Logo
image

মুখ্যমন্ত্ৰীৰ বিপৰীত ভাষ্য প্ৰদেশ বিজেপিৰ সভাপতিৰঃ ‘কা’ৰ জৰিয়তে অসমত নাগৰিকত্ব পাব ২০ লাখে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১৪ মাৰ্চঃ অসমবাসীৰ প্ৰৱল প্ৰতিবাদকো কেৰেপ নকৰি ক্ষমতাৰ বলত কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে অৱশেষত জাতিধবংসী নাগৰিকত্ব সংশোধনী আইনৰ বিধি জাৰি কৰিলে৷ স্বাভাৱিকতেই ‘কা’ৰ জৰিয়তে এতিয়া ইনাৰ লাইন পাৰ্মিট (আই এল পি) আৰু ষষ্ঠ অনুসুচীৰ অধীনৰ মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ, অৰুণাচল প্ৰদেশৰ লগতে অসমৰ বিটিএডি, ডিমা হাচাও আৰু কাৰ্বি আংলঙত ‘কা’ প্ৰযোজ্য নহয় যদিও কেৱল বৰাক আৰ ব্ৰহ্মপুত্ৰ উপত্যকাই বোজা বহন কৰিব লাগিব উত্তৰ পূৰ্বৰ সমস্ত হিন্দু বাংলাদেশীৰ৷ অবৈধ বাংলাদেশীৰ সম্প্ৰতি চৰণীয়া পথাৰলৈ পৰিণত হোৱা অসমত ‘কা’ৰ জৰিয়তে কিমান সংখ্যাক হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব, তাক লৈ এতিয়া যেন ৰাজ্যবাসীৰ দুঃচিন্তা বৃদ্ধি পাব ধৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিগত সময়ছোৱাত নগণ্য সংখ্যক হিন্দু বাংলাদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি দাবী কৰাৰ লগতে যদিহে ২০ লাখ লোকে ‘কা’ৰ জৰিয়তে তেনেহ’লে তেওঁ নিজেও ইয়াৰ বিৰোধিতাৰে  আন্দোলন কৰিব বুলি ঘোষণা কৰিছে৷ আনকি জালুকবাৰী সমষ্টিত ২ হাজাৰ আৰু বৰাকত কিছু বেছিকৈ ৫০/৬০/৮০ হাজাৰ মানুহে নাগৰিকত্বৰ বাবে আবেদন কৰাৰ সম্ভাৱনীয়তা ব্যক্ত কৰি মঙলবাৰে সংবাদ মাধ্যমৰ আগত হিমন্ত বিশ্ব শৰ্মাই এন আৰ চিত নাম বাদ পৰা লোকৰ বাহিৰে নতুনকৈ এজন লোকে আবেদন কৰিলেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিব বুলিও ৰাজ্যবাসীক আশ্বাস দিয়াৰ দেখা গৈছিল৷ কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰেই সঁচাকৈয়ে অসমত নগণ্য সংখ্যক হিন্দু বাংলাদেশীয়েহে নাগৰিকত্ব লাভ কৰিব নেকি? কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ বিপৰীতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই দাবী কৰা ‘কা’ৰ জৰিয়তে নাগৰিকত্ব লাভ কৰিবলগীয়া বিদেশীৰ সাম্ভাব্য পৰিসংখ্যই এতিয়া সচেতন লোকৰ চকু কপালত তুলিছে৷ কিয়নো বিজেপিৰ ৰাজ্যিক সভাপতিৰ মতে ‘কা’ৰ জৰিয়তে প্ৰায় ২০ লাখ ‘ডি’ ভোটাৰে ভাৰতৰ নাগৰিকত্ব লাভ কৰিব৷ নাগৰিকত্ব লাভ কৰাৰ পাছত এইসকল হিন্দু বাংলাদেশী লোকে চৰকাৰৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰো সুবিধা লাভ কৰিব৷ বুধবাৰে এটা অনুষ্ঠানত অংশ লৈ ‘কা’ বিৰোধী প্ৰতিবাদকাৰীক কটাক্ষ কৰি প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয়– ২০ লাখ মানুহ ‘ডি’ ভোটাৰ হৈ আছে; তেওঁলোক আজিৰ নহয়, ’৭১ৰ আগৰ৷ তেওঁলোকক স্থায়ী কৰিব লাগিব৷ তাৰ কাৰণে নাগৰিকত্ব সংশোধনী আইনখন মনমোহন সিং প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত কংগ্ৰেছ চৰকাৰৰ দিনতে সংসদত আনিছিল৷ তাৰ পৰৱৰ্তী সময়ত নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত ‘কা’খন আইনত পৰিণত হ’ল৷ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰো কৰিলে৷ এতিয়া ‘কা’ৰ পদ্ধতিগত প্ৰক্ৰিয়া ১০ মাৰ্চত আৰম্ভ হৈছে৷ ‘কা’ জৰিয়তে অন্য এজনো প্ৰব্ৰজনকাৰীয়ে অসমত সোমাব নোৱাৰে৷ দেশ বিভাজনৰ সময়ত যিসকল হিন্দু, জৈন, পাৰ্চী থাকি গৈছিল, তেওঁলোকক নাগৰিকত্বৰ বাবেহে ‘কা’খন অনা হৈছে৷ সেয়েহে ‘কা’ক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই৷ এচামে যিটো কৈ আছে ‘কা’ বলৱৎ হোৱাৰ পাছত ১.৫০ কোটি প্ৰৱেশ কৰিব বুলি, সেয়া মিছা কথা৷ ‘কা’ বিধি প্ৰস্তুতৰ ২৪ ঘণ্টা হৈ গ’ল, ক’তো এজনো বিদেশীয়ে প্ৰৱেশ কৰা নাই৷ সোমাব নিদিওটো৷ আমিও অসমীয়া হয়৷ এইখন দেশ আমাৰ হয়, এইখন ৰাজ্য আমাৰ হয়৷ অনাহকত বিতৰ্কলৈ নগৈ, আই— আদালতলৈ যাওক, আদালতে যি ৰায় দিব সকলোৱে মানিবলৈ বাধ্য৷ ‘কা’ জৰিয়তে নাগৰিকত্ব পালে এইসকল ১৫-২০ লাখ মানুহে আধাৰ কাৰ্ড ৰেচন কাৰ্ডো পাব৷ তেওঁলোকে বৰ্তমান ভোট দিয়েই আছে৷ তেওঁলোক এতিয়া সুৰক্ষিত হ’ব৷