Logo
image

ভাৰতীয় ক্ৰিকেটত বি চি চি আইৰ নতুন ইনচেণ্টিভ স্কিম

ইংলেণ্ডক সদ্যসমাপ্ত পাঁচখন টেষ্টৰ শৃংখলাৰ অন্তিমখন টেষ্টত পৰাস্ত কৰাৰ দিনাই ভাৰতীয় ক্ৰিকেটাৰে পালে এটা ভাল খবৰ৷ ভাৰতীয় পুৰুষ টেষ্ট দলৰ বাবে ইনচেণ্টিভ স্কিম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বি চি চি আই)৷ ঘৰুৱা ক্ৰিকেট অথবা টেষ্ট ক্ৰিকেট খেলাৰ পৰিৱৰ্তে একাংশ ক্ৰিকেটাৰৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আৰু আন টুৱেণ্টী২০ টুৰ্নামেণ্ট খেলাত অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাক লৈ অসন্তুষ্ট আছিল বি চি চি আই৷ ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থাটোৱে আনকি ঘৰুৱা ক্ৰিকেট খেলিব নিবিচৰা ক্ৰিকেটাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণৰো সিদ্ধান্ত লৈছে৷ ঈশান কিষাণ আৰু শ্ৰেয়স আয়াৰৰ দৰে ক্ৰিকেটাৰক কেন্দ্ৰীয় চুক্তিত অন্তৰ্ভুক্ত ক্ৰিকেটাৰৰ তালিকাৰ পৰা বাদ দি এক দৃঢ় পদক্ষেপ লৈছিল ব’ৰ্ডে৷ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলা নেখেলাৰ বাবে চুবুৰীয়া দেশ পাকিস্তানৰ ক্ৰিকেট ব’ৰ্ডেও পেচ বলাৰ হেৰিছ ৰৌফক কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত লৈছে৷ টুৱেণ্টী২০ আৰু ৫০ অভাৰৰ ক্ৰিকেটৰ জনপ্ৰিয়তা ক্ৰমাৎ বহু বৃদ্ধি পাইছে যদিও ক্ৰিকেটৰ প্ৰকৃত আনন্দ টেষ্ট ক্ৰিকেটতহে পোৱা যায়৷ ক্ৰিকেটাৰসকলক টেষ্ট ক্ৰিকেটৰ লগতে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী কৰি তোলাটোৱেই হৈছে বি চি চি আইৰ ইনচেণ্টিভ স্কিমৰ মূল লক্ষ্য৷ চলিত বৰ্ষৰ আই পি এলৰ পাছত টেষ্ট ক্ৰিকেটাৰৰ বাবে ইনচেণ্টিভ স্কিম আৰম্ভ কৰা হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও ক্ৰিকেট ব’ৰ্ডে ২০২২-২৩ ছীজনৰ পৰাই এই স্কিম কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা কৰিছে৷ ইয়াৰ অৰ্থ হৈছে বৰ্তমান ভাৰতীয় টেষ্ট দলত নথকা কিন্তু ২০২২-২৩ ছীজনত ৰাষ্ট্ৰীয় দলত খেলা ক্ৰিকেটাৰে এই স্কিমৰ দ্বাৰা উপকৃত হ’ব৷
বি চি চি আইৰ ইনচেণ্টিভ স্কিম অনুসৰি ছীজনটোত ৭৫ শতাংশ অৰ্থাৎ ৯খন টেষ্টৰ সাত বা ততোধিক টেষ্ট খেলা ক্ৰিকেটাৰে প্ৰতিখন খেলৰ বাবে (মূল একাদশত থকা ক্ৰিকেটাৰে) পাব ৪৫ লাখ টকাকৈ৷ আনহাতে, মূল একাদশত নথকা ক্ৰিকেটাৰৰ ক্ষেত্ৰত এই ধন হ’ব ২২.