Logo
image

‘কা’ৰ জৰিয়তে কেনেকৈ পাব ভাৰতৰ নাগৰিকত্ব

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৩ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ভোট দখলৰ লক্ষ্যৰে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে সোমবাৰে জাতিধবংসী নাগৰিকত্ব সংশোধনী আইন-২০১৯১ বিধি প্ৰস্তুতৰ জাননী জাৰি কৰে৷ ‘কা’ৰ বিধি প্ৰস্তুতৰ জাননী জাৰি কৰাৰ পাছতেই মঙলবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ‘কা’ জৰিয়তে বিদেশীক ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ অন লাইন প’ৰ্টেল আৰু মোবাইল এপ্লিকেশ্বন মুকলি কৰি দিছে৷ অৰ্থাৎ অসমবাসীৰ সংশয়ক বাস্তৱত পৰিণত কৰি হিন্দু বাংলাদেশীয়ে এতিয়াৰে পৰা ঘৰত বহিয়েই কম্পিউটাৰ-মোবাইলৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে অনলাইন আবেদনৰ পথ নিষ্কণ্টক কৰি তোলে৷ নাগৰিকত্ব (সংশোধনী)] নিয়ম-২০২৪ বলৱৎ হোৱাৰ লগে লগে এতিয়াৰে পৰা ‘কা’ৰ জৰিয়তে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহি ভাৰতত আশ্ৰয় লোৱা হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান শৰণাৰ্থীয়ে নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব৷ ‘কা’ৰ জৰিয়তে অ-মুছলমান বিদেশীয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে https://indiancitizenshiponline.nic.in ত আবেদন কৰিব পাৰিব৷ গৃহ মন্ত্ৰণালয়ে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনকাৰীয়ে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ নাগৰিক বুলি প্ৰমাণ কৰাৰ বাবে ‘তফছিল ১(ক)’ত তালিকাভুক্ত ৯ বিধি নিৰ্দিষ্ট নথিৰ যিকোনো এবিধ নথিৰ লগতে ২০১৪ চনৰ পূৰ্বে ভাৰতলৈ অহাৰ প্ৰমাণ পত্ৰ হিচাপে ‘তফচিল ১(খ)ত তালিকাভুক্ত ২০বিধ নিৰ্দিষ্ট নথিৰ যিকোনো এবিধ নথি দাখিল কৰিব লাগিব৷ প্ৰয়োজনীয় মাত্ৰ দুবিধ প্ৰমাণ পত্ৰৰ লগতে অনলাইনত আবেদন মাচুল ৫০ টকা জমা দিয়েই অনলাইনত নাগৰিকত্বৰ জিলা পৰ্যায়ৰ কমিটীলৈ আবেদন কৰিব পাৰিব৷
আবেদনকাৰী আফগানিস্তান বা বাংলাদেশ বা পাকিস্তানৰ নাগৰিক বুলি প্ৰমাণ কৰিবলৈ নথিপত্ৰৰ তালিকা
১) আফগানিস্তান বা বাংলাদেশ বা পাকিস্তান চৰকাৰে জাৰি কৰা পাছপ’ৰ্টৰ প্ৰতিলিপি৷
২) ভাৰতত বিদেশী আঞ্চলিক পঞ্জীয়ন বিষয়া([Foreigners Regional Registration Officer, FRRO) বা বিদেশী পঞ্জীয়ন বিষয়াৰ (Foreigners Registration Officer, FRO) দ্বাৰা জাৰি কৰা পঞ্জীয়ন প্ৰমাণ-পত্ৰ বা আৱাসিক অনুমতি৷
৩) আফগানিস্তান বা বাংলাদেশ বা পাকিস্তানৰ চৰকাৰী কতৃৰ্পক্ষৰ দ্বাৰা জাৰি কৰা জন্মৰ প্ৰমাণ-পত্ৰ৷
৪) আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ বিদ্যালয় বা মহাবিদ্যালয় বা বোৰ্ড বা বিশ্ববিদ্যালয় কতৃৰ্পক্ষৰ দ্বাৰা জাৰি কৰা বিদ্যালয়ৰ প্ৰমাণ-পত্ৰ বা শৈক্ষিক প্ৰমাণ-পত্ৰ৷ 
