Logo
image

কাৰ ভোট কোনে কেনেকৈ আঁজুৰি আনিব

বিজেপিৰ সুবিধাসমূহ দেখদেখকৈ ওলাই আছে৷ ৰাষ্ট্ৰক্ষমতা বিজেপিৰ হাতত আছে৷ বিজেপিৰ নিজৰ শক্তিশালী সংগঠন আছে, বিজেপিৰ স’তে আৰ এছ এছ  আৰু অলেখ ভাতৃ-ভগ্নী সংগঠন আছে৷ বিজেপিৰ প্ৰচুৰ পৰিমাণৰ টকা আছে৷ উত্তৰ-মধ্য ভাৰতৰ হিন্দীবলয়ৰ ৰাজ্যকেইখনত আটাইতকৈ বেছিকৈ লোকসভাৰ আসন আছে আৰু সেই ৰাজ্যকেইখনত বিজেপিৰ স্থিতি এতিয়ালৈ গজ্‌গজিয়া৷ কিছুদিন আগতে হোৱা বিধানসভাৰ নিৰ্বাচনত বিজেপিয়ে সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিছে৷ এইবাৰ বিজেপিয়ে ৪০০খন আসন লাভ কৰিব বুলি দাবী কৰিছে৷ ভাৰতৰ ৫৪৫খন আসনৰ ৫৪৩খনত নিৰ্বাচন অনুষ্ঠিত হয়৷ বিজেপিয়ে ৪০০খন লাভ কৰিলে বিৰোধীৰ বাবে ১৪৩খনহে বাকী ৰয়গৈ! নিৰ্বাচন মানেই সীমাহীন বাগাড়ম্বৰ৷ প্ৰত্যেক দলেই নিজৰ শক্তিক বঢ়াই-চৰাই দাঙি ধৰে আৰু বিৰোধীক শক্তিহীন বুলি দাবী কৰে, আৰু লগতে কয় যে তেওঁলোকে এইবাৰ বিৰোধীক ধুলিসাৎ কৰি ক্ষমতা দখল কৰিব৷ 
বিজেপিৰ সুবিধাসমূহেই হ’ল বিৰোধীৰ অসুবিধা৷ প্ৰথমতে বিজেপিক অকলে প্ৰত্যাহ্বান জনাব পৰাকৈ এটা দল নাই৷ কংগ্ৰেছ এতিয়ালৈ নিঃসন্দেহে ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰধান বিৰোধী দল৷ কিন্তু কংগ্ৰেছৰ অৱস্থা শোচনীয় বুলিলেও সি অতিৰঞ্জিত নহ’ব৷ কংগ্ৰেছ যোৱা দহ বছৰ ধৰি ৰাষ্ট্ৰক্ষমতাৰ বাহিৰত আছে৷ সংসদত কংগ্ৰেছৰ সাংসদৰ সংখ্যা তেনেই কম, বিজেপি আৰু এন ডি এ মিত্ৰজোঁটে সংখ্যাৰ জোৰত সংসদত দপ্‌দপাই থাকিব পাৰে৷ কংগ্ৰেছৰ এতিয়া ধন আৰু জন দুয়োটাৰে অভাৱ৷ কিন্তু এই নিশকতীয়া দলটোৰ কান্ধতেই বিজেপিক প্ৰতিহত বা পৰাস্ত কৰাৰ গধুৰ দায়িত্ব পৰিছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত এই কামটোৰ দায়িত্ব আন দলে ল’ব নোৱাৰে৷ আন দলে নিজৰ ভূমিকা পালন কৰিব পাৰিব, কিন্তু প্ৰধান পুৰোহিতৰ দায়িত্ব কংগ্ৰেছৰ ওপৰতে ন্যস্ত হ’ব৷ তদুপৰি বিৰোধী দলসমূহ ঐক্যৱদ্ধ নহয়৷ ইয়াত আচৰিত হ’বলগীয়া একো নাই৷ মত নিমিলে কাৰণেই তেওঁলোক নানা দলত বিভক্ত হৈ আছে৷ নীতি-আদৰ্শ থাকক-নাথাকক প্ৰতিটো দলৰেই নিজা কাৰ্যসূচী বা অন্তত ৰাজনৈতিক লক্ষ্য-উদ্দেশ্য আছে৷ তেওঁলোকৰ নিজৰ মাজত প্ৰবল প্ৰতিদ্বন্দ্বিতা আছে৷ কিন্তু এতিয়া ৰাজনৈতিক পৰিস্থিতি এনেকুৱা যে বিজেপিক প্ৰতিহত-পৰাস্ত কৰাৰ বাবে বিৰোধী ৰাজনৈতিক দলসমূহে অন্ততঃ সাময়িকভাৱে নিজৰ মাজৰ বিৰোধিতা পৰিহাৰ কৰি-পাহৰি একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিব৷ কামটো সহজ নহয়৷ পশ্চিম বংগত তৃণমূল-কংগ্ৰেছ-চি পি এম একগোট হোৱাটো এটা অত্যন্ত কষ্টসাধ্য বা প্ৰায় অসম্ভৱ কাম৷ এনে কৰিলে ইতিমধ্যে দুৰ্বল হৈ থকা দলবোৰে নিজৰ বাবে¸ অধিক সমস্যাৰ সৃষ্টি কৰি লয়৷ বহু সময়ত দলবোৰে সতিনীৰ যাত্ৰা ভংগ কৰাৰ বাবে নিজৰ নাকটোকে কাটিব লগা পৰিস্থিতিৰ সৃষ্টি হয়৷ 
