যবান ভূমি দান কৰিছিল। এই স্থানীয় লোকসকলৰ মহান ত্যাগৰ ফলত আজি ভেৰস্থিত মহা মৃত্যুঞ্জয় মন্দিৰটো ভাৰতবৰ্ষৰ চুকে-কোণে জাগ্ৰত ধৰ্মীয় স্থলীলৈ ৰূপান্তৰ হ'ল।