Logo
image

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ বাতিল

'আমাৰ অসম'ৰ নগাঁৱৰ ষ্টাফ ৰিপ'ৰ্টাৰ, ১৩ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গৃহমন্ত্ৰী অমিত শ্বাহে ১৫ মাৰ্চত নগাঁও-হোজাই ভ্ৰমণ কৰাৰ কথা আছিল যদিও বাতিল হ'ল শ্বাহৰ অসম ভ্ৰমণ কাৰ্যসূচী।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত গৃহমন্ত্ৰীৰ ভ্ৰমণে দলীয় কৰ্মী-সমৰ্থকক উত্তাপ প্ৰদান কৰিব বুলি আশা কৰা হৈছিল, কিন্তু কাৰ্যসূচী বাতিলে এই আশাত চেঁচা পানী পেলালে। ম্লান পৰিল গৃহমন্ত্ৰীৰ ভ্ৰমণক লৈ দলীয় কৰ্মীৰ মাজত সৃষ্টি হোৱা উৎসাহ। গৃহমন্ত্ৰীজনে সেইদিনা পুৱাবেলা  নগাঁও জিলাৰ বটদ্ৰৱাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত নিৰ্মীয়মান প্ৰকল্পৰ ইতিমধ্যে সম্পূৰ্ণ হোৱা অংশ মুকলি কৰাৰ যো-জা কৰা হৈছিল। গৃহমন্ত্ৰীৰ ভ্ৰমণৰ বাবে তৎপৰ হৈ পৰিছিল প্ৰশাসন। সম্পূৰ্ণ চৰকাৰী খৰচত নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ হোৱা গুৰু আসনৰ আৰ্হিৰ গৃহৰ গৃহমন্ত্ৰীয়ে মুকলি কৰাৰ কথা আছিল।  

উল্লেখযোগ্য যে বহু প্ৰত্যাশিত এই বটদ্ৰৱা প্ৰকল্পৰ ১৮৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে  শুভাৰম্ভ কৰিছিল। এই প্ৰকল্পত ওখ গুৰু আসন, সত্ৰীয়া সংস্কৃতি প্ৰতিফলিত হোৱা বিভিন্ন কাৰুকাৰ্য খটোৱা অতিথি গৃহ, মিউজিয়াম, পুথিভঁৰাল, সংস্কৃতি চৰ্চা কেন্দ্ৰ, উদ্যান আদি নিৰ্মাণ কৰা হৈছে। বিগত ১০ মাৰ্চত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা প্ৰকল্প পৰিদৰ্শন কৰি কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লয়। তাৰ পিছতে প্ৰকল্পৰ সম্পূৰ্ণ হোৱা অংশৰ মুকলিৰ বাবে গৃহমন্ত্ৰীৰ কাৰ্যসূচী নিশ্চিত হয়। গৃহমন্ত্ৰীৰ আগমণৰ উদেশ্যে যুদ্ধকালীন তৎপৰতাৰে প্ৰকল্পৰ কাম আগবঢ়োৱাৰ লগতে প্ৰশাসনে প্ৰকল্পস্থলীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলে৷ বিজেপি দলে গৃহমন্ত্ৰীৰ সভাত ব্যাপক জনসমাৱেশৰ বাবে প্ৰস্তুতি চলায়। 