৫) আফগানিস্তান চৰকাৰ বা বাংলাদেশ বা পাকিস্তান বা এই দেশবোৰৰ আন যিকোনো চৰকাৰী কতৃৰ্পক্ষ বা চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা যিকোনো ধৰণৰ পৰিচয় প্ৰমাণ-পত্ৰ৷
৬) আফগানিস্তান, বাংলাদেশ বা পাকিস্তানৰ চৰকাৰী কতৃৰ্পক্ষৰ দ্বাৰা জাৰি কৰা যিকোনো অনুজ্ঞা-পত্ৰ বা প্ৰমাণ-পত্ৰ৷
৭) আফগানিস্তান বা বাংলাদেশ বা পাকিস্তানত ভূমি বা ভাৰাতীয়া ৰেকৰ্ড৷
৮) যিকোনো দস্তাবেজ, যিয়ে দেখুৱায় যে আবেদনকাৰীৰ পিতৃ-মাতৃ বা ককাক-আইতাক বা আজোককাক-আইতাক আফগানিস্তান বা বাংলাদেশ বা পাকিস্তান এই তিনিখন দেশৰ এখনৰ নাগৰিক বা নাগৰিক আছিল৷
৯) আফগানিস্তান বা বাংলাদেশ বা পাকিস্তানৰ চৰকাৰী কতৃৰ্পক্ষ বা চৰকাৰী সংস্থাৰ দ্বাৰা জাৰি কৰা আন যিকোনো নথি, যিয়ে প্ৰতিষ্ঠা কৰিব যে আবেদনকাৰী আফগানিস্তান বা বাংলাদেশ বা পাকিস্তানৰ৷ অধিসূচনা কৰা নিয়ম অনুসৰি, উপৰিউক্ত তালিকাভুক্ত নথিপত্ৰবোৰ সেইবোৰৰ বৈধতাৰ ম্যাদ নাথাকিলেও গ্ৰহণযোগ্য হ’ব৷
২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতত প্ৰৱেশ কৰাৰ প্ৰমাণ হিচাপে দাখিল কৰিবলগীয়া তালিকাভুক্ত নথি
১) ভাৰতলৈ অহাৰ সময়ত ভিছা বা ইমিপ্ৰেছন ষ্টাম্পৰ প্ৰতিলিপি৷
২) ভাৰতৰ বিদেশী আঞ্চলিক পঞ্জীয়ন বিষয়া বা বিদেশী পঞ্জীয়ন বিষয়াৰ দ্বাৰা জাৰি কৰা পঞ্জীয়ন প্ৰমাণ পত্ৰ বা অৱাসিক অনুমতি পত্ৰ৷
৩)ভাৰতৰ লোকপিয়ল কতৃৰ্পক্ষৰ দ্বাৰা জাৰি কৰা নথি৷
৪)ভাৰতৰ চৰকাৰী অনুমোদিত লাইচেন্স, আধাৰ কাৰ্ড ইত্যাদি৷
৫) ভাৰত চৰকাৰৰ ৰেচন কাৰ্ড৷
৬) ছীল-মোহৰ যুক্ত কোনো আদালত বা চৰকাৰী কাৰ্যালয়ে জাৰি কথা জাননী৷
৭) ভাৰত চৰকাৰে প্ৰদান কৰা জন্মৰ প্ৰমাণ পত্ৰ৷
৮) আবেদনকাৰী নামত ভাৰতত থকা ভূমি পট্টা, ভাৰাৰ নথি৷
৯)পান কাৰ্ড সংক্ৰান্তীয় নথি৷
১০) কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ পৰা জাৰি কৰা যিকোনো নথি৷ সেয়া কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ অধীনৰ ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠান, বিত্তীয় প্ৰতিষ্ঠান বা আন কোনো চৰকাৰী প্ৰতিষ্ঠানে জাৰি কৰা নথি হ’ব পাৰে৷
১১) কোনো গাঁও বা নগৰ সমিতিৰ নিৰ্বাচিত সদস্যৰ বা কতৃৰ্ত্বশীল বিষয়াই দিয়া প্ৰমাণ পত্ৰ৷
১২) বেংক বা ডাক ঘৰৰ বিত্তীয় নথি৷
১৩) আবেদনকাৰী নামত থকা বীমা পলিচি৷
১৪)বিদ্যুৎ বিল৷
১৫) আদালত বা ন্যায়াধিকৰণৰ নথি৷
১৬) ই পি এফ বা পি পি এফ নাইবা পেন্সনৰ প্ৰমাণ পত্ৰ৷
১৭) শিক্ষানুষ্ঠানৰ প্ৰমাণ পত্ৰ৷
১৮) স্কুল, কলেজ বা বিশ্ববিদ্যালয়ে জাৰি কৰা শৈক্ষিক নথি৷
১৯)পৌৰ সভাৰ ট্ৰেড লাইচেন্স৷
২০) বিবাহ প্ৰমাণ পত্ৰ৷
আবেদনৰ সৈতে প্ৰয়োজনীয় ঘোষণা আৰু শপতনামা
