Logo
image

ক্ৰমশঃ দুষিত হৈ পৰিছে গুৱাহাটীৰ বতাহ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১০ মাৰ্চঃ বায়ু প্ৰদূষণে এতিয়া গুৱাহাটী মহানগৰীত ভয়াবহ ৰূপ লৈছে৷ দেশৰ প্ৰদূষিত চহৰৰ তালিকাত গুৱাহাটী মহানগৰে কাৰ্যতঃ অবাঞ্ছিত অভিলেখ গঢ়িছে৷ ক্ৰমশঃ যেন দূষিত হৈ পৰিছে গুৱাহাটীৰ বতাহ৷ দেশৰ শীৰ্ষ প্ৰদূষিত চহৰৰ ১৯সংখ্যক স্থান স্পৰ্শ কৰিছে গুৱাহাটীয়ে৷ গুৱাহাটীৰ প্ৰদূষণক লৈ এই উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে চেণ্টাৰ ফৰ ৰিচাৰ্ছ অন এনাৰ্জী এণ্ড ক্লীন এয়াৰৰ সমীক্ষাত৷ পৰিৱেশ সংস্থাটোৱে মাহেকীয়া বায়ু মান অধ্যয়ন কৰি প্ৰদূষিত দেশৰ চহৰৰ তালিকা প্ৰস্তুত কৰিছে৷ প্ৰদূষিত ৩০খন চহৰৰ ভিতৰত গুৱাহাটীত লগতে অসমৰ নলবাৰী আৰু নগাঁও চহৰো অন্তৰ্ভুক্ত হৈছে৷ সমীক্ষা অনুসৰি উক্ত প্ৰদূষিত চহৰৰ তালিকাত ২৮সংখ্যক স্থান আছে নগাঁও৷ লক্ষণীয়ভাৱে গুৱাহাটীৰ সমীপৱৰ্তী অসম-মেঘালয় সীমান্তৱৰ্তী বৰ্ণিহাট দেশৰ প্ৰদূষিত চহৰৰ শীৰ্ষ স্থানত আছে৷ উদ্যোগ, কল-কাৰখানাৰ ক’লা ধোৱাই ছানি ধৰা গুৱাহাটী বৰ্ণিহাটত ২.৫ ভাসমান কণাৰ পৰিমাণ প্ৰতি ঘনমিটাৰত ১৮৩ মাইক্ৰগ্ৰামলৈ বৃদ্ধি পাইছে৷ পৰিৱেশ বিশেষজ্ঞৰ দাবী গুৱাহাটীৰ মহানগৰীত সেউজ আৱৰণ ধবংস কৰি কংক্ৰিটৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ফলতেই মহানগৰীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাব ধৰিছে৷ ফলত বায়ুমণ্ডলত ক্ষতিকাৰক ভাসমান কণা (পাৰ্টিকুলেট মেটাৰ) ১০ আৰু ২.৫ ৰ মাত্ৰা অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ ইয়াৰ সমান্তৰালভাৱে গুৱাহাটীৰ বায়ুৰ মান সূচাংকৰ অৱনতি ঘটিছে৷ বিশেষকৈ গুৱাহাটীৰ মাজমজিয়াত কেইবাখনো নতুন উৰণ সেতু নিৰ্মাণ আৰু খানাপাৰাৰ পৰা জালুকবাৰীলৈ ৬ লেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগতে দৈনিক উৎপন্ন হোৱা ৩৭০ টনকৈ প্লাষ্টিকৰ আৱৰ্জনাই গুৱাহাটীৰ বাবে অশনি সংকেত নমাই আনিছে৷ গুৱাহাটীক প্ৰদূষণমুক্ত আৰু বাসোপযোগী চহৰ হিচাপে ধৰি ৰখাৰ বাবে চৰকাৰৰ সমান্তৰালভাৱে নাগৰিকৰো নৈতিক দায়িত্ব আহি পৰিছে৷ অৱশ্যে চেণ্টাৰ ফৰ ৰিছাৰ্চ অন এনাৰ্জী এণ্ড ক্লীন এয়াৰৰ সমীক্ষাটোত শিৱসাগৰ আৰু শিলচৰ দেশৰ নিৰ্মল বায়ুৰ চহৰ তালিকাত স্থান লাভ কৰিছে৷ নিৰ্মল বায়ুৰ চহৰৰ তালিকাত উত্তৰ-পূৰ্বাঞ্চলৰ আইজল আৰু ইম্ফলো অন্তৰ্ভুক্ত হৈছে৷