বিজেপিয়ে নিজৰ ভোটখিনি ধৰি ৰাখিব পাৰিলেই হ’ল৷ সিমানখিনি ভোটেই তেওঁলোকক তৃতীয়বাৰৰ বাবে ক্ষমতাত বহুৱাবলৈ যথেষ্ট৷ বিৰোধী পক্ষৰ কামটো জটিল, তেওঁলোকে বিজেপিক পৰাভূত কৰিবলৈ হ’লে বিজেপিৰ ভোট নিজৰ পক্ষলৈ আঁজুৰি আনিব লাগিব৷ কোনখিনি ভোট তেনেকৈ আঁজুৰি আনিব পৰাৰ সম্ভাৱনা থাকিব? পাঁচ বছৰত বহু সলনি হয়৷ কিছুমান ভোটাৰক মৃত্যুৱে আঁতৰাই নিয়ে, বহু নতুন তৰুণ-তৰুণী ভোটাৰ নতুনকৈ অন্তৰ্ভুক্ত হয়৷ প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ চনত তেনে নতুন ভোটাৰৰ পৰা বালাকোটত মৃত্যুবৰণ কৰা চি আৰ পি এফৰ জোৱানসকলৰ নামত বিজেপিৰ বাবে ভোট বিচাৰিছিল৷ এই নতুন ভোটাৰসকলে এইবাৰ কাক ভোট দিব? আগতে বিজেপিক ভোট দিয়া কিমান ভোটৰ এতিয়া বিজেপিৰ প্ৰতি বীতশ্ৰদ্ধ? আৰু এই বীতশ্ৰদ্ধ হোৱাৰ কাৰণবোৰ কি কি? সেই ভোটাৰসকলে এইবাৰ অধিষ্ঠানবিৰোধী ভোট দিব নেকি? সেই অধিষ্ঠানবিৰোধী ভোট বিৰোধী দলবোৰে নিজৰ পক্ষলৈ আনিব পাৰিবনে? বিজেপিয়ে অধিষ্ঠানবিৰোধী মনোভাবক নিয়ন্ত্ৰণত ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা চলাব৷ তেওঁলোকে উন্নয়নৰ কথাও ক’ব আৰু হিন্দুক ধৰ্মৰ নামত, ধৰ্ম ৰক্ষাৰ নামত বিজেপিক ক্ষমতাত ৰখাটো কিমান জৰুৰী সেই যুক্তিও দাঙি ধৰিব৷ যিখিনি ভোটাৰে আন সকলো সমস্যা থকাৰ পাছতো সেইবোৰ সহ্য কৰিও কেৱল ধৰ্ম ৰক্ষাৰ বাবেই বিজেপিক শাসনত থকাটো বিচাৰে, আৰু সেইবাবেই বিজেপিক ভোট দিয়ে, সেইখিনি ভোটাৰ বিজেপিৰ আচল শক্তি৷ সেইখিনি ভোটাৰক লগত ৰাখিবলৈকে বিজেপিয়ে হিন্দুত্বৰ তথা মুচলমান বিদ্ধেষৰ ৰাজনীতি কৰে৷ বিজেপিৰ এই মূল ভোটখিনিত কিছু হ’লেও খহনীয়া সৃষ্টি নকৰাকৈ বিজেপিক পৰাভূত কৰা প্ৰায় অসম্ভৱ; আনহাতে এই ভোটাৰখিনিক ধৰ্ম ৰক্ষাৰ নামত লগত ৰাখিব পৰাটোও বিজেপিৰ বাবে অপৰিহাৰ্য৷  
ধৰ্ম ৰক্ষাৰ নামত বিজেপিক ভোট দিয়াসকলে আৰু ১৮ বছৰ পাৰ হোৱাৰ বাবে নতুনকৈ ভোটাৰ হোৱাসকলে যদি ধৰ্মতকৈ আন বিষয়ক প্ৰাধান্য দি ভোট দিবলৈ সিদ্ধান্ত লয়, তেনেহ’লে বিজেপিৰ বাবে বিপদ; কিন্তু সেইসকল ভোটাৰ যদি বিজেপিৰ স’তে থাকে, তেওঁলোক বিজেপিৰ পৰম সম্পদ৷ 
বিৰোধীৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল, সকলো দল ঐক্যৱদ্ধ হৈ বিজেপিবিৰোধী ভোটৰ বিভাজন ৰোধ কৰা, তাৰ পাছতেই ডাঙৰ সমস্যা হ’ল ইতিমধ্যে হিন্দু ধৰ্ম ৰক্ষাৰ নিগাজী দায়িত্ব গ্ৰহণ কৰা বিজেপিৰ প্ৰতি একমাত্ৰ ধৰ্মৰ নামতেই ভোট দিয়া মানুহৰ মাজৰ কিছু ভোট নিজৰ বাবে আঁজুৰি অনা৷ যিখিনি মানুহে ইতিমধ্যে কাক ভোট দিব সেই সিদ্ধান্ত লৈছে, তেওঁলোকৰ সিদ্ধান্ত সলনি কৰা বিজেপি বা বিৰোধী দুয়োপক্ষৰ বাবেই কঠিন৷ কিছু মানুহ আছে যিসকল এতিয়ালৈ দোধোৰ-মোধোৰত আছে৷ তেওঁলোকৰ ভোট দুয়োফালে যাব পাৰে৷ বিৰোধীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হ’ল, নতুন পুৰুষক ধৰ্মৰ সলনি আন বিষয়বোৰ বিবেচনা কৰি ভোট দিয়াৰ সিদ্ধান্ত ল’বলৈ প্ৰণোদিত কৰিব পৰাটো আৰু যিসকলে এইবাৰ প্ৰথমবাৰৰ বাবে ভোট দিব তেওঁলোকক আকৰ্ষণ কৰিব পৰাটো৷