নতুন নিয়ম অনুসৰি, ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰা সকলে নিম্নলিখিত বিশেষ নথিপত্ৰ দাখিল কৰিব লাগিব৷
১) আবেদনত দিয়া বিবৃতিবোৰৰ শুদ্ধতা পৰীক্ষা কৰা এখন শপতনামা আৰু লগতে এজন ভাৰতীয় নাগৰিকৰ পৰা আবেদনকাৰীৰ চৰিত্ৰৰ সাক্ষ্য দিয়া শপতনামা৷
২) আবেদনকাৰীৰ পৰা এটা ঘোষণা কৰিব লাগিব যে সংবিধানৰ অষ্টম অনুসূচীত নিৰ্ধাৰিত ভাষাবোৰৰ এটাৰ বিষয়ে তেওঁৰ পৰ্যাপ্ত জ্ঞান আছে৷
৩)ব্যক্তিজনে তেওঁৰ আবেদন অনুমোদিত হ’লে তেওঁৰ পূৰ্বৰ দেশৰ নাগৰিকত্ব অপৰিৱৰ্তনীয়ভাৱে ত্যাগ কৰিব বুলি এটা ঘোষণাও কৰিব লাগিব৷ 
‘কা’ৰ নিয়ম আৰু ধাৰা ৬Bৰ অধীনত পঞ্জীয়ন বা দেশীয়কৰণৰ বাবে আবেদনকাৰীয়ে কেন্দ্ৰীয় চৰকাৰে জাননী দিয়া অনুসৰি জিলা পৰ্যায়ৰ সমিতিৰ জৰিয়তে ক্ষমতাপ্ৰাপ্ত সমিতিৰ ওচৰত ইলেক্ট্ৰনিক ৰূপত দাখিল কৰিব লাগিব৷ মনোনীত বিষয়াৰ দ্বাৰা জিলা পৰ্যায়ৰ সমিতিয়ে আবেদনৰ সৈতে আবেদনকাৰীয়ে দাখিল কৰা নথিপত্ৰবোৰ পৰীক্ষা কৰিব পাৰে৷ মনোনীত বিষয়াই নাগৰিকত্ব আইন, ১৯৫৫ (১৯৫৫-৫৭)ৰ দ্বিতীয় অনুসূচীত নিৰ্ধাৰিত অনুসৰি আনুগত্যৰ শপত আবেদনকাৰীক প্ৰদান কৰিব আৰু তাৰ পাছত আনুগত্যৰ শপত স্বাক্ষৰ কৰিব আৰু ক্ষমতাপ্ৰাপ্ত সমিতিলৈ নথিপত্ৰৰ প্ৰমাণীকৰণ সম্পৰ্কে নিশ্চিতিৰ সৈতে ইলেক্টªনিক ৰূপত ইয়াক আগবঢ়াব৷ যদি এজন আবেদনকাৰীয়ে যুক্তিসংগত সুযোগ দিয়া সত্ত্বেও আবদনখনৰ শুনানি গ্ৰহণ কৰিবলৈ আৰু আনুগত্যৰ শপত ল’বলৈ ব্যক্তিগতভাৱে উপস্থিত হ’বলৈ বিফল হয়, তেন্তে জিলা পৰ্যায়ৰ সমিতিয়ে এনে আবেদন অস্বীকাৰ বিবেচনাৰ বাবে ক্ষমতাপ্ৰাপ্ত সমিতিলৈ প্ৰেৰণ কৰিব৷ নিয়ম ১১A-ত উল্লেখ কৰা ক্ষমতাপ্ৰাপ্ত সমিতিয়ে ধাৰা ৬B-ৰ অধীনত এজন আবেদনকাৰীৰ দ্বাৰা দাখিল কৰা পঞ্জীয়ন বা দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব প্ৰদানৰ আবেদন পৰীক্ষা কৰিব পাৰে, যাতে আৱেদনখন সকলো ক্ষেত্ৰত সম্পূৰ্ণ হয় আৰু আবেদনকাৰীয়ে ধাৰা ৬B-ত নিৰ্ধাৰিত সকলো চৰ্ত পূৰণ কৰে৷
নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ কেনেদৰে জাৰি কৰা হ’ব? 
পঞ্জীয়ন বা দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব প্ৰদানৰ বাবে আবেদন কৰা আবেদনকাৰীক পঞ্জীয়নৰ ডিজিটেল প্ৰমাণ-পত্ৰ জাৰি কৰা হ’ব৷ পঞ্জীয়ন বা দেশীয়কৰণৰ প্ৰমাণ-পত্ৰৰ চিয়াঁহীৰে স্বাক্ষৰিত প্ৰতিলিপি কেৱল তেতিয়াহে জাৰি কৰা হ’ব, যদি আবেদনকাৰীয়ে আবেদন পৰ্যায়ত ইয়াৰ বাবে বাছনি কৰে আৰু ইয়াক আবেদনকাৰীয়ে ক্ষমতাপ্ৰাপ্ত সমিতিৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব লাগিব৷ অৰ্থাৎ ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত অৱস্থিত ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলৰ সঞ্চালকৰ কাৰ্যালয়ৰ (লোকপিয়ল কাৰ্যকলাপ) পৰা সংগ্ৰহ কৰিব পাৰিব৷