Logo
image

শীঘ্ৰে হেল্পলাইন নম্বৰঃ ‘কা’ৰ জৰিয়তে নাগৰিকত্ব পাবলৈ ধৰ্মীয় উৎপীড়নৰ প্ৰমাণ নালাগে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ বিধি জাৰি কৰাৰ লগে লগে অসমকে ধৰি দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ হোৱাৰ বিপৰীতে দেশৰ আন একাংশ শৰণাৰ্থীৰ মুখলৈ আনিছে হাঁহি৷ সোমবাৰে নৰেন্দ্ৰ মোদী চৰকাৰে ‘কা’ৰ বিধি প্ৰস্তুত কৰি আনুষ্ঠানিক জাননী জাৰি কৰাত বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা অহা অ-মুছলমান লোকে নাগৰিকত্বৰ আবেদনৰ বাবে সাজু হৈছে৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ‘কা’ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ অনলাইন আবেদনৰ বাবে ৱেবছাইট indiancitizanshiponline.nic.in মুকলি কৰাৰ লগতে মোবাইল এপ্লিকেশ্বনো মুকলি কৰিছে৷ বুধবাৰে পুনৰ গৃহ মন্ত্ৰণালয়ে আন এটা নিৰ্দেশনাযোগে ‘কা’ৰ জৰিয়তে আবেদনৰ সুবিধাৰ বাবে অতি শীঘ্ৰে বিনামূলীয়া হেল্পলাইন নম্বৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷ আবেদনকাৰীয়ে অনলাইন আবেদনৰ সময়ত অসুবিধাৰ সন্মুখীন হ’লে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ হেল্পলাইন নম্বৰত ফোন কৰি সহায় ল’ব পাৰিব বুলিও স্পষ্ট কৰিছে৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতত আশ্ৰয় লোৱা অ-মুছলমান শৰণাৰ্থীক নাগৰিকত্বৰ বাবে ‘কা’ বলৱৎ কৰা বুলি প্ৰচাৰ চলালেও বাস্তৱত ভাৰতীয় নাগৰিকত্বৰ বাবে বিদেশী নাগৰিকে ধৰ্মীয় উৎপীড়নৰ কোনো প্ৰমাণ দিব নালাগে৷ সোমবাৰে গৃহ মন্ত্ৰণালয়ে ‘কা’ৰ বিধি প্ৰস্তুত কৰি জাৰি কৰা জাননীত আবেদনকাৰী শৰণাৰ্থীসকলৰ ধৰ্মীয় উৎপীড়নৰ বলি হোৱাৰ প্ৰমাণ-পত্ৰৰ আৱশ্যকীয়তা নিয়মাৱলী প্ৰকাশ কৰা নাই৷ ‘কা’ৰ নিয়মাৱলীত আবেদনকাৰীয়ে আফগানিস্তান বা বাংলাদেশ বা পাকিস্তানৰ নাগৰিক বুলিহে প্ৰমাণ-পত্ৰ দিব লাগিব৷ নিজ নিজ দেশত সংখ্যালঘু হিচাপে ধৰ্মীয় উৎপীড়ন বা নিৰ্যাতনৰ কোনো প্ৰমাণ দিয়াৰ প্ৰয়োজনীয়তা নাই৷ আবেদনকাৰীয়ে বাংলাদেশ বা পাকিস্তান বা আফগানিস্তানৰ নাগৰিক বুলি প্ৰমাণ কৰিবলৈ তফছিল ১(ক)ত মুঠ জ্ঝবিধ নথি তালিকাভুক্ত কৰিছে৷ উক্ত ৯বিধ নথিৰ ভিতৰত যিকোনো এবিধ নথি দাখিল কৰি অনলাইনযোগে ৫০ টকা মাচুল পৰিশোধ কৰি আবেদন কৰিব পাৰিব৷ ইয়াৰোপৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহাৰ প্ৰমাণ হিচাপে তফছিল ১(খ)ত তালিকাভুক্ত ২০বিধ নথিৰ যিকোনো এবিধ নথি বিকল্প হিচাপে আবেদন-পত্ৰৰ সৈতে আপলোড কৰিব লাগিব৷ অৱশ্যে এই নথিসমূহৰ ক্ষেত্ৰভিত্তিক পৰীক্ষণৰ সন্দৰ্ভত কোনো স্পষ্ট তথ্য প্ৰকাশ কৰা নাই যদিও নাগৰিকত্ব আবেদন জিলা পৰ্যায়ৰ কমিটীয়ে পৰীক্ষা কৰি চূড়ান্ত অনুমোদনৰ বাবে উচ্ছ ক্ষমতাসম্পন্ন ৰাজ্যিক পৰ্যায়ৰ কমিটীলৈ প্ৰেৰণ কৰিব৷ শেষত এই কমিটীয়ে নাগৰিকত্বৰ প্ৰমাণ-পত্ৰ দিব৷ অৱশ্যে নাগৰিকত্ব সংশোধনী আইন অনুসৰি নাগৰিকত্বৰ বাবে ভাৰতত বসবাস কৰাৰ সময় ১৪ বছৰৰ পৰা ৫ বছৰলৈ হ্ৰাস কৰিছে যদিও আবেদনকাৰীয়ে কেৱল বিগত ৯টা বছৰ ক’ত আছিল তাৰ ঠিকনা উল্লেখ কৰিলেই হ’ব৷ ইয়াৰ কোনো প্ৰমাণৰ প্ৰয়োজন নাই৷