Logo
image

ভাইজানে দিলে এপাৰ্টমেণ্ট, কিং খানে মাৰ্চিডিজঃ ৰিহানাই কি উপহাৰ দিলে আম্বানিৰ বিয়াত

কৈ থাকো মানে ওৰকে নপৰে ভাৰতীয় ধনকুবেৰ মুকেশ আম্বানিৰ৷ পুত্ৰ অনন্ত আম্বানিৰ প্ৰাক বিবাহৰ বতৰা৷ চৰ্বিত চৰ্বন হ’লেও যেন নকৈ নোৱাৰি– বহু চৰ্চিত প্ৰাক বিবাহৰ মুখৰোচক কথাবোৰ৷ অনুষ্ঠান শেষ হ’লেও শেষ হোৱা নাই প্ৰফাইল বিবাহখনৰ ৰোমাঞ্চকৰ অধ্যায়বোৰ৷ এটাৰ পাছত আন এটা ৰেকৰ্ড কৰাৰ খবৰ আহি আছে প্ৰতিদিনে৷ এইবাৰ আহকচোন গ্লেমাৰ জগতৰ তাৰকাসকলে আম্বানি পুত্ৰক কি কি উপহাৰ দিলে৷ ভাৰতীয় বিবাহৰ ইতিহাস সৃষ্টি কৰা প্ৰাক বিবাহত বলীউডৰ তাৰকাৰ উপহাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ বিবাহ অনুষ্ঠানত বলীউডৰ তিনি খানে নাটু নাটু.... শীৰ্ষক গীতত নৃত্য কৰি এক ইতিহাস ৰচনা কৰিলে৷ অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহত বলীউডৰ ভাইজানে দিয়া উপহাৰে সকলোৰে চকু কঁপালত তুলিছে৷ সকলোকে চমক খুৱাই ভাইজানে আম্বানিৰ নৱ-দম্পতীক ডুবাইত এটা বিলাসবহুল এপাৰ্টমেণ্ট উপহাৰ দিছে৷ যাৰ মূল্য প্ৰায় ৩০ কোটি টকা৷
বলীউডৰ বাদশ্বাহে উপহাৰ দিছে মাৰ্ছিডিজ ৰেঞ্জ ৩০০ এছ এল আৰ৷ যাৰ মূল্য ৮ কোটি টকা৷ মিষ্টাৰ পাৰফেক্টচনিষ্ট আমিৰ খানে দিয়ে এখন স্পেচিয়েল পেইণ্টিং৷ যাৰ মূল্য ৬ লাখ টকা৷ কেটৰীণা কাঈফে দিছে এটা হেণ্ড বেগ৷ যাৰ মূল্য ৮০ লাখ টকা৷ দীপিকা ৰণবীৰে অনন্ত-ৰাধিকাক দিয়ে হীৰাখচিত ৰোলেক্স ঘড়ী৷ যাৰ মূল্য ১০ কোটি টকা৷ বলীউডৰ নবাব দম্পতী ছেঈফ কৰীনাই দিয়ে ৱালেট আৰু হেণ্ডবেগ৷ হীৰা খটুওৱা বেগৰ মূল ৪০ লাখ টকা৷ ইফালে অনুষ্ঠানত সংগীতানুষ্ঠান পৰিৱেশনৰ বাবে আহিছিল পপ তাৰকা ৰিহানা৷ তেওঁ মাননী লৈছিল ১০০ কোটি টকা৷ আকৌ প্ৰি-বিবাহত অনন্ত-ৰাধিকাক ৰিহানাই উপহাৰ দিয়ে হীৰাখচিত জোতা আৰু জুয়েলাৰী৷ যাৰ মূল্য ২০ কোটি টকা৷ ধনকুবেৰ মুকেশ আম্বানিৰ পত্নী নীতা আম্বানিয়ে প্ৰাক বিবাহত পিন্ধা হীৰাখছিত নেকলেছৰ মূল্য হ’ল ৫০০ কোটি টকা৷ ইফালে নীতাই বোৱাৰী ৰাধিকাক দিয়া নেকলেছডাল হ’ল বিশ্বৰ আটাইতকৈ দামী নেকলেছৰ ভিতৰত এডাল৷ যাৰ মূল্য ৬৫৮ কোটি টকা৷ ১০০০ কোটি টকা খৰচ হোৱা গুজৰাটৰ জামনগৰত অনুষ্ঠিত অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহত ক’বলৈ গ’লে বলীউডখনেই উঠি আহিছিল৷ বলীউডৰ তিনি খান শ্বাহৰুখ-ছলমান- আমিৰৰ উপৰিও ছেঈফ আলী খান, কৰীণা কাপুৰ, অনিল কাপুৰ, ৰণবীৰ সিং-দীপিকা পাড়ুকন, ছাৰা আলী খান, জাহ্নৱী কাপুৰ, আলিয়া ভাট, সিদ্ধাৰ্থ মালহোত্ৰা, কিয়াৰা আদৱানি, বৰুণ ধাৱন, অনন্যা পাণ্ডে, আদিত্য ৰয়, সংগীত শিল্পী দিলজিৎ, অৰিজিৎ সিং, শ্ৰেয়া ঘোষাল উদিত নাৰায়ণকে ধৰি বহু বলীউডৰ তাৰকা৷ ১২ জুলাইত দুয়ো বিবাহপাশত আৱদ্ধ হ’ব৷ ইফালে তিনি খানে অনন্ত-ৰাধিকাৰ প্ৰাক বিবাহ অনুষ্ঠানত নৃত্য পৰিৱেশন কৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে বলীউড কুইন কংগনা ৰাণাৱটে৷