Logo
image

সাংসদৰ ভূমিকা

অষ্টাদশ লোকসভাৰ নিৰ্বাচনক লৈ দেশত এতিয়া আৰম্ভ হৈছে শাসক-বিৰোধী দলৰ ব্যাপক তৎপৰতা৷ শাসকীয় দল বিজেপিয়ে ইতিমধ্যে পৰ্যায়ক্ৰমে নিজৰ দলীয় প্ৰাৰ্থীসকলৰ তালিকা প্ৰকাশ কৰাৰ বিপৰীতে কংগ্ৰেছ তথা দেশৰ বিভিন্ন প্ৰান্তৰ আন ৰাষ্ট্ৰীয় দল, আঞ্চলিক দলসমূহেও এঘড়ী যুঁজাৰ বাবে প্ৰাৰ্থী চিনাক্ত প্ৰক্ৰিয়া জোৰদাৰ কৰিছে৷ দেশ শাসনৰ বাবে প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ, আইন-কানুন প্ৰণয়ন, নতুন প্ৰকল্প-আঁচনিৰ প্ৰয়োগ আদিৰ ক্ষেত্ৰত সাংসদসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ নিজৰ সংসদীয় সমষ্টিৰ আৰ্থ-সামাজিক বিকাশৰ লগতে দেশৰ বাবে প্ৰয়োজনীয় বহু বিষয়ৰ ক্ষেত্ৰত সাংসদসকলে নিজৰ দৃষ্টিভংগী, যুক্তি প্ৰকাশ কৰি ৰাইজ তথা দেশৰ হিতসাধনৰ সুযোগ লাভ কৰে৷ দেশত সংসদীয় গণতন্ত্ৰ প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে এচাম সাংসদে এই সুযোগৰ সৎব্যৱহাৰ কৰি দেশবাসীৰ শ্ৰদ্ধাৰ পাত্ৰ হোৱাৰ উপৰি দেশৰ মংগল সাধনত ইন্ধন যোগাইছে৷ কিন্তু ইয়াৰ বিপৰীতে বহু সাংসদে টিকট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সমষ্টিবাসী, দেশবাসীৰ আশা-আকাংক্ষা পূৰণৰ দিশটোক সম্পূৰ্ণৰূপে নস্যাৎ কৰি সাংসদৰ দৰে সন্মানীয় পদটোক এক ষ্টেটাছ ছিম্বল ৰূপে ব্যৱহাৰ কৰিছে, এচামে কোনো যুক্তি-তৰ্কত অংশগ্ৰহণ নকৰাকৈ সময় কটাইছে বা অন্য এচামে সামান্য দুই-এটা বিষয়ত অংশগ্ৰহণ কৰিয়েই পাঁচ বছৰ কাল সম্পূৰ্ণ কৰিছে৷ কেইবাজনো সাংসদে সপ্তদশ লোকসভাক প্ৰতিনিধিত্ব কৰি এটাও প্ৰশ্ন নোসোধাকৈ আৰু দীৰ্ঘ সময়ৰ বাবে সদনত অনুপস্থিত থাকি এক অশুভ পৰম্পৰাৰ ইতিহাস ৰচিলে৷ হিন্দী চিনেমাৰ পৰ্দাত ডায়লগ, একশ্বনেৰে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেতা ছানী দেউল, শত্ৰুঘ্ন সিনহাই যোৱা লোকসভাৰ মজিয়াত এটাও শব্দ উচ্ছাৰণ নকৰিলে৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁলোকৰ লগতে আন ৭জন সাংসদক প্ৰশ্নৰ অৱতাৰণা কৰাৰ সুযোগ দিছিল যদিও তেওঁলোকে এই সুযোগ গ্ৰহণ কৰাৰ পৰা বিৰত থাকিল৷ পঞ্জাৱৰ গুৰুদাসপুৰ লোকসভা সমষ্টিৰ সাংসদ, হিন্দী চিনেমাত দুৰ্দান্ত অভিনয় কৰা ছানী দেউল চিনেমাত সফল হ’ল যদিও বাস্তৱ জগতখনৰ সৈতে নিজকে সংযুক্ত কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বিফল হ’ল৷ অনুৰূপভাৱে আশী দশকৰ খঙাল অভিনেতাৰূপে দৰ্শকৰ হৃদয় জিনা শত্ৰুঘ্ন সিনহাই পবিত্ৰ সংসদত উপস্থিত থাকি কেইবাখনো লোকসভাক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছিল যদিও প্ৰতিবাৰেই তেওঁ ব্যৰ্থ হ’ল৷ চিনেমাত প্ৰদৰ্শন কৰা সেই খঙাল, যুক্তিবাদী চৰিত্ৰটোক সংসদত উত্থাপন কৰাৰ ক্ষেত্ৰত দুয়োজনেই