Logo
image

মেদবহুলতাই লিভাৰৰ ক্ষতি কৰিব পাৰে

প্ৰায় ভাগ লোকৰ ধাৰণা–সুৰাপান কৰিলে লিভাৰৰ ক্ষতি হয়৷ কিন্তু বহুক্ষেত্ৰত দেখা যায় যে সুৰাপান নকৰা লোকো কেতিয়াবা লিভাৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হয়৷ কেতিয়াবা কোনো লক্ষণে দেখা নিদিলেও দীৰ্ঘদিন ধৰি কিছুমান কাৰণত লিভাৰ বা যকৃতৰ ৰোগ হ’ব পাৰে৷ বিশেষকৈ পেটত অতিৰিক্ত মেদ জমা হ’লে লিভাৰৰ বাবে বিপদ হোৱাৰ আশংকা থাকে৷ বয়সৰ কোনো ব্যৱধান নথকাকৈ বিভিন্ন সময়ত মানুহৰ পেটত মেদ জমা হয় আৰু এই মেদবহুলতাই লিভাৰত প্ৰভাৱ পেলাব পাৰে৷ যাৰ বাবে লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে৷ স্বাস্থ্য বিশেষজ্ঞসকলে এই বিষয়ে বিভিন্ন পৰীক্ষাৰ অন্তত বিশেষ কেতবোৰ তথ্য পোহৰলৈ আনিছে৷ 
- হজমৰ ক্ষেত্ৰত হোৱা সমস্যা, এচিডিটি, পেটৰ অসুখ মানেই বহুতেই লিভাৰৰ সমস্যা বুলি ভাবি লয়৷ এনে অৱস্থাত কিছুমানে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈয়ে বিভিন্ন ঔষধ সেৱন কৰে৷ এনে অভ্যাসে হিতে বিপৰীত কৰিব পাৰে৷
- লিভাৰত মেদ জমা হ’লে তাৰ প্ৰভাৱ মনৰ ওপৰতো পৰে৷ ইয়াৰ ফলত মূৰৰ বিষ, অৱসাদ, উদ্বেগ আদিৰ দৰে উপসৰ্গই দেখা দিয়ে৷ 
- কিছুমান ঔষধৰ পাশ্বৰ্ক্ৰিয়া হিচাপেও ফেটি লিভাৰ হ’ব পাৰে৷ এই ক্ষেত্ৰত ঔষধ খোৱাৰ পূৰ্বে লিভাৰৰ এনজাইম পৰীক্ষা কৰা উচিত৷  আনহাতে মহিলাৰ ক্ষেত্ৰত যেতিয়া হৰম’নজনিত সমস্যাই দেখা দিয়ে তেতিয়া যিকোনো ধৰণৰ ঔষধ সেৱন কৰিলে তাৰ প্ৰভাৱ লিভাৰত পৰে৷ তেনেক্ষেত্ৰতো লিভাৰ পৰীক্ষা কৰা উচিত৷ 
- লিভাৰ পৰীক্ষা কৰিলে বিভিন্ন বিসংগতি বা লিভাৰৰ বিভিন্ন ৰোগৰ বিষয়ে আগতীয়াকৈ জানিব পৰা যায়৷ জানি থোৱা ভাল যে লিভাৰ অসুখৰ অন্যতম কাৰণ হ’ল– শৰীৰৰ মাত্ৰাধিক ওজন আৰু পেটত জমা হোৱা অতিৰিক্ত মেদ৷ নিয়মীয়াকৈ ব্যায়াম আৰু খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিলে ওজন আৰু পেটৰ মেদ বহুলতাৰ পৰা বাচি থাকিব পাৰি৷