Logo
image

তুৰ্কমেনিস্তানত ভাৰতৰ ৰাষ্ট্ৰদূত অসমৰ মধুমিতা হাজৰিকা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৯ মাৰ্চঃ ভাৰতৰ কূটনৈতিক ক্ষেত্ৰখনত উজলি উঠিছে এগৰাকী অসম সন্তান৷ ১৯৯৯ বেট্‌ছৰ আই এফ এছ (ভাৰতীয় বিদেশ সেৱা) বিষয়া মধুমিতা হাজৰিকা ভগৱতক তুৰ্কমেনিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হৈছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰণালয়ে অসম কন্যা মধুমিতা হাজৰিকাক এই গুৰুত্বপূৰ্ণ পদত নিযুক্তি প্ৰদান কৰে৷ চাইপ্ৰাছৰ ভূতপূৰ্ব ভাৰতীয় উচ্ছায়ুক্ত মধুমিতা হাজৰিকাক বিগত জানুৱাৰী মাহত তুৰ্কমেনিস্তানত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়৷ উল্লেখ্য, জৈমিনী ভাগৱতীৰ পাছত অসমীয়া হিচাপে বিশ্বৰ কূটনৈতিক ক্ষেত্ৰখনত বিশেষভাৱে উজলি উঠা মধুমিতা হাজৰিকাই ২০১৯ চনৰ নৱেম্বৰত ভূমধ্য সাগৰীয় দ্বীপৰাষ্ট্ৰ চাইপ্ৰাছত উচ্ছায়ুক্ত ৰূপে নিযুক্তি পাইছিল৷ ইফালে, জৈমিনী ভাগৱতীৰ পাছত ২০২০ চনৰ পৰা টাইৱানৰ ৰাষ্ট্ৰদূত হিচাপে বৰপেটাৰ গৌৰাংগলাল দাসে কাৰ্যনিৰ্বাহ কৰি আহিছে৷