Logo
image

ইলেক্ট’ৰেল বণ্ডৰ ৯৯ শতাংশই ‘হজম’ কৰিলে ৰাজনৈতিক দলে

নতুন দিল্লী, ১৪ মাৰ্চঃ‘২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীলৈ মুঠ ২২,২১৭টা ইলেক্ট’ৰেল (নিৰ্বাচনী) বণ্ড ক্ৰয় কৰা হৈছিল৷’ উচ্ছতম ন্যায়ালয়ৰ সাৱধানবাণীৰ পাছত ভাৰতীয় ষ্টেট বেংকে বুধবাৰে দেশৰ শীৰ্ষ আদালতখনক এক শপতনামাৰ জৰিয়তে ইলেক্ট’ৰেল বণ্ডৰ ৯৯ শতাংশই ৰাজনৈতিক দলসমূহে ‘হজম’ কৰাৰ তথ্য অৱগত কৰে৷ ষ্টেট বেংকে শপতনামাখনত উল্লেখ কৰা মতে ২০১৯ চনৰ এপ্ৰিলৰ পৰা ২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীলৈকে পাঁচ বছৰত মুঠ ২২,২১৭টা নিৰ্বাচনী বণ্ড কিনা হৈছিল আৰু তাৰে ২২,০৩০টা বণ্ড বিভিন্ন ৰাজনৈতিক দলসমূহে ভাঙি লৈছিল৷ বাকী থকা ১৮৭টা বণ্ডৰ ধন প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিত জমা হয়৷ উল্লেখ্য, ৰাজনৈতিক দলসমূহে লাভ কৰা নিৰ্বাচনী বণ্ডসমূহ নাভাঙিলে তাৰ সমস্ত ধন নিয়ম অনুসৰি প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিত জমা হয়৷ আজি দাখিল কৰা শপতনামাত ইতিমধ্যে এটা পেনড্ৰাইভত নিৰ্বাচনী বণ্ড সংক্ৰান্তীয় সমস্ত তথ্য নিৰ্বাচন আয়োগক জমা দিয়া বুলিও ষ্টেট বেংক কতৃৰ্পক্ষৰ পৰা উল্লেখ কৰা হৈছে৷ স্মৰ্তব্য যে যোৱা ১৫ ফেব্ৰুৱাৰীত উচ্ছতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়যোগে নিৰ্বাচনী বণ্ড আঁচনিক অসাংবিধানিক বুলি উল্লেখ কৰাৰ লগতে উক্ত আঁচনি বাতিল কৰিছিল৷ শীৰ্ষ আদালতখনে উল্লেখ কৰা মতে নিৰ্বাচনী বণ্ডৰ জৰিয়তে যিসকলে ৰাজনৈতিক দলসমূহক ধনৰ যোগান ধৰে, তেওঁলোকৰ সৈতে থকা দলসমূহৰ বুজাবুজিৰ বিষয়ে ৰাইজ অৱগত হ’ব নোৱাৰে৷ তদুপৰি ধনৰ জৰিয়তে চৰকাৰী নীতি-নিয়মক কেনেদৰে প্ৰভাৱিত কৰা হৈছে সেই বিষয়েও সাধাৰণ ৰাইজে জানিব নোৱাৰে৷ ইয়াৰ ফলত নাগৰিকসকলৰ তথ্য জনাৰ অধিকাৰ খৰ্ব হোৱা বুলি উল্লেখ কৰি শীৰ্ষ আদালতখনে অৱিলম্বে ভাৰতীয় ষ্টেট বেংকক নিৰ্বাচনী বণ্ড ইচ্ছ্যু কৰা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বণ্ডৰ সমস্ত তথ্য নিৰ্বাচন আয়োগক জমা দিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ বাবে ন্যায়ালয়ে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিয়ে৷ কিন্তু নিৰ্ধাৰিত সময় পাৰ হ’বলৈ মাত্ৰ দুটা দিন থকা অৱস্থাত ষ্টেট বেংকে বণ্ডৰ সমস্ত তথ্য জমা দিবলৈ ৪ মাহৰ সময় বিচাৰে৷ কিন্তু আদালতে ষ্টেট বেংকৰ উক্ত আবেদন মানি নোলোৱাৰ লগতে ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰাৰ বাবে বেংক কতৃৰ্পক্ষক ভৎৰ্সনা কৰে৷ যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে আয়োগক বণ্ডৰ হিচাপ দাখিল কৰে৷ আজি ন্যায়ালয়ত দাখিল কৰা শপতনামাত ষ্টেট বেংকে জনায় যে নিৰ্বাচন আয়োগৰ ওচৰত জমা দিয়া পেন ড্ৰাইভটোত কোনে কোন দলক কেতিয়া কিমান টকা দিছে বা কোন উৎসৰ পৰা কোন দলে কিমান ধন লাভ কৰিছে তাৰ সমস্ত বিৱৰণ আছে৷ পেনড্ৰাইভটোত দুটা পিডিএফ ফাইলত তথ্যসমূহ দিয়া হৈছে আৰু ফাইলকেইটা পাছৱাৰ্ডযুক্ত বুলিও উল্লেখ কৰা হৈছে৷ এতিয়া সকলোৰে অপেক্ষা ১৫ মাৰ্চলৈ৷ কিয়নো ১৫ মাৰ্চত আয়োগে নিজৰ ৱেবছাইটেৰে ৰাজহুৱা কৰিব পেনড্ৰাইভত থকা নিৰ্বাচনী বণ্ডৰ তথ্য৷ তেতিয়াই পোহৰলৈ আহিব, কোনে কোন দলক কেতিয়া কিমান টকা যোগান ধৰিছে৷