Logo
image

এচিডিটীৰ পৰা হাত সাৰিবলৈ নিশাৰ আহাৰ সোনকালে খাওক

কৰ্ম ব্যস্ততা আৰু বিভিন্নধৰণৰ খাদ্য খোৱাৰ পাছত শাৰীৰিক বিসংগতি হোৱাটো স্বাভাৱিক৷ অতিৰিক্ত তেল, মছলাযুক্ত আৰু ষ্ট্ৰীট ফুড হওক অথবা হোটেলৰ খাদ্য আদিয়ে স্বাস্থ্যত কেতিয়াবা বিৰূপ প্ৰভাৱ পেলায়৷  তদুপৰি প্ৰয়োজন অনুসৰি পানী নোখোৱাৰ ফলত  বুকু জ্বলা, ডিঙি জ্বলা আৰু পেটত অস্বস্তিৰ ভাৱ অনুভৱ হয়৷  সেয়েহে ঘৰৰ খাদ্য এৰি বাহিৰৰ খাদ্য খালে এনেধৰণৰ সমস্যাত ভুগিবলগীয়া হয়৷ এনে সমস্যাৰ পৰা সকাহ পোৱাৰ উপায়ো নথকা নহয়৷ এচিডিটীৰ পৰা হাত সাৰিবলৈ এইখিনি ব্যৱস্থা লওক৷
- অতিৰিক্ত জ্বলা, তেল-মছলাযুক্ত তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক৷ 
- অতিৰিক্ত খাদ্য কেতিয়াও খাব নালাগে৷ 
- বেছি সময় ধৰি খাদ্য নোখোৱাকৈ থাকিলেও এচিডিটীৰ সমস্যা হয়৷
- অসময়ত আৰু অনিয়মিতভাৱে খাদ্য খোৱাৰ পৰা বিৰত থাকক৷
- নিশাৰ খাদ্য সোনকালে খোৱাৰ অভ্যাস কৰক৷
- খোৱাৰ লগে লগে শুই নপৰিব৷ 
- ধুমপান, মদ্যপান, কফি আৰু এছপিৰিণ জাতীয় ঔষধ নাখাব৷  
- মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ চেষ্টা কৰক৷ 
- ধনীয়া কম পৰিমাণে খোৱাৰ অভ্যাস কৰক৷ 
- খোৱাৰ পাছত আধা চামুচকৈ মৌ খাব লাগে৷
- নিয়মীয়াকৈ নাৰিকলৰ পানী খোৱা অভ্যাস কৰক৷ 
- যিমান পাৰি মিচিৰিৰ চৰৱত খাবলৈ চেষ্টা কৰক৷ 
- খালী পেটত এমুঠিমান তিয়াই থোৱা কিছমিছ নিয়মীয়াকৈ খাব পাৰে৷ 
- ঠাণ্ডাপানীত অলপ গোলাপজল আৰু পদিনা মিহলি পানী খোৱাটো শৰীৰৰ পক্ষে খুবেই ভাল৷ 
- ডালিম, কল, আপেল, খিছমিছ, নাৰিকল আদি  ফল নিয়মীয়াকৈ খাব পাৰে৷ ইয়াৰোপৰি আমলখি যিমান ইচ্ছা (গুড়ি, কেঁচা কিম্বা ৰস) খোৱা উচিত৷ 
- যষ্ঠীমধুৱে এচিডিটীৰ সমস্যা সহজে দূৰ কৰে৷ 
- এচিডিিটীৰ পৰা ৰক্ষা পাবলৈ খালী পেটত সদায় ২০-২৫ মিলিগ্ৰাম এলোভেৰাৰ ৰস খাওঁক৷