Logo
image

ডায়েৰিয়া হ’লে গোলাপৰ পাহি গুড়ি কৰি খাব পাৰে

গোলাপ সকলোৰে প্ৰিয় ফুল৷ এইবিধ ফুলক সৌন্দৰ্যৰ ৰাণী বুলিও কোৱা হয়৷ প্ৰিয়জনক ফুল উপহাৰ দিবলৈ হ’লে প্ৰথমেই মনলৈ আহে গোলাপ৷ গোলাপ অকল সুন্দৰ তথা সুগন্ধিযুক্ত ফুলেই নহয়, ইয়াত বহু ঔষধি গুণো থাকে৷ ঔষধি গুণৰ বাবে বহুতে গোলাপৰ পাহি শুকাই সংৰক্ষণ কৰি ৰাখে৷ উল্লেখ কৰা হ’ল গোলাপৰ পাহিত থকা ঔষধি গুণসমূহ– 
- ডায়েৰিয়া হ’লে গোলাপৰ পাহি গুড়ি কৰি কুহুমীয়া পানীৰ সৈতে মিহলাই খালে পৰিত্ৰাণ পোৱা যায়৷ কোষ্ঠ-কাঠিন্যৰ সমস্যাতো গোলাপৰ পাহি উপকাৰী৷
- শুকান গোলাপৰ পাহিৰ পৰা প্ৰস্তুত কৰা গোলাপজলেৰে ছালৰ যতন  ল’ব পৰা যায়৷
- গোলাপ পাহি গুড়ি কৰি পানীৰ সৈতে মিহলাই আঘাত পোৱা স্থানত লগালে যন্ত্ৰণাৰ পৰা সকাহ পোৱা যায়৷ 
-  শুকান গোলাপৰ পাহি গুড়ি কৰি গাখীৰৰ সৈতে মিহলাই খালে এচিডিটি আৰু আলছাৰৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়৷ 
- হাৰ্বেল চাহ প্ৰস্তুতৰ ক্ষেত্ৰত গোলাপৰ পাহি ব্যৱহাৰ কৰা হয়৷ 
- ডিঙিৰ বিষ অথবা অত্যধিক কাহৰ ফলত  হোৱা ডিঙিৰ যন্ত্ৰণাত শুকান গোলাপৰ পাহি পানীৰ সৈতে মিহলাই উতলাই লওক৷  কুহুমীয়া হ’লে সেই পানীৰে গাৰ্গল কৰক৷ সকাহ পাব৷