ব্যৰ্থ হ’ল৷ ঠিক তেনেদৰে বহু প্ৰখ্যাত খেলুৱৈ আৰু বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা ব্যক্তিয়ে লোকসভা, ৰাজ্যসভাৰ সাংসদ ৰূপে সুযোগ লাভ কৰিছে যদিও মুষ্টিমেয় এচামৰ বাদে অধিকাংশই সাংসদৰূপে নিজৰ ভূমিকা পালনত ব্যৰ্থ হৈছে৷ দেশৰ অগণন লোকৰ নয়নৰ মণি, ভাৰতৰত্ন সন্মানেৰে বিভূষিত শচীন তেণ্ডুলকাৰে সাংসদৰূপে নিজৰ ভূমিকা পালনত সফল হৈছে বুলি ক’ব নোৱাৰি৷ অৰাজনৈতিক ক্ষেত্ৰৰ পৰা আহি সাংসদ হোৱাসকলৰ কথা বাদেই, ৰাজনৈতিক ক্ষেত্ৰত দপদপাই থকা বহুজনে সাংসদ পদ লাভ কৰাৰ পাছত এক নিৰ্লিপ্ত ভূমিকা পালন কৰা সাংসদৰ সংখ্যাও তাকৰ নহয়৷ বিগত লোকসভাত অসমক প্ৰতিনিধিত্ব কৰি সংসদলৈ যোৱা ১৪জন সাংসদৰ ভিতৰত মাত্ৰ কেইজনমানেহে নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিলে, গৰিষ্ঠসংখ্যকেই মুখেৰে নামাতিলে বা দুই এটা বিতৰ্কতহে অংশগ্ৰহণ কৰিলে৷ সপ্তদশ লোকসভাত অসমক প্ৰতিনিধিত্ব কৰা সাংসদসকলৰ ভিতৰত আটাইতকৈ সৰৱ ভূমিকা পালন কৰিছিল কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে৷ শাসনাধিষ্ঠ বিজেপি দলৰ অসমৰ সাংসদসকলৰ পাৰদৰ্শিতা ৰাষ্ট্ৰীয় গড়তকৈ বহুত তলত! লক্ষণীয়ভাৱে তেনে সাংসদকেই এইবাৰো দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে৷ নিজৰ ৰাজনৈতিক কেৰিয়াৰত সকলো দলৰ পৰা প্ৰতিনিধিত্ব কৰি সাংসদ হোৱা ব্যক্তিসকলৰ বাবে এয়া হ’ল সুৱৰ্ণ সুযোগ৷ একালত এনে সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰিছিল হেম বৰুৱাই৷ হেমবৰুৱাৰ যুক্তিপূৰ্ণ তৰ্ক, বিশ্লেষণ শুনিবৰ বাবে গভীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিল তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে৷ নেহৰুক সমালোচনাৰে থকা-সৰকা কৰাৰ লগতে বহু কেইটা বৌদ্ধিক বিতৰ্কত অংশগ্ৰহণ কৰি হেমবৰুৱা সেই সময়ত সকলোৰে শ্ৰদ্ধাৰ পাত্ৰ হৈছিল৷ অসমৰ পৰা সাংসদ হোৱা দীনেশ গোস্বামীয়েও সংসদত লোৱা ভূমিকাক সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰে৷ বিজেপিৰ জয়জয়কাৰ হৈ থকাৰ সময়ত এতিয়াৰ সাংসদসকলে কেৱল নেতৃত্বৰ নিৰ্দেশনা অনুসৰণ কৰি সংসদত উপস্থিত থকাৰ বাদে বিশেষ একো দায়িত্ব পালন নকৰাটো দুৰ্ভাগ্যৰ বিষয়৷ মুষ্টিমেয় কেইজনমানৰ বাদে বহু কেইজন সাংসদে আনকি সমষ্টিৰ উন্নয়ন পুঁজিৰ ধনৰাশিও সময়মতে ব্যৱহাৰ কৰিব নোৱাৰে৷ তেনে বহুজনে এইবাৰো নেতৃত্বৰ আস্থাভাজন হৈ দলীয় টিকট লাভ কৰিছে৷ এইবাৰো তেওঁলোকৰ জয়লাভৰ সম্ভাৱনা প্ৰৱল৷ হেমবৰুৱাৰ দৰে বৌদ্ধিক চেতনাৰে উদ্বুদ্ধ, জ্ঞানী সাংসদ নহ’লেও অন্ততঃ নিজৰ সমষ্টি, ৰাজ্যৰ বাবে প্ৰয়োজনীয় কথাবোৰ ক’বলৈ তেওঁলোকে সাহস গোটাব লাগে, শক্তি সঞ্চয় কৰিব লাগে৷ নহ’লে সময়েই তেওঁলোকক দূষিব৷