৫ লাখ টকা৷ তেনেদৰে,  ৫০ শতাংশতকৈ অধিক অৰ্থাৎ পাঁচখন অথবা ছখন টেষ্ট খেলা ক্ৰিকেটাৰে প্ৰতিখন টেষ্টত ইনচেণ্টিভ হিচাপে ৩০ লাখ টকাকৈ পাব৷ মূল একাদশত নথকা ক্ৰিকেটাৰে ১৫ লাখ টকাকৈ পাব৷ কিন্তু  ছীজনটোত ৫০ শতাংশৰ কম অৰ্থাৎ চাৰিখনতকৈ কম টেষ্ট খেলা ক্ৰিকেটাৰৰ ক্ষেত্ৰত ইনচেণ্টিভ স্কিম কাৰ্যকৰী নহ’ব৷ ক্ৰিকেটাৰসকলে মেচ ফীৰ ওপৰঞ্চি হিচাপে পাব এই ইনচেণ্টিভ৷ বি চি চি আইৰ এই নতুন পদক্ষেপক ইতিমধ্যে  বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰে প্ৰশংসা কৰিছে৷ টীম ইণ্ডিয়াৰ প্ৰাক্তন সদস্য আৰু বৰ্তমানৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাৱিড়ে বি চি চি আইৰ সিদ্ধান্তক আদৰণি জনাই কয় যে টুৱেণ্টী২০ ক্ৰিকেটৰ আধিপত্যৰ সময়ছোৱাত টেষ্ট ক্ৰিকেটক গুৰুত্ব দি এনেধৰণৰ পদক্ষেপ লোৱাটো উৎসাহৰ বিষয়৷ লগতে অৱশ্যে তেওঁ ইয়াকো কয় যে ক্ৰিকেট ব’ৰ্ডেৰ ইনচেণ্টিভ স্কিমক দেশৰ হৈ টেষ্ট খেলাৰ বাবে আগবঢ়োৱা ধন হিচাপে বিবেচনা কৰাৰ পৰিৱৰ্তে ইয়াক টেষ্ট ক্ৰিকেটত ধাৰাবাহিকভাৱে খেলি থকা ক্ৰিকেটাৰলৈ পুৰস্কাৰ হিচাপেহে গ্ৰহণ কৰা উচিত৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক ৰোহিত শৰ্মায়ো বি চি চি আইৰ পদক্ষেপক অভিনৱ আখ্যা দিয়াৰ লগতে তাৰ প্ৰশংসা কৰিছে৷ তেওঁৰ মতে, টেষ্ট ক্ৰিকেটত দেশক প্ৰতিনিধিত্ব কৰিবলৈ যিসকল ক্ৰিকেটাৰ প্ৰতিশ্ৰুতিবদ্ধ তেওঁলোকক পুৰস্কৃত কৰাটোৱেই ইনচেণ্টিভ স্কিমৰ প্ৰধান লক্ষ্য৷ ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছেনেও বি চি চি আইৰ পদক্ষেপৰ প্ৰশংসা কৰি কৈছে যে যি সময়ত টেষ্ট ক্ৰিকেটৰ ভৱিষ্যতক লৈ শংকাৰ সৃষ্টি হৈছে, সেই সময়ত ক্ৰিকেটৰ সবাতোকৈ পুৰণি ফৰ্মেটটোক বচাবলৈ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ এয়া এক সময়োচিত পদক্ষেপ৷ পিটাৰছেনে এইক্ষেত্ৰত বি চি চি আইৰ সচিব জয় শ্বাহৰ শলাগ লয়৷ লগতে তেওঁ কয়, টেষ্ট ক্ৰিকেটৰ মৰ্যাদা আৰু আকৰ্ষণ অটুট ৰাখিবলৈ আন দেশৰ ক্ৰিকেট ব’ৰ্ডেও এনেধৰণৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন৷ টীম ইণ্ডিয়াৰ আন এজন প্ৰাক্তন সদস্য গৌতম গম্ভীৰেও বি চি চি আইৰ শেহতীয়া সিদ্ধান্তক অতি গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে এনেধৰণৰ চিন্তা-চৰ্চাই টেষ্ট ক্ৰিকেটলৈ  অহা অনিশ্চয়তা আঁতৰ কৰিবলৈ সক্ষম হ’ব৷
উল্লেখ্য, একাংশ ক্ৰিকেটাৰ টেষ্ট ক্ৰিকেটৰ প্ৰতি আগ্ৰহী নোহোৱাটো কেৱল ভাৰতৰে সমস্যা নহয়৷ টুৱেণ্টী২০ আৰু ৫০ অভাৰৰ ক্ৰিকেটত বৃহৎ অংকৰ ধন বিনিয়োগ হোৱা বাবে ক্ৰিকেটাৰসকল তাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰা দেখা যায়৷ এনেধৰণৰ সমস্যাবোৰ দূৰ কৰাৰ বাবে বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্ছ সংস্থা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউঞ্চিলেও বিভিন্ন পদক্ষেপ হাতত লৈছে৷ কিন্তু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে যে টেষ্ট ক্ৰিকেটাৰৰ বাবে ইনচেণ্টিভ স্কিম আৰম্ভ কৰি যি এক দৃষ্টান্ত দেখুৱাইছে, আন দেশৰ ক্ৰিকেট ব’ৰ্ডেও অনুৰূপ পদক্ষেপ লয় নে নলয় সেয়া হ’ব লক্ষণীয়৷