উল্লেখযোগ্য তদানীন্তন মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালৰ তৎপৰতাত বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰৰ ১৬৫ বিঘা ভূমি বেদখলমুক্ত কৰি পৰৱৰ্তী সময়ত সেই স্থানতে ঐতিহাসিক বটদ্ৰৱা প্ৰকল্প নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল। লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ প্ৰাকমুহূৰ্তত গৃহমন্ত্ৰী অমিত শ্বাহৰ বটদ্ৰৱা ভ্ৰমণ দেখাত ৰাজনৈতিক উদ্দেশ্য সম্পৰ্কিত নহ'লেও এই ভ্ৰমণে নগাঁও লোকসভা সমষ্টিৰ দলীয় কৰ্মীক উত্তাপ প্ৰদানৰ লগতে ভোটাৰৰ মাজত বিজেপিৰ নিৰ্বাচনী বতাহ বলোৱাৰ সম্ভাৱনা আছিল। উল্লেখ্য, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নৱগঠিত নগাঁও লোকসভা সমষ্টিত মুছলমান ভোটাৰৰ আধিপত্য পূৰ্বতকৈ বৃদ্ধি পাইছে। নগাঁও লোকসভা সমষ্টিৰ পৰা বাদ পৰিছে পূৰ্বৰ হিন্দু ভোটাৰৰ আধিপত্য থকা হোজাই, লামডিং আৰু বঢ়মপুৰ বিধানসভা সমষ্টি। তাৰ বিপৰীতে নগাঁও লোকসভা সমষ্টিত সংযুক্ত হৈছে মুছলমান ভোটাৰৰ আধিপত্য থকা চামগুৰি, ৰূপহীহাট, ধিং বিধানসভা সমষ্টিৰ লগতে নতুনকৈ গঠিত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত মুছলমান অধ্যুষিত অঞ্চল৷ ফলস্বৰূপে নৱগঠিত নগাঁও লোকসভা সমষ্টিত শক্তি বহু পৰিমাণে বৃদ্ধি পাইছে মুছলমান ভোটাৰৰ। পূৰ্বে বিশ বছৰ ধৰি বিজেপিৰ দখলত থকা নগাঁও লোকসভা সমষ্টিত ২০১৯ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈ কাণে কাণ মাৰিহে বিজয়ী হ'বলৈ সক্ষম হৈছিল। এইবাৰ মুছলমান ভোটৰ সংখ্যাধিক্যই কংগ্ৰেছ প্ৰাৰ্থীজনক সহায় কৰিব বুলি দলটোৱে ভাবিছে যদিও এই আই ইউ ডি এফ ঘোষিত প্ৰাৰ্থী ধিঙৰ বিধায়ক আমিনুল ইছলামৰ ব্যাপক গণভিত্তিয়ে কংগ্ৰেছৰ বিজয়ৰ পথত বাধাৰ সৃষ্টি কৰাৰ তীব্ৰ আশংকা আছে। তাৰ বিপৰীতে ব্যাপক প্ৰত্যাহ্বান থকা বিজেপিয়ে হিন্দুৰ ভোট একচেটিয়াকৈ নিজৰ পক্ষত আনি মুছলমান ভোটৰ ব্যাপক বিভাজনৰ জড়িয়তে এটা অংশ নিজ দলৰ প্ৰাৰ্থীৰ পক্ষত আনি ৰণ জিকাৰ কৌশল তৈয়াৰ কৰিছে। 

ইতিমধ্যে নগাঁও সমষ্টিৰ বিজেপিৰ ঘোষিত প্ৰাৰ্থী সুৰেশ বৰাই পূৰ্বে দীৰ্ঘদিন কংগ্ৰেছ দলত থাকি মুছলমান ভোটাৰৰ লগত গঢ়ি তোলা সম্পৰ্কৰ সূত্ৰে সমষ্টিটোৰ সেই ভোটাৰ সকলৰ লগত যোগাযোগ কৰিছে। আনকি সুৰেশ বৰাই নগাঁও সমষ্টিত এইবাৰ বহু মুছলমানে ভোটাৰে বিজেপি প্ৰাৰ্থীক ভোট দিব বুলি দৃঢ়তাৰে ইতিমধ্যে ঘোষণা কৰিছে। গৃহমন্ত্ৰী শ্বাহৰ বটদ্ৰৱা ভ্ৰমণে সকলো ধৰণৰ ভোটাৰৰ মাজতে প্ৰভাৱ পেলোৱাৰ আশা কৰিছিল বিজেপিয়ে।

গৃহমন্ত্ৰী অমিত শ্বাহে একেদিনাই হোজাই জিলাৰ শংকৰদেৱ নগৰৰ একসভাত অংশগ্ৰহণ কৰাৰ কথা আছিল। জানিব পৰা মতে এই সভাত এক লাখ লোকৰ আসনৰ ব্যৱস্থা কৰা হৈছিল। প্ৰাপ্ত খবৰ মতে গৃহমন্ত্ৰীয়ে হোজাই জিলাৰ লোকনিৰ্মাণ, জনস্বাস্থ্য আদি কেতবোৰ বিভাগৰ কিছুমান আঁচনিৰ উদ্বোধন কিম্বা আধাৰশিলা স্থাপন কৰাৰ কথা আছিল। এই সভা সফল কৰি তোলাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছিল জিলা বিজেপিয়ে। সভালৈ হোজাই, লামডিং, বিন্নাকান্দি বিধানসভা সমষ্টিৰ লগতে বঢ়মপুৰ সমষ্টিৰ পৰা মানুহ অহাৰ কথা আছিল। উল্লেখযোগ্য যে পূৰ্বৰ নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত এই বিধানসভা সমষ্টি কেইটা বৰ্তমান নৱগঠিত কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত। পূৰ্বে নগাঁও লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিজয়ত লামডিং, বঢ়মপুৰ বিধানসভা সমষ্টিৰ ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সম্প্ৰতি এই বিধানসভা সমষ্টি কেইটাৰ হিন্দু ভোটাৰে কাজিৰঙা লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিজয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ আশা আছে। কিন্তু কাজিৰঙা সমষ্টিৰ বিজেপি ঘোষিত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ এই সমষ্টি কেইটাৰ ভোটাৰৰ মাজত পৰিচিত নহয়। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ হোজাই ভ্ৰমণে কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত এই বিধানসভা সমষ্টি কেইটাত দলীয় প্ৰাৰ্থীৰ পক্ষত নিৰ্বাচনী বতাহ বলাব বুলি আশা কৰিছিল বিজেপি দলে।