Logo
image

গৌৰৱ গগৈক জয়ী কৰাবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিব ৰাইজৰ দলেঃ অখিল গগৈয়ে ক'লে, "গৌৰৱ গগৈক জিকাব নোৱাৰিলে অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক হ'ব"

'আমাৰ অসম'ৰ দিচাংমুখৰ প্ৰতিবেদক, ১৪ মাৰ্চঃ "ভাৰতৰ সংসদীয় দলবিলাকৰ ভিতৰত আটাইতকৈ শক্তিশালী সাংসদ গৌৰৱ গগৈক আগন্তুক লোকসভাৰ নিৰ্বাচনত জিকাব নোৱাৰিলে অসমীয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক হ'ব।"- এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ বুধবাৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শিৱসাগৰৰ আৱৰ্ত ভৱনত এক সংবাদ মেল সম্বোধন কৰি কয়, "আমি ৰাইজৰ দলৰ তৰফৰ পৰা আৰু মই  শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিলৈ আদৰণি জনাইছোঁ। ৰাইজৰ দলে আৰু মই নিজেই গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচন খেলিব লাগে বুলি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ। এই সন্দৰ্ভত মই ৰাহুল গান্ধী ডাঙৰীয়াক অনুৰোধ জনাইছিলোঁ। এতিয়া গৌৰৱ গগৈক যোৰহাট লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে কংগ্ৰেছ দলক ধন্যবাদ জনাইছোঁ। আমি গৌৰৱ গগৈক জয়ী কৰাবলৈ সৰ্বশক্তিৰে চেষ্টা কৰিম৷ অসমীয়া জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ, সৰল আৰু ভাৰতৰ উদীয়মান ৰাজনৈতিক ব্যক্তি গৌৰৱ গগৈক জয়ী কৰাবলৈ প্ৰত্যেকজন নাগৰিকক বিনম্ৰ অনুৰোধ জনাইছোঁ।" 

লগতে তেওঁ বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈক দেশৰ আটাইতকৈ নিষ্ক্ৰিয়, নিবুকাচামুন সাংসদ আখ্যা দি বিজেপি দলৰ কৰ্মী সকলকো গৌৰৱ গগৈৰ পক্ষত থিয় দিবলৈ আহ্বান জনায়। লগতে বিধায়ক গগৈয়ে কয় যে গৌৰৱ গগৈয়েহে অসমৰ সমস্যা সঠিক আৰু সবলভাৱে সদনত উত্থাপন কৰিব। 

'কা' বিৰোধী সকলকো বিজেপিৰ বিপক্ষে থিয় দিয়াৰ আহ্বান জনাই বিধায়ক অখিল গগৈয়ে সংবাদমেলত বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ  প্ৰাৰ্থী দিয়াত দুখ প্ৰকাশ কৰে। এই সন্দৰ্ভত তেওঁ কংগ্ৰেছক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়। বৰপেটাত চি পি আই (এম)ৰ মনোৰঞ্জন তালুকদাৰক বাট এৰি দিবলৈ বিধায়ক গগৈয়ে আহ্বান জনায়।তেওঁ কয় যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত বুজাবুজিৰে আগবাঢ়িব লাগে। আনহাতে কাৰ্বি আংলঙত জে আই কাথাৰক বিৰোধী ঐক্যমঞ্চৰ হৈ প্ৰাৰ্থিত্ব দিয়াৰ পোষকতা কৰে বিধায়ক অখিল গগৈয়ে। সংবাদমেলত অখিল গগৈৰ উপৰিও ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবিন্দ্ৰ চেতিয়া ফুকন উপস্থিত থাকে।