Logo
image

ৰশ্মিকা মন্দানাৰ ৰূপালী পৰ্দাৰ সোণোৱালী যাত্ৰাঃ কৰ্ণাটকৰ গ্ৰাম্য জীৱনৰ পৰা চেলিব্ৰেটিলৈ

অতি কম সময়ৰ ভিতৰতে ৰূপালী জগতত আকাশজোৰা খ্যাতি লাভ কৰা অভিনেত্ৰীগৰাকী হ’ল দক্ষিণৰ শক্তিশালী অভিনেত্ৰী ৰশ্মিকা মন্দানা৷ দক্ষিণৰ পুষ্পাখ্যাত অভিনেত্ৰীগৰাকীৰ শেহতীয়াকৈ বলীউডতো আৰম্ভ হৈছে ৰূপালী যাত্ৰা৷ ‘পুষ্পা’ই হ’ল অভিনেত্ৰীৰ সফলতাৰ অন্যতম চাবিকাঠি৷ ‘পুষ্পা’ৰ উপৰিও ৰশ্মিকাই দক্ষিণৰ কেইবাখনো ছবিত অভিনয় কৰিছে৷ ৰশ্মিকা মন্দানাৰ জন্ম হয় ১৯৯৬ চনৰ ৫ এপ্ৰিলত কৰ্ণাটকৰ কোড়ত জিলাৰ বিৰাজপেট চহৰত৷ মনোবিজ্ঞান, সাংবাদিকতা আৰু ইংৰাজী সাহিত্যত স্নাতক ৰশ্মিকাই অধ্যয়ন কৰিছিল এম এছ ৰামাইয়া কলেজত৷ 
ৰশ্মিকাই গ্লেমাৰ জগতত প্ৰৱেশ কৰে মডেলিঙৰ যোগেদি৷ ২০১২ চনত তেওঁ মডেলিঙেৰে কেৰিয়াৰ আৰম্ভ কৰে৷ ২০১৬ চনত তেওঁ অভিনয় জগতত খোজ পেলায়৷ তামিল আৰু কন্নড় ছবিত প্ৰথমে অভিনয় কৰিছিল৷ তেতিয়া তেওঁৰ বয়স ১৯ বছৰ৷ বিজ্ঞাপন জগততো অভিষেক ঘটিছিল ৰশ্মিকাৰ৷ বৰ্তমান তেলেগু, কন্নড় ছবিৰ সৰ্বাধিক উপাৰ্জন কৰা নায়িকা ৰশ্মিকাই ‘কিৰিক পাৰ্টি’ ছবিৰ যোগেদি ৰূপালী জগতত প্ৰৱেশ কৰে৷ তদুপৰি ‘অঞ্জানী পুত্ৰ’, ‘ছমক’, ‘ইজমন’ৰ দৰে দক্ষিণৰ হিট ছবিত তেওঁ অভিনয় কৰিছে৷ ‘ছলো’ ছবিৰ যোগেদি ৰশ্মিকাই তেলেগু ছবি জগতত খোজ দিয়ে৷ ‘গীত গোবিন্দম’, ‘দেৱদাস’, ‘ডিয়াৰ কমৰেড’, ‘ভীষ্ম’ৰ দৰে তেলেগু হিট ছবিৰ তেওঁ গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে৷ বলীউডতো সবল খোজ পেলাবলৈ সক্ষম হৈছে ‘পুষ্পা’খ্যাত দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে৷ ‘মিছন মজনু’ত ৰশ্মিকাই সিদ্ধাৰ্থ মালহোত্ৰাৰ বিপৰীতে অভিনয় কৰিছে৷ ‘গুডবাই’ ছবিত অমিতাভৰ সৈতে দেখা যাব ৰশ্মিকাক৷ ইতিমধ্যে ৰণবীৰ কাপুৰৰ সৈতে ‘এনিমেল’ ছবিত অভিনয় কৰি খ্যাতি অৰ্জন কৰিছে ‘গীত গোবিন্দম’ৰ নায়িকাই৷ এমা ৱাটছন, ৰজনীকান্ত, শ্বাহৰুখ খান, ৰণবীৰ সিং হ’ল ৰশ্মিকাৰ প্ৰিয় অভিনয় শিল্পী৷ ৰশ্মিকাৰ প্ৰিয় পুৰুষজন হ’ল বিজয় দেবেৰাকোণ্ডা৷ দেবৰ সৈতে নায়িকাৰ মধুৰ সম্পৰ্ক গঢ়ি উঠিছে৷ দুয়োৰে বিবাহৰো জল্পনা-কল্পনা চলিছে৷ ‘গীত গোবিন্দম’ৰ তাৰকা বিজয় দেবেৰাকোণ্ডাৰ পূৰ্বে ৰশ্মিকাৰ জীৱনলৈ আহিছিল অভিনেতা ৰঞ্জিত শেঠি৷ ‘কিৰিক পাৰ্টি’ শ্বুটিঙৰ সময়তে দুয়ো দুয়োৰে প্ৰতি আকৰ্ষিত হৈছিল আৰু ২০১৭ চনত দুয়োৰে বাগদান পৰ্ব সম্পন্ন হৈছিল জন্ম চহৰ বিৰাজপেটত৷ কিন্তু এই প্ৰেমিকযুগলৰ সম্পৰ্ক স্থায়ী নহ’ল৷ ২০১৮ চনত মাত্ৰ এবছৰতে দুয়োৰে সম্পৰ্ক ছেদ হয়৷