Logo
image

উক্তি-বক্ৰোক্তি

মোদীয়ে সেই ঠাইৰ পৰা সংসদত কেইখন আসন আছে তাক চাই উন্নয়নৰ কাম নকৰে৷ যোৱা দহ বছৰত এই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আমি অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিছোঁ৷ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সংগঠনৰ সৈতে এক ডজনৰ অধিক শান্তি চুক্তি হৈছে৷ অঞ্চলটোৰ অসংখ্য সীমান্ত সমস্যা আমি সমাধান কৰিছোঁ৷ আজি যিটো সুৰংগ উদ্বোধন কৰিলোঁ, সেই সুৰংগৰ আধাৰশিলা মই ২০১৯ চনত স্থাপন কৰি গৈছিলোঁ৷ এয়া কি ‘মোদীৰ গেৰাণ্টী’ নহয়? 
– প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অখিল গগৈ আহোম হয় নে নহয় মোৰ সন্দেহ আছে৷ তৰুণ গগৈৰ পৰা তেওঁ অৰ্কিড পাৰ্কৰ বাবে ২০ বিঘা মাটি ল’লে আৰু ১১ বছৰে কৃষক ৰাইজৰ কথা একো নক’লে৷
– বিধায়ক ৰূপজ্যোতি কুৰ্মী

এজন বিজেপি বাবু এসময়ত ন্যায়ালয়ৰ বিচাৰপীঠত বহিছিল৷ এতিয়া তেওঁ আধাতে আদালত এৰি বিজেপিত যোগদান কৰিলে৷ তেনে বিচাৰকৰ পৰা কেতিয়াবা নিৰপেক্ষ আৰু ন্যায় বিচাৰ আশা কৰিব পাৰিনে? হাজাৰ হাজাৰ পঢ়ুৱৈৰ চাকৰি খেদি তেওঁ নেতা হৈছে৷ সাৱধান হোৱা৷ তুমি য’ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা তালৈকে মই সেই চাকৰি বঞ্চিতসকলক পঠিয়াম৷ মনত ৰাখিবা তেওঁলোকে তোমাৰ বিৰুদ্ধে যুঁজিব আৰু জনসাধাৰণে এইবাৰ তোমাৰ বিৰুদ্ধে ৰায় দিব৷ তুমি কেনেকৈ জিকা মই চাম৷ 
– পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী

মোৰ হিমন্ত বিশ্ব শৰ্মালৈ ভয় লাগিছে৷ নিৰ্বাচনৰ ফলাফলৰ দিনালৈকে মই জৰা-ফুকা নকৰোঁ৷ মোৰ জে’ললৈ যাবলৈ ভয় লাগে৷ 
– সাংসদ বদৰুদ্দিন আজমল

ভাৰতীয় পৰ্যটক নোযোৱাৰ বাবে মালদ্বীপৰ পৰ্যটনৰ ব্যাপক ক্ষতি হৈছে৷ এই বিষয়টোলৈ মই আৰু দেশৰ পৰ্যটন শিল্পৰ সৈতে জড়িত সকলোৱেই উদ্বিগ্ন৷ মালদ্বীপে ভাৰতৰ সৈতে যি আচৰণ কৰি আছে তাত মই দুঃখিত৷ আমি বিচাৰোঁ, ভাৰতীয় পৰ্যটক মালদ্বীপলৈ আহক৷ ভাৰতীয়ৰ প্ৰতি আমাৰ ব্যৱহাৰ সলনি নহয়৷ 
– মালদ্বীপৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহম্মদ নাছিদ

ৰকিবুল হুছেইন কংগ্ৰেছৰ আটাইতকৈ ডাঙৰ সংখ্যালঘু নেতা৷ কিন্তু লোকসভা নিৰ্বাচনৰ পাছতে তেওঁৰ পদবী যাব৷ ধুবুৰীত ৰকিবুল বেয়াকৈ হাৰিব৷ 
– বিধায়ক কমলাক্ষ দে পুৰকায়স্থ

 মোৰ দল মাক্কাল নিধি মৈয়ামে ডি এম কেৰ সৈতে জোঁট বন্ধনত আবদ্ধ হৈছে৷ এইবাৰৰ সাধাৰণ নিৰ্বাচনত আমি একেলগে প্ৰতিদ্বন্দ্বিতা কৰিম৷ 
– এম এন এমৰ মুৰব্বী কমল হাছান

‘কা’ বিৰোধী আন্দোলনৰ নামত ৰাজপথলৈ ওলোৱাসকল সুবিধাবাদী৷ আইন হোৱাৰ পাছত ‘কা’ কোনেও সলনি কৰিব নোৱাৰে৷ 
– মন্ত্ৰী জয়ন্তমল্ল বৰুৱা

মহিলা হিচাপে জন্ম লোৱাটো উত্তৰ প্ৰদেশৰ এতিয়াৰ জংঘলৰাজত  এক অপৰাধ৷ এইখন ৰাজ্যত নিৰ্যাতনৰ বলি হোৱা যুৱতীয়ে ন্যায় বিচৰাটো এক অপৰাধ৷ যি নিৰ্যাতিতাই ন্যায় বিচাৰে তেওঁৰ পৰিয়ালক ধবংস কৰি পেলোৱা  হয়৷ উন্নাও, হাথৰস, কাণপুৰত যিকেইগৰাকী নিৰ্যাতিতা কিশোৰী-যুৱতীয়ে ন্যায় বিচাৰিছিল, তেওঁলোকৰ পৰিয়াল আৰু ঘৰ ধবংস কৰি পেলোৱা হৈছে৷ 
– কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী